দেশপ্ৰেম নো আচলতে কি? বিখ্যাত ৰুছ সাহিত্যিক লিঅ’ টলষ্টয়ে দেশপ্ৰেম(Patriotism) সম্বন্ধে কৈছে- দেশপ্ৰেমৰ(Lachit Borphukan) আটাইতকৈ সহজ, স্পষ্ট আৰু নিঃসন্দেহ অৰ্থ শাসক সকলৰ বাবে তেওঁলোকৰ উচ্চাকাংক্ষা আৰু লোভী ইচ্ছা লাভ কৰাৰ এক উপায় আৰু শাসিত সকলৰ বাবে ক্ষমতাত থকা সকলৰ ওচৰত মানৱীয় মৰ্য্যাদা, যুক্তি, বিবেক আৰু দাসত্বৰ মোহ ত্যাগ কৰাৰ বাহিৰে আন একো নহয়।
(Patriotism is the Simplest, clearest and most indubitable signification is nothing else but a means of obtaining for the rulers ambitions and covetous desires and for the ruled the abdication of human dignity, reason, conscience and slavish enthrallment to those in power)
আনহাতে ১৯২৬ চনত সংবাদদাতালৈ লিখা এখন পত্ৰত মহাত্মা গান্ধীয়ে লিঅ’ টলষ্টয়ৰ দেশপ্ৰেমৰ সংজ্ঞাৰ লগত তেওঁৰ পাৰ্থক্য থকাৰ কথা স্বীকাৰ কৰি লিখিছিল… মোৰ দেশপ্ৰেম যথেষ্ট ধৈৰ্য্যশীল, ভাৰতৰ প্ৰতি মোৰ প্ৰেম সদায় বাঢ়িছে কিন্তু ই মোৰ ধৰ্মৰ পৰা উদ্ভৱ হৈছে আৰু সেয়েহে কোনো অৰ্থত একচেতিয়া নহয় (My patriotism is patient enough, my love for India is ever growing but it is derived from my religion and therefore in no sense exclusive) এই দুজন বিখ্যাত মনীষীৰ দেশপ্ৰেমৰ ধাৰনাৰ ওপৰত ভিত্তি কৰি এই লেখক এটা সিদ্ধান্তত উপনীত হৈছে যে দেশপ্ৰেম হ’ল ধৰ্ম,মানৱতা আৰু নিৰপেক্ষতাক প্ৰাধান্য দি আৱেগৰ দ্বাৰা পৰিচালিত হৈ আন্তৰিকতাৰে আৰু ভক্তিৰে দেশৰ সেৱা কৰা।(Heroism)
মোৰ ধৰ্ম মোৰ গৌৰৱ। মোৰ সাহস মোৰ দেশপ্ৰেম। মোৰ শক্তি মোৰ দেশৰ বাবে প্ৰাণ আহুতি দিয়া সকলো বীৰ। মোৰ গৰ্ব মই লাচিত বৰফুকনৰ(Battle of Saraighat) দেশৰ পুৰুষ। সদায় মই এজন ন জোৱান। সেই সৰুতে পঢ়ি অহা শ্ৰদ্ধাৰ কালিৰাম মেধিৰ ‘গৌৰৱ’ নামৰ প্ৰবন্ধত থকা কথাষাৰ হয়তো শিলৰ ৰেখাৰ দৰে সত্য। গৌৰৱ তিনি ঠাইৰ পৰা ওপজে। সৌভাগ্য, শৰীৰ আৰু মনৰ পৰা।