ধূমপান নৱপ্ৰজন্মৰ পৰা ধৰি ডাঙৰ সকলেয়ো সেৱন কৰা দেখা পোৱা যায় আজিৰ দিনত । দিনক – দিনে ইমানেই ধূমপান সেৱন বৃদ্ধি পাব ধৰিছে । ই স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক । এই কথা জানিও সেৱন কৰাটো বন্ধ নকৰে আন একাংশই । এই ধূমপান সেৱনে যে কিমান এটা ডাঙৰ বিপদ ঘটাব পাৰে তাৰ প্ৰতি অলপো সচেতন নহয় জনসাধাৰণ আজিৰ দিনত । কিমান ডাঙৰ ডাঙৰ বেমাৰৰ সন্মুখীন হ’ব লগা হ’ব পাৰে এই কথা লক্ষ্য নকৰে । বিড়ি , চিগাৰেট , গুটখা জাতীয় বস্তু অতিমাত্ৰা সেৱন কৰি কৰি নিজৰ দেহলৈ বেমাৰ নিজেই চপাই লোৱা ধৰণৰ হ’ব ধৰিছে । সকলো জানি বুজিও চিগাৰেট সেৱনৰ বদ অভ্যাস ত্যাগ কৰিব পৰা নাই । ধূমপান অত্যন্ত বিষাক্ত পদাৰ্থ । ধূমপানৰ অপকাৰিতাৰ বিষয়ে মানুহে জানে যদিও ধূমপান কমি যোৱা নাই ।
ধূমপান বন্ধ হ’ব লাগে , বিভিন্ন ধৰণৰ ধঁপাত , গুটখা , বিড়ি , চিগাৰেট , জৰদা আদিৰ বিপনীসমূহ বন্ধ হ’বৰ বাবে প্ৰতিবাদ হ’ব লাগে এই বিষয়ত । এইবোৰৰ নিচা ইমানেই লগাই লৈছে যে ভাত – পানী , খোৱা – বোৱাৰ কথা মনলৈকে নাহে সেৱন কৰা লোক সকলৰ । ইমানেই বেছিকৈ আসক্ত হৈ পৰিছে এইবোৰ সেৱন কৰা প্ৰতি , যিয়েই নিকি খাব নাপালে ঘৰত হূলস্থূল লগাই , চিঞৰ বাখৰ লগাই মানুহ মাৰিবলৈকো কুণ্ঠাবোধ নকৰা ধৰণৰ । ড্ৰাগছ , মদ , নিচা জাতীয় এইবোৰ সেৱন কৰাৰ ফলত বিভিন্ন ধৰণৰ বেমাৰ ! যেনে :– ডায়েবেটিছ ,
কৰ্কট ৰোগ , হৃদৰোগ , হাঁওফাঁওৰ ৰোগ আদি হোৱাৰ আশংকা থাকে । চিগাৰেট সেৱনৰ ফলত হাওঁফাঁওৰ কেন্সাৰ , হৃদৰোগ , ষ্ট্ৰ’ক , এজমা আদি হয় । এইবোৰ সেৱনৰ ফলত কিমান মানুহ মৃত্যুৰ মুখত পৰিছে । ধূমপান নকৰোঁ বুলি নিজেই নিজক প্ৰতিজ্ঞা কৰিব লাগে । নিজৰ মনটোক ডাঠ কৰি কওঁক নিজেই নিজক এইবোৰ ত্যাগ কৰিলোঁ বুলি । ধূমপান সেৱন কৰিলে যে সেৱন কৰাজনৰ হে ক্ষতি বুলি কথা নহয় কাষত থকাজনৰো বিপদ আহিব পাৰে অকস্মাৎতে । দৃঢ় প্ৰতিজ্ঞা কৰিব লাগে নিজেই নিজক । আৰু আনকো ক’ব লাগে যে ধূমপান এৰিছে বুলি ।
গতিকে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক এইবোৰ সেৱন কৰাটো বন্ধ কৰিব লাগে , আৰু এবাৰলৈয়ো নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হোৱা উচিত । এইবোৰ সেৱন কৰি কি পায় ! বৰঞ্চ নিজলৈ বিপদ মাতি অনাৰ বাহিৰে আন একো নাই । নিজৰ বেমাৰ নিজেই চপাই লোৱাৰ সলনি যদি নিজেই নিজৰ স্বাস্থ্যটোৰ প্ৰতি সজাগ হৈ এই ধূমপান জাতীয় বস্তুৰ বিৰোধিতা কৰি ত্যাগ কৰি ধূমপান মুক্ত কৰিবলৈ আগবাঢ়িব লাগে । তেতিয়াহে ধূমপান নোহোৱা হ’ব আমাৰ সমাজত ।
নাম :— লখিমী শৰ্মা
ঠিকনা :— যোৰহাট