Breaking

অসমৰ লগতে দেশ-বিদেশৰ ১০০ টা চিনেমা হলত মুক্তি হ’ব ‘কুকি’, ‘কুকি’ মুক্তিৰ তাৰিখ জানি লওক…

0 18

২৮ জুনত অসমৰ লগতে দেশ-বিদেশৰ ১০০  টা চিনেমা হলত মুক্তি হ’ব ‘কুকি’। অসমীয়া কলা সংস্কৃতিৰ সংমিশ্ৰণত নিৰ্মাণ কৰা হৈছে হিন্দী চলচ্চিত্ৰ ‘কুকি’। ‘কুকি’ চলচ্চিত্ৰৰ জৰিয়তে এগৰাকী কিশোৰীৰ নিৰ্মম বাস্তৱ কাহিনী উদ্ভাসিত কৰা হৈছে।

আচলতে ‘কুকি’ এক আন্দোলন। এই আন্দোলনত জয়ী হ’ব লাগিলে ন্যায় ব্যৱস্থা কঠোৰ হ’ব লাগিব, প্ৰশাসন যন্ত্ৰ আৰু সমাজৰ সকলো সচেতন হ’ব লাগিব। তেতিয়াহে ‘কুকি’য়ে সন্মুখীন হোৱাৰ দৰে অবাঞ্চিত পৰিবেশ পৰিস্থিতিৰ পৰা সকলো কিশোৰী – যুৱতী ৰক্ষা পৰিব।’ – এই ভাষ্য হিন্দী চলচ্চিত্ৰ ‘কুকি’ৰ কাহিনীকাৰ ডাঃ জুনমণি খাউণ্ডৰ। মঙলদৈ প্ৰেছ ক্লাবত ‘কুকি’ চলচ্চিত্ৰৰ কলা-কুশলি সকলে দৰঙৰ সাংবাদিক সকলৰ লগত এক মত- বিনিময়  কৰে। অহা ২৮ জুনত অসমকে ধৰি দেশৰ ১০০ টা ছবিগৃহত চলচ্চিত্ৰ খন মুক্তি দিয়া হ’ব লগতে একেদিনাই চুবুৰীয়া ৰাষ্ট্ৰ নেপালৰ ছবিগৃহতো মুক্তি লাভ কৰিব কুকি। আনহাতে আমেৰিকা, কানাডা, ইণ্ডোনেছিয়া, ফ্ৰান্স আদি দেশৰ চিনেমা হলতো পৰ্যায়ক্ৰমে চলচ্চিত্ৰ খন মুক্তি দিয়া হ’ব বুলি কয় ডাঃ জুনমণি খাউণ্ডে।

এই অনুষ্ঠানত উপস্হিত থাকে বিশিষ্ট চলচিত্ৰ পৰিচালক সমৰেন্দ্ৰ নাৰায়ন দেৱ। চলচ্চিত্ৰখনৰ নাম ভূমিকাত অভিনয় কৰা ৰিতিশা খাউণ্ড  তদুপৰি এই চলচ্চিত্ৰখনত অভিনয় কৰা  মুম্বাইৰ বিশিষ্ট অভিনেতা ৰাজেশ টাইলাং, ৰিতু শিবপুৰী, দেৱলীনা ভট্টাচার্য, দীপান্বিতা শর্মা, বোধিসত্ব শর্মা,  বিভূতি ভূষণ হাজৰিকা, মনোজ বৰকটকী, মৃগেন্দ্র নাৰায়ণ কোঁৱৰ, কমল লোচন, বনদীপ শর্মা।ছবিখনৰ পৰিচালক প্রণব জে ডেকা, চিনেমাট’গ্রাফী জ্ঞান গৌতম, সংগীত পৰিচালনা পল্লব তামুলী আৰু সৌৰভজ্যোতি মহন্তৰ। সম্পাদনা ঝুলন কৃষ্ণ মহন্ত, শব্দ সংযোজন অমৃত প্রীতম (মুম্বাই), শব্দ মিশ্রণ দেবজিৎ চাংমাই (মুম্বাই)।

Leave A Reply