কৃষি বিজ্ঞান কেন্দ্ৰ শিৱসাগৰৰ উদ্যোগত “বিশ্ব মাহজাতীয় শস্য দিৱস” উদযাপন

ফুলপানী বৰুৱা গাওঁ পঞ্চায়ত কাৰ্যালয়ত শিৱসাগৰ নাজিৰাস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ দ্বাৰা “বিশ্ব মাহজাতীয় শস্য দিৱস” (World Pulses Day) ১০ ফেব্ৰুৱাৰীত সফলতাৰে  উদযাপন কৰা হয়। এই অনুষ্ঠানটিত কৃষি বিজ্ঞান কেন্দ্ৰটোৰ মুৰব্বী তথা জেষ্ঠ্য বিজ্ঞানী ড০ প্ৰদীপ সন্দিকৈ দেৱকে প্ৰমুখ্যে  কেন্দ্ৰটো আৰু পঞ্চায়তখন উভয়ৰে বিষয়াসকলৰ লগতে গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনিৰ অন্তৰ্গত শিৱসাগৰত থকা অসম কৃষি বিশ্ববিদ্যালয়ৰ চতুৰ্থ বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকল আৰু অঞ্চলটোৰ কেইবাজনো কৃষক উপস্থিত থাকে। কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষি অৰ্থনীতি বিভাগৰ বিশেষজ্ঞা ড০ তৃঞ্চালী শইকীয়াই সভাৰ উদ্দেশ্য ব্যাখ্যাৰ জৰিয়তে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে।

অনুষ্ঠানটিত ড০ প্ৰদীপ সন্দিকৈদেৱে মাহজাতীয় শস্য দিৱসৰ তাৎপৰ্য ওপৰত বিষদভাৱে অৱগত কৰে। তাৰ পাছতে কৃষি বিজ্ঞান কেন্দ্ৰটোৰ ভূমি-বিজ্ঞান বিভাগৰ বিশেষজ্ঞা ড০ অৰুন্ধতী বৰদলৈয়ে মাটিৰ গুণাগুণ উন্নীতকৰণত মাহজাতীয় শস্যৰ ভূমিকা সম্পৰ্কে কৃষকসকলৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰে । অনুষ্ঠানটিত কৃষি বিজ্ঞান কেন্দ্ৰৰ শস্য বিজ্ঞান বিভাগৰ বিশেষজ্ঞা ড০ প্ৰিয়ংকা দত্তৰ লগতে উপস্থিত কৃষকসকলৰ মাজৰ কেইজনমানেও এই দিৱসৰ ওপৰত বক্তৃতা প্ৰদান কৰে।বক্তৃতাৰ মুল বিষয়বস্তু আছিল আমাৰ দৈনন্দিন জীৱনৰ পুষ্টি পুৰণ আৰু মাটিৰ উৰ্ব্বৰতা বৃদ্ধিত মাহজাতীয় শস্যৰ ভূমিকা তথা গাঁও অঞ্চলত এনে কৃষিৰ দ্বাৰা হ’ব পৰা লাভালাভৰ সম্ভাৱনা। এনেধৰনৰ অনুষ্ঠানৰ জৰিয়তে কৃষকসকল যথেষ্ট উপকৃত হ’ব বুলি স্থানীয় ৰাইজে মতামত প্ৰকাশ কৰে।

Related Articles