Breaking

গৰমৰ দিনত খাবলৈ মন নােযাৱাৰ কাৰণ জানক…

0 28

গ্ৰীষ্ম আহি আমাৰ হাড় কপোৱা ঠাণ্ডাৰ অন্ত পেলালে। শীতৰ ধূলিৰ ধূসৰিত দিনবোৰৰ অন্ত পেলাই লৈ আহিল বৰষাৰ বতৰা। গৰম পৰাৰ লগে লগে আৰম্ভ হয় প্ৰখৰ ৰ’দৰ প্ৰকোপ। এই ৰ’দৰ প্ৰকোপত আমাৰ শৰীৰৰ পৰা ওলোৱা ঘামত নানান ফাংগাল ইনফেকচন হোৱা দেখা যায়। ইয়াৰ উপৰিও অলপতে ভাগৰি পৰা, পেটৰ অসুখ, মুখত নানান ধৰণৰ ফোঁহা, গুটি, ফুড পয়জনিং আদি বিভিন্ন সমস্যাই আমাক বিব্ৰত কৰি তোলে।

সেয়ে এই গৰমত সুস্থ থকাৰ বাবে প্ৰাথমিক কিছুমান প্ৰস্তুতি ল’ব লাগে। ঘৰতেই হওক বা বাহিৰতেই হওক, কেতিয়া কি খাদ্য খোৱাৰ প্ৰয়োজন, কি ধৰণৰ সাজ-পোছাক পিন্ধিলে গোটেই দিনটো আৰামত থাকিব পৰা যায়, গোটেই দিনটোৰ ভিতৰত কিমান সময় ব্যায়াম কৰিলে, কি খাদ্য খালে সু-স্বাস্থ্যৰ অধিকাৰী হ’ব পাৰি, কি সাজ-পাৰৰ লগত কি ধৰণৰ মেক-আপ কৰিলে দেখাতো ধুনীয়া হ’ব পাৰি আৰু আৰামো পোৱা যায় ইত্যাদি কথা জানি থ’লে আৰু সতৰ্কতা অৱলম্বন কৰিলে গৰমতো সুন্দৰ হৈ থাকিব পাৰিব।

পৰ্য্যাপ্ত পৰিমাণে পানী খাব

গৰমৰ দিনত দিনে অন্তত: ২ লিটাৰ পানী খাব লাগে। বাটাৰ মিল্ক, নেমুৰ চৰবত, ডাবৰ পানী,দৈ এইবিলাকৰ ভিতৰত যিকোনো এবিধ বস্তু খালেই ডিহাইড্ৰেছনৰ পৰা মুক্তি পাব। গৰমৰ সময়ত ঘামৰ যোগেদি শৰীৰৰ পানী কমি যায়, সেই কাৰণে শৰীৰৰ তৰল পদাৰ্থ ঠিক ৰাখিবৰ কাৰণে যথেষ্ট পানী খাব লাগে।

পাতল আহাৰ খাব
গৰম দিনত বেছি মছলাযুক্ত আহাৰ খোৱাৰ পৰিৱৰ্তে ফ্ৰেচ আৰু কম প্ৰ’টিনযুক্ত আহাৰ খাব লাগে, যাতে সহজেই হজম হৈ যায়। বিলাহীয়ে শৰীৰ ঠাণ্ডা ৰাখে, সেয়ে এই বিলাহী চালাড কৰি, মাছ বা মাংসৰ লগত বনায়ো খাব পাৰে। ভিটামিন এ ভিটামিন চি ৰে সমৃদ্ধ বিলাহী সদায়েই খাব লাগে। গৰমৰ দিনত বেছিকৈ খাবলৈ মন নাযায়, সেয়ে কেইবাবাৰো কম কমকৈ দিনটোত খাব লাগে। ফ্ৰীজত বেছিদিন বস্তু থৈ নাখাব। মাখন পাৰিলে গৰমত খাব নালাগে, কিয়নো ই সহজে হজম নহয় আৰু পেট গধুৰ লাগি থাকি অস্বস্তি ভাব এটা সকলো সময়তে থাকি যায়। হোটেল বা ৰেষ্টুৰেন্টত খোৱাতকৈ ঘৰতে ৰন্ধা আহাৰ খাব লাগে।

পুৱাৰ জলপান নোখোৱাকৈ থাকিব নালাগে

গোটেই দিনটো ফ্ৰেচ আৰু ফিট হৈ থাকিবৰ বাবে পুৱাৰ জলপান কেতিয়াই নোখোৱাকৈ থাকিব নালাগে। ৰুটি, তৰকাৰী, চিৰা, দৈ, কল আদি খাব পাৰে। ব্ৰেকফাষ্ট সদায়ে সময়মতে কৰিলে শৰীৰত অতিৰিক্তভাৱে মেদ হোৱাটোত বাধা দিব পাৰে।

গৰমৰ সমস্যাৰ পৰা ৰেহাই পাবলৈ কি কি খাব?

  • হনী ব্ৰেডত থকা জিংকে ৰ’দে পোৰা ছালৰ কোলাজেন পুনৰ্গঠন কৰাত সহায় কৰে, সেয়ে হনী ব্ৰেড খালে সুফল লাভ কৰিব। ভিটামিন এ বিটা কেৰাটিনসমৃদ্ধ গাজৰ খালে ছালৰ টিছুবিলাকৰ গঠন ভাল হয়। ভিটামিন বি আৰু চি ৰে পৰিপূৰ্ণ ফল নেমু, তৰমুজ আদি শুকান ছালৰ কাৰণে উপকাৰী।
  • টেঙা দৈ গৰমৰ কাৰণে বৰ উপকাৰী। টেঙা দৈত থকা কাৰ্বহাইড্ৰেট আমাৰ শৰীৰত শক্তিৰ সৰবৰাহ কৰে। প্ৰ’টিন আৰু জিংকে টিছুবিলাক গঠন কৰে। মেগনেছিয়াম আৰু কেলছিয়ামে মাংসপেশী ভাল কৰে। ইয়াৰ উপৰিও এই দৈত ভিটামিন বি কমপ্লেক্স যথেস্ত পৰিমাণে আছে।
  • ঠাণ্ডা গৰম হৈ থকা সময়টোত অলপতে পানী লগা, কাহ আদি হৈ থকা দেখা যায়। সেয়ে এই সময়ত চালাড, দৈ ভাত, ভিটামিন বি কমপ্লেক্স আৰু ভিটামিন চি ৰে পৰিপূৰ্ণ আহাৰ খালে চৰ্দি, গৰমৰ পৰা ৰক্ষা পাব পাৰি।
Leave A Reply

Your email address will not be published.