Breaking

লখিমী শইকীয়া বৰাৰ “সৰ্প দংশন আৰু সংগ্ৰাম” উন্মোচন

0 1,611

মাজুলীৰ গড়মূৰস্থিত শ্ৰীশ্ৰীপীতাম্বৰ দেৱগোস্বামী জিলা চিকিৎসালয়ৰ সভাকক্ষত আজি এখন সজাগতামূলক গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয় ৷ মাজুলী জিলা সাংবাদিক সন্থাৰ সভাপতি দিবাকৰ শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত সভাত আদৰণি ভাষণ আগবঢ়াই জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডা°শশীধৰ ফুকনে ৷ সভাখন উদ্ধোধন কৰে ৰঙাচাহী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° নৱকুমাৰ গামে ৷ সভাত বিষাক্ত সৰ্পই দংশনৰ পিছত গড়মূৰ জিলা চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি নতুন জীৱন লাভ কৰা লখিমী শইকীয়া বৰাই নিজৰ অভিজ্ঞতাৰে পুষ্ট হৈ লিখা গ্ৰন্থ “সৰ্প দংশন আৰু সংগ্ৰাম” শীৰ্ষক গ্ৰন্থখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰে ডিমৌৰ চিকিৎসক ডা°সুৰজিৎ গিৰি আৰু ডা° মানিক মিলিয়ে ৷

সভাত জিলা বিজেপিৰ সভাপতি বীৰেন শইকীয়াই সৰ্প দংশনৰ পিছত অন্ধ বিশ্বাসৰ বলি হৈ জৰা-ফুকাৰ পৰিবৰ্তে আধুনিক চিকিৎসা পদ্ধতি গ্ৰহণৰ বাবে তৎকালে চিকিৎসালয়লৈ অহাৰ আহবান জনাই ৷ তেওঁ জিলা প্ৰশাসন, জিলা চিকিৎসালয়ৰ যোগে বিদ্যালয়-মহাবিদ্যালয়ত এই বিষয়ে সজাগতা সভা অনুষ্ঠিত কৰাৰ পোষকতা কৰে ৷ সভাত অধ্যাপক ভবেন কাকতি, ডা°মানিক মিলিয়ে বক্তব্য প্ৰদান কৰাৰ লগতে গ্ৰন্থৰ লেখিকা লখিমী শইকীয়া বৰাই সৰ্পই দংশন কৰাৰ পিছত সন্মুখীন হোৱা পৰিস্থিতিৰ বিষয়ে অৱগত কৰি লেখা গ্ৰন্থখনে জনসাধাৰণক উপকৃত কৰিব বুলি আশা ব্যক্ত কৰে ৷ গ্ৰন্থ উন্মোচক ডা° সুৰজিৎ গিৰিয়ে সৰ্পই দংশন কৰিলে কোনো লোককে অধৈৰ্য নহৈ ততালিকে চিকিৎসালয়লৈ আহিবলৈ আহবান জনাই ৷ শ্লাইড যোগে চিকিৎসক গৰাকীয়ে ডিমৌৰ চিকিৎসালয়ত সৰ্পই দংশন কৰা লোকক কি দৰে চিকিৎসা সেৱা আগবঢ়াই সেই বিষয়ে বিস্তৃত ভাৱে উপস্থিত থকা চিকিৎসকৰ লগতে ৰাইজক বুজাই কয় আৰু ৰাইজৰ প্ৰশ্নৰ উত্তৰো দিয়ে চিকিৎসক গৰাকীয়ে ৷

মাজুলী জিলা চিকিৎসালয়ত বিষাক্ত সৰ্পই দংশন কৰা মেদেউ শইকীয়া আৰু লখিমী শইকীয়া বৰাক নতুন জীৱন দান কৰা বাবে চিকিৎসাৰ সৈতে জড়িত চিকিৎসক কৰ্মীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে বিষাক্ত সাপে দংশন কৰাৰ পিছত সন্মুখীন হোৱা অভিজ্ঞতা লিপিবদ্ধ কৰি জনসাধাৰণৰ মাজত সজাগতাৰ বাবে লোৱা পদক্ষেপৰ বাবে লেখিকা গৰাকীক ধন্যবাদ জনোৱাৰ লগতে ওপজা দিনৰ শুভেচ্ছা জনাই ৷ সভাত চিকিৎসালয়ৰ অধীক্ষক ডা° অমূল্য গোস্বামী, জিলা টিকাকৰণ বিষয়া লোকনাথ দেউৰী, ডা° জুনিতা দাস, চিকিৎসালয়ৰ চিকিৎসক, নাৰ্চৰ লগতে বহু সংখ্যক লোক উপস্থিত থাকে ৷ সভাত পাৰুল বৰা মিলিৰ এটি কবিতা পাঠে সকলোকে আপ্লুত কৰে ৷ যদু কলিতাই আঁত অনুষ্ঠানটো জাতীয় সংগীতেৰে সভাৰ সামৰণি পৰে৷

Leave A Reply

Your email address will not be published.