নিজে কিবা ভাল কাম কৰক বা নকৰক জন্ম সূত্ৰে ধন আৰু মান লৈ অহা লোক সকলে সমাজত আগতেও উচ্চ স্থান পাইছিল, এতিয়াও পাই আছে আৰু হয়তো আগলৈও পাই থাকিব। নিধিৰাম বৰুৱাৰ পুতেক গৰুচোৰ হলেও ভূঞা পোৱালি। বৰুৱাৰ ঘৰৰ ল’ৰাই আগমালা আৰু আগঠগি পোৱাৰ নিয়ম মেধি ডাঙৰীয়াই কোৱাৰ দৰেই তাহানিৰ দৰে হয়তো ভৱিষ্যতেও থাকিব।কিন্তু আমাৰ নিচিনা মধ্যবিত্ত বা দৰিদ্ৰসকলৰ কি হ’ব!(Joymoti Konwari)
না ধন না মান। গতিকে আমাৰ নিচিনা মানুহ বোৰে একো একোজন পঙ্গুৰ দৰে লেকেচীয়াই লেকেচীয়াই কটাবলগীয়া হয়। আজি কেইবছৰমান মান আগতে মই হতাশাত ভুগিছিলো। দেশৰ জ্বলন্ত সমস্যা বোৰৰ লগতে আৰু কিবা কিবি। ইয়াত দুৰ্নীতি নামৰ দানৱটোৰ অতি অতিচাৰে মোক সামাজিক মাধ্যমত লিখিবলৈ বাধ্য কৰাইছিল- মই এজন পঙ্গু দেশ প্ৰেমিক। ইয়াৰ দ্বাৰা মই বুজাব বিচাৰিছিলো মোৰ কথা কোনে শুনিব আৰু কিয়বা শুনিব।
বহুতে মোক শান্তনা দি কৈছিল -দাদা তেনেকৈ নক’ব। আপুনি যদি পঙ্গু আমি বাৰু কি হ’ম।তেতিয়া মই সাহস পাইছিলো। তাৰ পিছত দুই এটা পোষ্ট ড্ৰাগছৰ বিৰুদ্ধে দি মাননীয় মুখ্যমন্ত্ৰী মোৰ ভাতৃসম ড০ হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছৰ বিৰুদ্ধে লোৱা পদক্ষেপক সমৰ্থন কৰিছিলোঁ। তাতো আকৌ অনুৰাগীৰ অনুৰোধ। বহুতে কলে আপোনাক আমি হেৰুৱাব নোখোজোঁ। আপুনি সাহিত্যৰ জগত খনতেই আৱদ্ধ হৈ থাকক। ড্ৰাগছ ব্যৱসায়ী সকলৰ হেনো হাতখন বৰ দীঘল। কথাটো শুনি অলপ ভয়ো লাগিছিল। মোৰো ল’ৰা ছোৱালী আছে। কিন্তু পিছলৈ লাচিতৰ কথা মনলৈ আহিল। তেওঁৰ হেংদানখনলৈ মনত পৰি নিজকে আকৌ প্ৰস্তুত কৰি মোৰ কাপটো ধাৰ দিবলৈ আৰম্ভ কৰিলোঁ।
এতিয়া আহো লাচিতৰ কথালৈ। ইতিহাস তথা লাচিতৰ বিষয়ে গৱেষণা কৰা বা কৰি থকা ছাত্ৰ-ছাত্ৰীসকলৰ পৰা আৰম্ভ কৰি প্ৰতিজন ভাৰতীয়ই বিশেষভাৱে প্ৰতিজন অসমীয়াই লাচিতৰ দেশপ্ৰেমক লৈ নিজে নিজে গৌৰৱ কৰা উচিত। অৰ্থাৎ শ্ৰদ্ধাৰ মেধি ডাঙৰীয়াৰ গৌৰৱ তিনি ঠাইৰ পৰা ওপজে কথাষাৰৰ লগত এই লেখকে গৌৰৱ চাৰি ঠাইৰ পৰা উৎপত্তি হয় বুলি কৈ ভাল পাব আৰু চতুৰ্থ বিধ দেশপ্ৰেম। যি মানুহৰ অন্তৰত দেশপ্ৰেম নাই সেই মানুহজনে শূন্যতে কেবা খলপীয়া অট্টালিকা সাজিলেও তেওঁ দৰিদ্ৰতাৰ তলত আৰু তেওঁলৈ এই লেখকৰ সদায় পুতৌ জন্মিব।
