Breaking

ফাইলেৰিয়াত আক্ৰান্ত ওদালগুৰিৰ ১নং আমজুলীৰ লাল বাহাদুৰ বস্নেত

0 2,057

ওদালগুৰি জিলাৰ হৰিশিঙা থানা অন্তৰ্গত  ১ নং আমজুলিৰ শিঙৰী বস্তি নিবাসী পিতা মদন বস্নেত আৰু মা জানুকী বস্নেতৰ পুত্ৰ লাল বাহাদুৰ বস্নেত (২২) যোৱা তিনি-চাৰি বছৰৰ পৰা ফাইলেৰিয়া ৰোগত আক্ৰান্ত হৈ চলা ফুৰা কৰিব নোৱাৰা অৱস্থাত বৰ্তমান ঘৰতে বহিব লগীয়া হৈছে। এজন পুত্ৰ আৰু দুজনী ছোৱালীৰ পিতৃ মদন বস্নেত দিন হাজিৰা কৰি যেনেতেনে পৰিয়াল চলাই আছে যদিও পুত্ৰৰ চিকিৎসাৰ বাবে ঘৰত থকা সকলো স্থাবৰ অস্থাবৰ সম্পত্তি বিক্ৰী কৰিও কোনো উপকাৰ নোহোৱাত বৰ্তমান মদন বস্নেতৰ অৱস্থা অতিকৈ শোচনীয় হৈ পৰিছে। পুত্ৰ লাল বাহাদুৰৰ চিকিৎসাৰ বাবে তেজপুৰ আৰু গুৱাহাটী মেডিকেল হস্পিটালত গৈও কোনো সুফল নোপোৱাত  বৰ্তমান  ভীষণ আৰ্থিক সংকটত ভুগিব লগীয়া হৈছে।  লাল বাহাদুৰৰ সো ভৰিখন ফুলি ডাঙিব নোৱাৰা অৱস্থাত ঘৰতে আৱদ্ধ হৈ থাকিব লগীয়া হোৱাত  ঘৰৰ উপাৰ্জন কৰিব নোৱাৰি বৃদ্ধ পিতৃয়ে যেনেতেনে ইফাল সিফাল দিন হাজিৰা কৰি পৰিয়াল চলাব লগীয়া হোৱাত স্থানীয় জনপ্ৰতিনিধিকে ধৰি সদাসয় ৰাইজৰ পৰা সহায়ৰ হাত বিছাৰিছে। অতিকৈ দুৰ্গম ক্ষেত্ৰৰ বাসিন্দা লাল বাহাদুৰ বস্নেতে দশমশ্ৰেণী পঢ়ি থকা অৱস্থাতে স্কুলৰ পদুলী এৰি চিকিৎসালয়ৰ পদুলী পদুলী যাব লগা হোৱাত সিমানতে লিখামেলা সামৰিব লগা হৈছে। দুখীয়াৰ বাবে  সহায় সহযোগ কৰা বিভিন্ন আচনী চৰকাৰৰ ভৰালত থাকিলেও আজিলৈকে কোনো চৰকাৰে লাল বাহাদুৰক সহায়ৰ হাত আগ বড়োৱা নাই।।স্থানীয় বিধায়ক তথা বি টি চিৰ উপ মুখ্য কাৰ্য্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰীয়েও আজিলৈ কোনোৱেও সহায় কৰা নাই যদিও লাল বাহাদুৰে বিধায়ক তথা উপ মুখ্য কাৰ্য্যবাহীৰ পৰা নিশ্চয় সহায় সহযোগ পাম বুলি আশা পুহি ৰাখিছে।      লাল বাহাদুৰৰ ফাইলেৰিয়া ৰোগৰ খবৰ প্ৰচাৰ হোৱাৰ লগে লগে অসম গোৰ্খা সন্মিলন কেন্দ্ৰীয় সমিতিৰ উপ সভানেত্ৰী কল্পনা শৰ্মা, ওদালগুৰি জিলা সমিতিৰ সভাপতি পৱন লুইটেল, উপ সভাপতি দেৱৰাজ নেউপানে, অসম গোৰ্খা সন্মিলন ওদালগুৰি জিলা মহিলা প্ৰকোষ্ঠ সমিতিৰ সভানেত্ৰী হিৰা মিশ্ৰ, সাধাৰণ সম্পাদিকা তমন্না শৰ্মা, ভাৰপ্ৰাপ্ত সম্পাদিকা হিৰা ছেত্ৰী, কুন্দৰবিল শাখা সমিতিৰ সভাপতি টংক সোনাৰী আদি  লাল বাহাদুৰ বস্নেতৰ ঘৰলৈ গৈ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰে। উক্ত ফাইলেৰিয়া বেমাৰৰ খবৰ বিয়পোৱাৰ লগে লগে ওদালগুৰি স্বাস্হ্য বিভাগৰ দল এটি ১নং আমজুলীৰ শিঙৰী বস্তিত উপস্থিত হৈ বেমাৰৰ নমুনা সংগ্ৰহ কৰি লেব্ৰেটৰীলৈ প্ৰেৰণ কৰিছে।  ঘৰৰ উপাৰ্জন কৰা একমাত্ৰ পিতৃও বৰ্তমান বয়স হোৱাত লাল বাহাদুৰৰ অৱস্থা অতিকৈ শোচনীয় হোৱাত শিঙৰী বস্তিৰ ৰাইজে কিছু সহায় সহযোগ কৰিছে যদিও উক্ত সহযোগে কোনো সমাধান নোহোৱাত পৰিয়াল বৰ্গই অসমৰ স্বাস্থ্য মন্ত্ৰীৰো সহায় বিছাৰিছে‌ মদন বস্নেতৰ পুত্ৰ লাল বাহাদুৰ বস্নেতে। তাৰোপৰি যদি কোনোবা সদাসয় ব্যক্তিয়ে সহায় সহযোগ কৰিব বিছাৰিলে একাউন্ট নম্বৰ-34842637700 SBIN0007947 Udalguri Branchত কিছু সহায় বড়োৱাৰ লগতে তেওঁৰ ফোন পে নম্বৰ 8753940531ত সহযোগ কৰিবলৈ সদাসয় ৰাইজৰ পৰা সহযোগৰ আশা ৰাখিছে।

Leave A Reply

Your email address will not be published.