Breaking

লাহৰীঘাটৰ বৰবড়িত নিশা চোৰৰ তাণ্ডৱ

0 1,036

মৰিগাঁও জিলাৰ লাহৰীঘাটৰ বৰবৰিত নিশা চলিল চোৰৰ তাণ্ডব। চোৰে লৈ গ’ল গৃহস্থৰ নগদ ধন আৰু আ-অলংকাৰ। লাহৰীঘাট থানাৰ অন্তৰ্গত বৰবড়ি গাঁৱৰ মুছলেমউদ্দিনৰ ঘৰত সংঘটিত হয় এই চুৰি ঘটনা। ঘৰত মানুহ শুই থকাৰ অৱস্থাতে ঘৰৰ দৰ্জা খুলি চোৰে লৈ গ’ল দুটা বাকচ আৰু এখন টেবুল।

ইয়াৰ পৰা চোৰে ১ লাখ ৭০ হাজাৰ টকা আৰু ৭০ হাজাৰ টকা মূল্যৰ সোণ ৰূপৰ আ অলংকাৰ লৈ যায়।ঘটনাৰ সন্দৰ্ভত লাহৰীঘাট থানাত এজাহৰ দাখিল কৰাত আজি পুৱা ঘৰৰ পৰা কিছু দূৰত্বত মথাৰৰ মাজত আৰক্ষীয়ে বাকচ দুটা আৰু টেবুল খন উদ্ধাৰ কৰে যদিও চোৰে কিন্তু ধন আৰু অলংকাৰ খিনি লৈ যায়। এই ঘটনাই এতিয়া গাঁওখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Leave A Reply

Your email address will not be published.