Breaking

কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ শপত গ্ৰহণঃ পূৰ্বঘোষিত ১২৫ কোটি মোকলাই দিয়াৰ দাবী

0 1,367

 প্ৰণৱ নাৰায়ন দেৱ নেতৃত্বাধীন কুৰিজনীয়া কোচ ৰাজবংশী উন্নয়ন পৰিষদখনে আজি শপত গ্ৰহণ কৰি জনগোষ্ঠীটোৰ সামগ্ৰিক বিকাশৰ স্বাৰ্থত কাম কৰি যোৱাৰ বাবে অঙ্গীকাৰ কৰে৷ দিছপুৰৰ ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন সঞ্চালকালয়ত আজি পৰিষদৰ অধ্যক্ষ প্ৰণৱ নাৰায়ন দেৱ, উপাধ্যক্ষ ভিক্টৰ দাস আৰু কেইবাগৰাকীও সদস্যই শপত গ্ৰহণ কৰে৷ ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন বিভাগৰ  সঞ্চালক ভৱানী প্ৰসাদ শৰ্মা, উপ সঞ্চালক যাদৱ পেগু এই অনুষ্ঠানত উপস্থিত থাকে৷ শপত গ্ৰহণ কৰি অনাগত দিনত জনগোষ্ঠীটোৰ উন্নয়নৰ কাৰণে ঐক্যবদ্ধভাৱে সততা, নিষ্ঠা আৰু একাগ্ৰতাৰে উন্নয়ন পৰিষদৰ প্ৰতিগৰাকীয়েই দায়িত্ব পালন কৰি যাব মন্তব্য কৰে অধ্যক্ষ গৰাকীয়ে৷ ইফালে পূৰ্বৰ সৰ্বানন্দ সোণোৱাল চৰকাৰে ঘোষণা কৰা মুখ্যমন্ত্ৰীৰ এককালীন বিশেষ আৰ্থিক পেকেজৰ ১২৫ কোটি টকা কেৱল টাই আহোম জনগোষ্ঠীয়েহে লাভ কৰিলে যদিও কোচ ৰাজবংশী জনগোষ্ঠী লগতে আন চাৰি জনগোষ্ঠীয়ে লাভ নকৰা বুলি সদৰি কৰি বাকী কেইটা জনগোষ্ঠীৰ লগতে কোচ ৰাজবংশী সকলৰ সামগ্ৰিক বিকাশৰ স্বাৰ্থত শীঘ্ৰেই কোচ ৰাজবংশী উন্নয়ন পৰিষদক ১২৫ কোটিৰ বিশেষ পুঁজি মুকলি কৰি দিয়াৰো দাবী জনাইছে অধ্যক্ষ প্ৰণৱ নাৰায়ণ দেৱে৷ আনহাতে উন্নয়ন পৰিষদৰ হাতত বৰ্তমান ৩৬.৬৮ লাখ টকা জমা থকাৰ কথা সদৰি কৰি এইখিনি পুঁজি কোচ ৰাজবংশী জনগোষ্ঠীৰ সাংস্কৃতিক উন্নয়নৰ বাবে খৰছ কৰিব বুলিও সদৰি কৰিছে৷

Leave A Reply

Your email address will not be published.