ৰাজহুৱা বন্তি প্ৰজ্বলনেৰে চ্যুকাফাক স্মৰণ লাচিত সেনা অসমৰ

টীয়কত লাচিত সেনা অসমৰ উদ্যোগত তথা সমূহ টীয়কবাসীৰ সহযোগত চ্যুকাফা দিৱস উপলক্ষত বন্তি প্ৰজ্বলন কাৰ্যসূচী গ্ৰহণ কৰে। উক্ত কাৰ্যসূচীত লাচিত সেনা অসমৰ মুখ্য সেনাধ্যক্ষ অমৰ বৰুৱাকে প্ৰমুখ্য কৰি জিলা,আঞ্চলিক তথা বিভিন্ন দল সংগঠন আৰু টীয়কৰ বহুসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকি বন্তি প্ৰজ্বলন কৰি চ্যুকাফাৰ কৃতিত্ব শ্ৰদ্ধাৰে স্মৰণ কৰে আৰু চ্যুকাফাৰ আদৰ্শৰে বৰ অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীক সমন্বয়ৰ মাজেৰে আগবঢ়াই যাবলৈ আহ্বান জনায়।

উক্ত অনুষ্ঠানত টীয়ক পৌৰসভাৰ পৌৰপতি লাকী বৰবৰা গগৈ, ৱাৰ্ড আয়ুক্ত শিখাজ্যোতি দত্ত,পল্লবী শইকীয়া,দিগন্ত বৰা বিশেষভাৱে উপস্থিত থাকি বীৰজনাৰ শৌৰ্য বীৰ্য শ্ৰদ্ধাৰে সোঁৱৰণ কৰে।

লগতে এই বিশেষ দিনটোত অসমৰ প্ৰতিগৰাকী অসমীয়াই নিজ নিজ গৃহৰ সন্মুখত বীৰগৰাকীক স্মৰণ কৰি এগছিকৈ বন্তি প্ৰজ্বলন কৰিবলৈ আহ্বান জনাই লাচিত সেনা অসমৰ মুখ্য সেনাধ্যক্ষগৰাকীয়ে।

Related Articles