Breaking

বকোত সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সম্পাদিকা কৃষ্ণা দাসক সম্বৰ্ধনা

0 2,042

কামৰূপ জিলাৰ বকোত আজি সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সম্পাদিকা কৃষ্ণা দাসে পদাৰ্পণ কৰি কংগ্ৰেছ দলৰ কৰ্মীবৃন্দক উৎসাহিত কৰি তোলে৷
উল্লেখ্য যে সমাগত অসম বিধান সভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাত বকো সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ মাজত নিজ নিজ দলৰ সাংগঠনিক দিশ শক্তিশালী কৰি তোলা মুহূৰ্ততে বকো সমষ্টিৰ কংগ্ৰেছ দলৰ বিধায়িকা নন্দিতা দাসৰ সৈতে কংগ্ৰেছ কৰ্মীবন্দৰ মাজত ঠায়ে ঠায়ে দলীয় সংঘাট সৃষ্টি হোৱাত আন ৰাজনৈতিক দলবোৰে কুজকাৱাজ অব্যাহত ৰাখিবলৈ সুবিধা লাভ কৰিছে৷
এই লৈ দলৰ মজিয়াত চিন্তাৰ বিষয় হৈ পৰিছে। এই বিষয়টো মহিমুৰ কৰিবলৈ সমষ্টিৰ ভোটাৰৰ মাজত উপস্থিত হয় কৃষ্ণা দাস। আজি বকোৰ সোনতলীত অনুষ্ঠিত হোৱা প্ৰাইজমানি ক্ৰিকেট খেলৰ চূড়ান্ত খেলৰ বঁটা বিতৰণী সভাত সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সম্পাদিকা কৃষ্ণা দাসে উপস্থিত হৈ বঁটা প্ৰদান কৰাত কেবা সহস্ৰাধিক লোকৰ ভোটাৰ ৰাইজে কৃষ্ণা দাসক বিপুলভাৱে আদৰনী জনায়৷
উল্লেখ্য বকো সমষ্টিত ২০১৬ চনত কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থীৰ দাবী জনাই ভোটাৰৰ মাজত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল৷ আগন্তুক বিধান সভাৰ নিৰ্বাচনত বকো সমষ্টিৰ পৰা সৰ্বভাৰতীয় কংগ্ৰেছ দলৰ সম্পাদিকা পদত নিয়োজিত হৈ কৃষ্ণা দাসে প্ৰাৰ্থিত্বৰ দৌৰত নামি পৰিলে বকোত কংগ্ৰেছৰ বাবে স্হান লাভ কৰাটো নিশ্চিত বুলি ধাৰণা কৰিছে কংগ্ৰেছৰ মহলে৷
সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সম্পাদিকা কৃষা দাসৰ সৈতে সোনতলী-টুপামাৰী জিলা পৰিষদৰ সদস্য স্বাহজাহান আলী আহমেদ, ছমৰীয়া ব্লক কংগ্ৰেছৰ প্ৰাক্তন সভাপতি কুতুব উদ্দিন, মাহতলী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য আমিন ময়নুল হক, সোনতলী-চৌধুৰী পাম গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য ৰমজান আলী প্ৰমুখ্যে কৰি কংগ্ৰেছৰ জ্যেষ্ঠ কৰ্মী আবু শ্বহিদুল ইছলাম, দোস্ত খলিলুৰ ৰহমান, আব্দুল ৰেজ্জাক তৰফদাৰ, লালমিয়া , ফুলচান আলী, আমিন ময়দুল ইছলাম, আক্কাছ আলী, ৰবিউল হুছেইনে অংশ গ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.