লাচিত বৰফুকনৰ বিষয়ে ইতিহাস অধ্যয়ন কৰি থকা বা লাচিতৰ বিষয়ে গৱেষণা কৰি থকা ছাত্ৰ ছাত্ৰী সকলেই যে লাচিতৰ বিষয়ে পঢ়িব লাগিব বা জানিব লাগিব তেনে নহয় বা লাচিত বৰফুকনৰ বিষয়ে যে কেৱল অসমীয়াইহে জানিব লাগিব সেইটোও নহয়। লাচিতৰ দেশপ্ৰেমৰ কথা ধৰ্ম বৰ্ণ নিৰ্বিশেষে অসমত বাস কৰা সকলোৱেই জানিব লাগিব।নৱ প্ৰজন্মই তেওঁৰ কথা এই কাৰণেই জনা উচিত যে তেওঁৰ দেশপ্ৰেম ইতিহাসৰ আৰু বহু কেইজন ভাৰতীয়ৰ দেশপ্ৰেমতকৈও সুকীয়া।
তাৰ ভিতৰত ছত্ৰপতি শিৱাজী,গুৰু টেগ বাহাদুৰৰ লগতে ঔৰংজেৱ। লাচিত বৰফুকনৰ লগত ঔৰংজেৱক মই মোৰ লেখাটোৰ মাজলৈ অনাৰ মূলতে হ’ল দুয়ো জনৰ ভিন্ন চাৰিত্ৰিক বৈশিষ্ট্যৰ বাবে।এজনৰ শাসনৰ লোভ আনহাতেদি এজনৰ দেশৰ প্ৰতি দায়বদ্ধতা। এজনে শাসনৰ বাবে নিজৰ দেউতাকক বন্দী কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল আৰু আনজনৰ চোকা তৰোৱালেৰে দেশৰ বাবে নিজৰ মোমায়েকৰ ডিঙি দুচেও কৰোতেও হাত কঁপা নাছিল। এয়াই অসমীয়া। ইয়াৰ পৰা ভাৰতীয় সকলৰো শিকিব লগীয়া বহু আছে।
এই খিনিতে মোৰ নিজস্ব এটি অনুভৱ ব্যক্ত কৰিবলৈ লৈছোঁ। মই তেতিয়া তৃতীয় মান শ্ৰেণীত। প্ৰায় প্ৰতিটো বছৰে আমাৰ ঘৰলৈ ছত্ৰপতি শিৱাজীৰ আগমন ঘটিছিল এখন কেলেণ্ডাৰৰ জৰিয়তে।ওচৰতে থকা এজন মাৰাঠা সম্প্ৰদায়ৰ লোকে প্ৰতি বছৰে ছত্ৰপতি শিৱাজীৰ ঘোঁৰাত উঠি থকা আলোকচিত্ৰৰ কেলেণ্ডাৰ এখন দি গৈছিল। এয়া যেন তেওঁৰ এক কৰ্তব্য। আটাইতকৈ ডাঙৰ কথা যে তেওঁ সেইখন লৈ ডিচেম্বৰৰ ৩০ বা ৩১ তাৰিখে আহি আমাৰ পৰিয়ালটোক শুভেচ্ছা জ্ঞাপন কৰি গৈছিল।
সেই সময়ত লাচিত বৰফুকনৰ কিছু কথা কিতাপত পঢ়িছিলো।সেই সময়তে এই দুজন দেশপ্ৰেমিকৰ তিনিটা কথাই মোক আকৰ্ষণ কৰিছিল। শিৱাজীৰ ঘোঁৰাটো, ডাঢ়ি কোছা আৰু লাচিতৰ তৰোৱাল।মনতে ভাব হৈছিল কেনেকৈ ঘোঁৰাত উঠিব পাৰো আৰু ঘোঁৰাটোৰ লেকাম লগাব পাৰো। এনেকুৱা এটা হাবিয়াস কৰি উত্তৰ লখিমপুৰত মোৰ পেহীৰ ঘৰলৈ গৈ ঘোঁৰাত উঠাৰ সুযোগ পাইছিলোঁ আৰু আচৰিত ধৰণে কিছু দূৰ যোৱাৰ পিছত মই ঘোঁৰাটোৰ লেকাম লগাবলৈ সক্ষম হৈছিলো।
