Breaking

ভগৱানৰ বাঁহী চুৰ কৰিলে টীয়কৰ ৰাধাকৃষ্ণ মন্দিৰৰ পৰা…

0 18

টীয়কত সংঘটিত এক ঘটনাই ভাবিবলৈ বাধ্য কৰাইছে কোন দিশে গতি কৰিছে মানৱ সমাজ! দেওবাৰে নিশা টীয়ক নগৰৰ মাজমজিয়াস্থিত শ্ৰী শ্ৰী ৰাধাকৃষ্ণ মন্দিৰ মাৰোৱাৰী ঠাকুৰ বাৰীৰ মূল মূৰ্তি ৰাধাকৃষ্ণ মূৰ্তি কৃষ্ণ মূৰ্তিৰ পৰা ৰূপৰ বাঁহীটোৰ লগতে দানপাত্ৰৰ পৰা নগদ ধন চুৰি হোৱা ঘটনাই সমগ্ৰ মানৱ সমাজৰ উশৃংখলতাক প্ৰকাশ কৰিছে, লজ্জিত কৰিছে সকলোকে। জানিব পৰা মতে পুৱা মন্দিৰৰ পূজাৰীয়ে পূজা কৰিবলৈ মন্দিৰলৈ আহোতে কৃষ্ণৰ হাতত বাঁহীটো নেদেখি সকলোকে খবৰ দিয়ে।

ৰাইজ গোট খাই সমগ্ৰ পৰিবেশ অধ্যয়ন কৰি পাছফালৰ দৰ্জা ভাঙি মন্দিৰত প্ৰৱেশ কৰি এই চুৰি কাৰ্য সংঘটিত কৰিছে বুলি অনুমান কৰিছে। ইপিনে মন্দিৰৰ ষ্ট’ৰ ৰোমৰ তলা ভঙাৰ লগতে নিচেই কাষতে মন্দিৰৰ ভিতৰত গাঞ্জা প্ৰত্যক্ষ কৰিছে ৰাইজে।ভাঙৰ ৰাগিতে হয়তো এনে দুঃসাহস সংঘটিত কৰিছে বুলিও একাংশই মত প্ৰকাশ কৰিছে ৰাইজে।উল্লেখ্যযোগ্য যে স্বয়ং কৃষ্ণৰ মূৰ্তিৰ পৰা বাঁহী চোৰ হোৱা কাৰ্যত এতিয়া সমগ্ৰ টীয়কবাসী মৰ্মাহত হোৱাৰ লগতে এয়া মানৱ জাতিৰ বাবে অতি লজ্জাজনক ঘটনা বুলি অভিহিত কৰি উচিত ব্যৱস্থা বিচাৰি টীয়ক আৰক্ষীৰ কাষ চাপিছে মন্দিৰ পৰিচালনা সমিতি।

Leave A Reply