Kolkata News: কলকাতাত চকলেটৰ লোভ দেখুৱাই ৭ বছৰীয়া কন্যা শিশুৰ সৈতে অপকৰ্মঃ আদালতে মৃত্যুদণ্ড বিহিলে এজনক

দৈনন্দিন বাৰ্তা, ২৮ ছেপ্টেম্বৰঃ এটি ৭ বছৰীয়া কিশোৰীক ধৰ্ষণৰ পিছত হত্যা কৰি বস্তাৰ ভিতৰত মৃতদেহ ভৰাই থোৱা এজন লোকক অৱশেষত আদালতে মৃত্যুদণ্ড বিহিলে। ঘটনা সংঘটিত হোৱাৰ ডেৰ বছৰৰ পাছত কলকাতাৰ এখন আদালতে ধৰ্ষণকাৰীক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিলে।(Kolkata News)

আদালতে এই অপৰাধটো “বিৰলতকৈ বিৰল” শ্ৰেণীৰ অন্তৰ্গত বুলি ধৰি লয় আৰু স্কটিছ দাৰ্শনিক তথা অৰ্থনীতিবিদ এডাম স্মিথৰ উদ্ধৃতি দি বৃহস্পতিবাৰে শাস্তি ঘোষণা কৰে। স্পেছিয়েল প্ৰটেকচন অৱ চিলড্ৰেনছ এগেইনষ্ট চেক্সুৱেল অফেন্স (POCSO) আদালতে কয় যে, “দোষীসকলৰ প্ৰতি কৰা দয়া নিৰীহৰ প্ৰতি কৰা নিষ্ঠুৰতা” ২০২৩ চনৰ ২৬ মাৰ্চৰ পুৱা কলকাতাৰ তিলজালা অঞ্চলত সংঘটিত হৈছিল এই নাৰকীয় কাণ্ড।

শিশুটিৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত কলকাতা আৰক্ষীয়ে ব্যাপক তালাচী আৰম্ভ কৰিছিল আৰু পিছদিনা সন্ধিয়া, চুবুৰীয়া লোক এজনৰ ফ্লেটৰ পাকঘৰৰ ভিতৰত বস্তাত শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। চুবুৰীয়াজনক আলোক কুমাৰ শ্ব’ বুলি চিনাক্ত কৰা হৈছিল।(Kolkata Court Sentences Death Penalty)

তদন্তত জানিব পৰা গৈছে যে তেওঁ কিশোৰীগৰাকীক চকলেট দিয়া লোভ দেখুৱাই অপহৰণ কৰি ধৰ্ষণ আৰু হত্যা কৰা হৈছিল। এই ঘটনাই অঞ্চলটোত ক্ষোভৰ সৃষ্টি কৰাৰ লগতে প্ৰতিবাদকাৰীয়ে কেইবাখনো গাড়ী জ্বলাই দিছিল। প্ৰতিবাদকাৰীয়ে এখন থানাও ভাঙি লণ্ডভণ্ড কৰিছিল।

কলকাতা আৰক্ষীৰ অপৰাধ তদন্তকাৰী শাখাই এই গোচৰৰ তদন্ত কৰি ১৬ জুনত অভিযোগনামা দাখিল কৰে। যোৱা ২৪ জুলাইত বিশেষ POCSO আদালতৰ সন্মুখত অভিযোগৰ গতিগোত্ৰ লগোৱা হয় আৰু বৃহস্পতিবাৰে আদালতে লোকজনৰ মৃত্যুদণ্ডৰ ৰায়দান কৰে।

আদালতে কয় যে ৭ বছৰীয়া শিশুটিক যি ধৰণে যৌন নিৰ্যাতন আৰু হত্যা কৰা হৈছে, সেই ঘটনাই অপৰাধটোক “বিৰল গোচৰৰ ভিতৰত আটাইতকৈ বিৰল” শ্ৰেণীত স্থান দিছে।(rarest of rare)

Related Articles