পিছলৈ ডাঢ়ি কোছাৰ হাবিয়াসো পূৰণ কৰিছিলোঁ কিন্তু ব্যৱহাৰিক ক্ষেত্ৰত তৰোৱাল খন লোৱাৰ সুযোগ অহা নাই যদিও বাঁহৰে সজা তৰোৱালৰ যুদ্ধ সমনীয়াৰ লগত কৰি পাইছিলো। ভগৱানৰ ওচৰত খাটনি ধৰিলোঁ তৰোৱাল লব লগীয়া পৰিস্থিতিৰ যেন অসম আৰু অসমীয়াৰ জাতীয় জীৱনলৈ আৰু কেতিয়াওঁ পুনৰ উভতি নাহে। এই কথা খিনি কোৱাৰ উদ্দেশ্য এয়েই যে এনে সৰু সুৰা ঘটনা প্ৰবাহে দেশ প্ৰেমৰ চেতনা জগাই তোলে। মাৰাঠী সম্প্ৰদায়ৰ মানুহজনে যে ছত্ৰপতি শিৱাজীৰ কেলেণ্ডাৰখন দি যায় তাৰ পৰা মই এটা কথাই বুজি পাইছিলো (পলমকৈ)তেওঁৰ জাতীয় জীৱনৰ প্ৰতি দায়বদ্ধতা তথা দেশৰ প্ৰতি থকা শ্ৰদ্ধা। ইয়াৰ জৰিয়তে তেওঁ দেশপ্ৰেমো বিলাবলৈ সক্ষম হৈছিল।
এতিয়া আহো লাচিত বৰফুকনৰ জীৱনৰ লগত জড়িত হৈ থকা কিছু কথালৈ।লাচিত বৰফুকনৰ পিতৃৰ নাম আছিল মোমাই তামুলী। তেওঁ আহোমৰ প্ৰথম গৰাকী বৰ বৰুৱা।স্বৰ্গদেউ প্ৰতাপ সিংহই তেওঁক এই উপাধিৰে বিভূষিত কৰিছিল। তেওঁৰ মাতৃৰ নাম আছিল নাগেশ্বৰী। অসমৰ ইতিহাসৰ জলঙাইদি চালে ১৬৪৮ খ্ৰীষ্টাব্দৰ পৰা ১৬৮১ খ্ৰীষ্টাব্দলৈ অতি দুৰ্যোগ পূৰ্ণ সময় খিনিত পৰিবৰ্তন আনিবলৈ সক্ষম হোৱা এই বীৰ পুৰুষ জনৰ জন্ম হৈছিল ১৬২২ খ্ৰীষ্টাব্দৰ ২৪ নৱেম্বৰত।
১৬৬২ খ্ৰীষ্টাব্দত মোগল সম্ৰাট ঔৰংজেৱৰ সেনা বাহিনীয়ে মীৰ জুমলাৰ নেতৃত্বত অসম আক্ৰমণ কৰি আহোম ৰাজ্যক কৰতলীয়া ৰজা পাতিছিল।
পৰাধীনতাৰ মুখ নেদেখা স্বাধীন চিতীয়া অসমীয়া জনগনে এই অপমান সহ্য কৰিব পৰা নাছিল। তেতিয়া সেই সময়ৰ ৰজা জয়ধ্বজ সিংহই নিজৰ স্বাধীনতা ঘূৰাই আনিবলৈ আপ্ৰান চেষ্টা কৰিছিল যদিও বিভিন্ন পৰিস্থিতি আৰু কাৰকৰ বাবে সেয়া সম্ভৱ হৈ উঠা নাছিল।
পৰাধীনতাৰ কথাটোৱে ৰজা জয়ধ্বজ সিংহক বৰ মনোকষ্ট দিছিল। এনে মনোকষ্ট লৈয়ে পৰাধীনতাৰ শিকলি পিন্ধি থকা অৱস্থাতে জয়ধ্বজ সিংহ স্বৰ্গগামী হয়।ইয়াৰ পিছত চক্ৰধ্বজ সিংহই ৰাজপাটত বহে। জয়ধ্বজ সিংহৰ দৰে চক্ৰধ্বজ সিংহইও এই পৰাধীনতাক সহজ ভাবে ল’ব পৰা নাছিল। ৰজা হৈয়েই তেওঁ এজন যোগ্য সেনাপতিৰ সন্ধানত নামি পৰে।
