Lakshmi Puja 2024: আজি লক্ষ্মী পূজা, জানো আহক আজিৰ দিনটোৰ মহত্ত্ব

আজি লক্ষ্মী পূজা । লক্ষ্মী পূজাৰ এই শুভ দিনটো ধন-সম্পত্তি আৰু সমৃদ্ধিৰ আৰাধ্য দেৱী লক্ষ্মীৰ বাবে উৎসৰ্গা কৰা হয়(Lakshmi Puja 2024) । আজিৰ দিনটোত ভক্তসকলে দেৱী লক্ষ্মীৰ ব্ৰত পালন কৰি উপবাসত থাকে আৰু নিশাটো মা লক্ষ্মীৰ আৰাধনা কৰে । বিশেষকৈ পশ্চিমবংগ, ওড়িশা, অসমকে আদি কৰি পূৱ ভাৰতৰ বিভিন্ন প্ৰান্তত কোজাগৰী লক্ষ্মী পূজাৰ আয়োজন কৰা হয় ।

জনবিশ্বাস মতে, লক্ষ্মীপূজাৰ দিনটোত মা লক্ষ্মী(Goddess Lakshmi)য়ে তেওঁৰ ভক্তসকলৰ গৃহলৈ আহি আশীৰ্বাদ প্ৰদান কৰে । লক্ষ্মী দেৱীক আদৰিবলৈ ভক্তসকলে নিজৰ ঘৰখন পৰিস্কাৰ কৰি ফুল আৰু প্ৰদীপেৰে আলোকিত কৰি ৰাখে । তাৰোপৰি বিভিন্ন প্ৰকাৰৰ মিঠাই, ভোগ আদি তৈয়াৰ কৰি মা লক্ষ্মীলৈ বুলি উৎসৰ্গা কৰে ।

ধৰ্মীয় বিশ্বাস অনুযায়ী, লক্ষ্মী পূজাৰ নিশা মাৰ আৰাধনা কৰিলে ঘৰখন ধন-সম্পত্তি তথা সুখ-সমৃদ্ধিৰে নদন-বদন হৈ পৰে । সেয়েহে ভক্তসকলে ধনৰ অধিষ্ঠাত্ৰী দেৱী মা লক্ষ্মীৰ পূজাভাগ অতি ধুমধামেৰে পালন কৰা দেখা যায়(Lakshmi Puja rituals) ।

এইবাৰৰ লক্ষ্মী পূজাৰ সময়সূচী আৰু শুভ সময়(Auspicious timings)

পূজাৰ শুভ সময়: বুধবাৰ, ১৬ অক্টোবৰ, ২০২৪
আজিৰ দিনটোত চন্দ্ৰ উদয়: সন্ধিয়া ৫:০৬ বজাত
পূৰ্ণিমা তিথি আৰম্ভ হ’ব: নিশা ৮:৪০ বজাত
পূৰ্ণিমা তিথিৰ অন্ত পৰিব: ১৭ অক্টোবৰৰ বিয়লি ৪:৫৫ বজাত

কোজাগৰী লক্ষ্মী পূজা(Kojagari Lakshmi Puja)ৰ মহত্ব

কোজাগৰী শব্দৰ অৰ্থ হৈছে – কো জাগৰ্তী অৰ্থাৎ “কোন জাগ্ৰত” । প্ৰচলিত ধৰ্মীয় বিশ্বাস অনুসৰি, এই নিশা মা লক্ষ্মীয়ে ধৰালৈ আহি যিসকলক জাগ্ৰত হৈ থকা প্ৰত্যক্ষ কৰে, তেওঁলোকক ধন-সম্পত্তিৰ লগতে সুখ-সমৃদ্ধিৰ বাবে আশীৰ্বাদ প্ৰদান কৰে বুলি বিশ্বাস কৰা হয়(wealth and prosperity) । গতিকে কোজাগৰী লক্ষ্মী পূজাৰ দিনটোত ভক্তসকলে মা লক্ষ্মীক পূজা-অৰ্চনা কৰাৰ লগতে সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰে ।

লক্ষ্মী পূজাৰ নিশা মাক আদৰিবলৈ ভক্তসকল গোটেই নিশাটো উজাগৰে থাকি মাক স্মৰণ কৰে । প্ৰবাদ অনুসৰি, এই ব্ৰত পালন কৰিলে ঐশ্বৰিক আশীৰ্বাদ পোৱাৰ লগতে বিভিন্ন আৰ্থিক সমস্যা আঁতৰ হয় বুলি হিন্দু ধৰ্মাৱলম্বী লোকসকলে বিশ্বাস কৰে ।

Related Articles