কিন্তু যোগ্য সেনাপতিৰ সন্ধান উলিয়াব নোৱাৰি স্বৰ্গদেউ বৰ দোমোজাত পৰিল। এনে দোমোজাত পৰি স্বৰ্গদেউৱে এদিনাখন নিজৰ অসহায় অৱস্থাটোৰ কথা দোলাকাষৰীয়া বৰুৱা লাচিতৰ আগত ব্যক্ত কৰিলে। এই কথা শুনি লাচিতে কৈছিল-স্বৰ্গদেউৰ ৰাজ্যত মানুহ নাই নেকি? বঙালনো কি মানুহ হে?আমাৰ ৰাজ্যত নোলাব নেকি তেনে মানুহ? স্বৰ্গদেৱে আদেশ দিবহে লাগে।মন কৰি চাওঁক। স্বৰ্গদেৱে সুযোগ দিলে উপযুক্ত সেনাপতি ইয়াতেই নিশ্চয় পাব। লাচিতৰ এনে উক্তি শুনি স্বৰ্গদেউ বৰ আনন্দিত হ’ল আৰু মোগলক পৰাস্ত কৰিবলৈ লাচিত বৰফুকনকে সেনাপতি পাতি বৰফুকন হিচাপে নিযুক্তি দিলে।
ইয়াৰ পিছতেই লাচিত নামি পৰিব লগা হৈছিল আলাবৈৰ যুদ্ধত। আলাবৈ আছিল আহোম আৰু মোগল সেনাৰ এক গুৰুত্বপূৰ্ণ তথা ৰক্তক্ষয়ী ৰণ। ১৬৬৯ খ্ৰীষ্টাব্দৰ ৫ আগষ্ট তাৰিখে বৰ্তমানৰ উত্তৰ গুৱাহাটীৰ ওচৰৰ পছৰীয়া দল পথাৰ অঞ্চলত আলাবৈ পাহাৰৰ সমীপত এই ৰণ হৈছিল।লাচিত বৰফুকনৰ বিৰোধীতাৰ পিছতো স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ কঠোৰ নিৰ্দেশৰ বাবেই হোৱা এই যুদ্ধত একে দিনাই দহ হাজাৰ অসমীয়া সেনাই প্ৰানাহুতি দিব’লগীয়া হৈছিল। কিন্তু আলাবৈৰ ৰণে ইয়াৰ পিছত হোৱা শৰাইঘাটৰ ৰণক কিছু পৰিমাণে ম্লান কৰিলেও ইয়াক বিখ্যাত ট্ৰাফেলগাৰ যুদ্ধ(Battle of Trafalgar)ৰ লগত তুলনা কৰিব পৰা যায়। ট্ৰাফেলগাৰ যুদ্ধই যেনেকৈ বৃটিছ নৌসেনাৰ আধিপত্য প্ৰমাণ কৰিবলৈ সক্ষম হৈছিল ঠিক তেনেকৈ আলাবৈৰ ৰণে অসমীয়া সেনাৰ প্ৰবল আধিপত্য বিস্তাৰ কৰিবলৈ থকা হাবিয়াসৰ প্ৰমাণ দাঙি ধৰিছিল।
১৬৬৫ খ্ৰীষ্টাব্দৰ পৰা ১৬৭১ খ্ৰীষ্টাব্দৰ সময়ছোৱাত লাচিতে নিজৰ ব্যক্তিত্ব আৰু সবল নেতৃত্বৰ ছবিখন প্ৰতিফলিত কৰিবলৈ সমৰ্থ হৈছিল। প্ৰবল আত্মবিশ্বাসী লাচিতে অসমীয়া সেনাৰ মূৰত এটা কথা সুমুৱাই দিবলৈ সক্ষম হৈছিল যে অসমীয়া সেনাৰ জয় নিশ্চিত আৰু ৰামসিংহৰ পৰাজয়ো ভগৱানে নিশ্চিত কৰি থৈছে। যুদ্ধৰ আগ মুহূৰ্তত ৰামসিংহই নিজৰ সৈন্য বাহিনীৰ বল জুখিবলৈ দূতৰ হাতত এটোপোলা আফুগুটি লাচিতলৈ পঠিয়াইছিল। ইয়াৰ অৰ্থ আছিল যেনেদৰে আফুগুটি গণিব পৰা নাযায় তেনেধৰণে ৰামসিংহৰ সৈন্যৰ সংখ্যা গণনা কৰা সম্ভৱ নহয়। এক বিশাল সৈন্য বাহিনী।
ইয়াৰ প্ৰতুৎতৰত লাচিতে এচুঙা বালিৰে সৈতে এখন পটা পঠিয়াই দিছিল।ইয়াৰ অৰ্থ আছিল অসমীয়া সেনা ইমানেই শক্তিশালী যে বালি যেনেকৈ পটাত পিচিব নোৱাৰি তেনে দৰে অসমীয়া সেনাকো পৰাজিত কৰা সম্ভৱ নহয় কিন্তু আফুগুটি পটাত পিচি গুড়ি কৰিব পৰা যায়।অৰ্থাৎ লাচিতে বালি আৰু পটাখন পঠিয়াই ৰামসিংহক এক সাৱধান বাণী শুনাই দিছিল।
আকৌ এবাৰ ৰামসিংহই লাচিতক বিনা যুদ্ধে কিবা এটা সিদ্ধান্তত উপনীত হ’বলৈ জনোৱা এক প্ৰস্তাৱৰ প্ৰতুৎতৰত লাচিতে বাৰ্তাৰ জৰিয়তে ৰামসিংহক যুদ্ধ ক্ষেত্ৰত নিজৰ বুদ্ধিমত্তাৰ পৰিচয় দিবলৈ আহ্বান জনাই তেওঁৰ বীৰত্বৰ পৰিচয় দিবলৈ কৈছিল অন্যথা তেওঁৰ যুদ্ধৰ যশস্যা কলঙ্কিত হ’ব বুলিও বাৰ্তা পঠিয়াইছিল। এই লেখকৰ দৃষ্টিত এয়া তেওঁৰ সবল নেতৃত্বৰ পৰিচায়ক। বিপৰীত পক্ষক তীব্ৰ মানসিক চাপত পেলোৱাটোৱেই হ’ল এজন নেতাৰ বুদ্ধিমত্তাৰ পৰিচয়।
ইয়াৰ পিছত অকনমান আহিছো অসমীয়াৰ গৌৰৱ ১৬৭১ খ্ৰীষ্টাব্দৰ শৰাইঘাটৰ যুদ্ধত লাচিতে দেখুওৱা বিক্ৰমৰ কথাটোলৈ। ৰণ জিকিবলৈ সামৰিক বাহিনীৰ শক্তিতকৈ চল আৰু কৌশলৰ অতি আৱশ্যক। সেয়ে লাচিতে ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰ পৰ্বত সংযোগ কৰি ৰাতিটোৰ ভিতৰতে গড় নিৰ্মাণ কৰিবলৈ নিজৰ মোমায়েকক দায়িত্ব দিছিল।
কিন্তু শেষ ৰাতি যেতিয়া লাচিতে গড় নিৰ্ম্মান স্থলীলৈ গৈ গড় সম্পূৰ্ণ নোহোৱাৰ কাৰণ মোমায়েকক সুধিছিল তেতিয়া মোমায়েকে কাম কৰি কৰি মানুহবোৰ ভাগৰি যোৱা বাবে অকনমান জিৰণি লোৱা বুলি কোৱাৰ লগে লগেই লাচিতে তৰোৱাল উলিয়াই ‘দেশতকৈ মোমাই ডাঙৰ নহয় বুলি’ মোমায়েকৰ শিৰশ্চেদ কৰিছিল।
এই ঘটনাৰ পিছতেই গড় মাৰিবলৈ লাগি থকা মানুহখিনিৰ থৰকাছুটি হেৰাই গৈছিল আৰু ৰাতিটোৰ ভিতৰতে গড়ৰ কাম সম্পূৰ্ণ কৰিছিল। সেয়াই আছিল বৰফুকনৰ দেশপ্ৰেমৰ চূড়ান্ত নিদৰ্শন। শৰাইঘাটৰ যুদ্ধ বিজয় হয়তো অসমীয়াৰ ইমান গৌৰৱ আৰু সাহসৰ প্ৰতীক হিচাপে চিহ্নিত নহ’ল হেঁতেন যদিহে লাচিতে সেই ত্যাগ আৰু সাহসী পদক্ষেপৰ বাৰ্তা অসমীয়া সমাজলৈ দি থৈ নগ’ল হেঁতেন।
১৬২২ খ্ৰীষ্টাব্দৰ পৰা ১৬৭২ খ্ৰীষ্টাব্দলৈ মাথো পঞ্চাশ বছৰীয়া জীৱন কালত লাচিতে আমাক কি দি গ’ল বুলি মোক যদি কোনোবাই প্ৰশ্ন কৰে মই ততালিকে এটা উত্তৰেই দিম-বিমূৰ্ত এখন হেংদাঙৰ লগতে কেতিয়াও ম্যাদ উকলি নোযোৱা দেশপ্ৰেমৰ দৰে এক মহৌষধ। কিন্তু মই আকৌ ওলোটাই প্ৰশ্ন কৰি ভাল পাম- আপোনালোকে লাচিতক বাৰু কি দিলে আৰু কি দিব!
১৯৯৯ চনৰ পৰা ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী (NDA)য়ে তেওঁলোকৰ বছৰৰ শ্ৰেষ্ঠ কেডেট জনক লাচিত বৰফুকন স্বৰ্ণ পদক দিয়াৰ ব্যৱস্থা কৰিছে।বীৰ জনক সন্মান জনাই ২০১৬ চনত তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ দেৱে গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নৈৰ বুকুত ৩৫ ফুট উচ্চতাৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি ৰাইজৰ বাবে মুকলি কৰি দিয়ে।
যোগ্যজনক সন্মান জনোৱাটো এটা জাতিৰ কৰ্তব্য। সেই কথাকে সাৰোগত কৰি হয়তো বৰ্তমানৰ ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰেও ২০২২ চনটোত চাৰিশ বছৰীয়া লাচিত জয়ন্তী মহা ধুম ধামেৰে পালন কৰিলে।লাচিত জয়ন্তীৰ লগত সংগতি ৰাখি লাচিত বৰফুকনৰ নামত এটা মোবাইল এপ, ওৱেব প’ৰটেল, যোৰহাটৰ লাচিত মৈদাম সম্প্ৰসাৰণৰ লগতে ১৫০ ফুট উচ্চতাৰ ব্ৰঞ্জৰ লাচিতৰ প্ৰতিমূৰ্তি নিৰ্মাণকে আদি কৰি আলাবৈত অসমীয়া সেনাৰ বীৰত্বৰ স্মৃতি সজীৱ কৰি ৰখাৰ বাবে স্মাৰক ক্ষেত্ৰ নিৰ্মাণ আদিৰে ড০ শৰ্মা ডাঙৰীয়াই জাতিৰ হৈ লাচিতৰ লগতে অসমীয়া সেনাৰ দেশপ্ৰেমৰ বাৰ্তা সুকীয়া ৰূপত বিশ্ববাসীক দিলে।
অসমীয়া বীৰজনৰ লগতে অসমৰ বাবে প্ৰানাহুতি দিয়া বীৰ সকলক শ্ৰদ্ধা জনাবলৈ এনে এটা বৃহৎ আঁচনিয়ে ভৱিষ্যতে প্ৰতিগৰাকী অসম সন্তানৰ বাবে প্ৰেৰণা হোৱাৰ লগতে উঠি অহা প্ৰজন্মক জাতীয় বীৰজনৰ কথা সদায়েই সোঁৱৰাই থাকিব।
লেখকঃ প্ৰবোধ চন্দ্ৰ মিশ্ৰ