Breaking

ধুবুৰীত ভাৰতৰ প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূৰ্ত্তি স্থাপনৰ বাবে ভূমি দান, প্ৰয়াত কেদাৰ প্ৰসাদ ৰামজী আৰু ভাটি গোলা পৰিয়ালৰ মহানুভৱতা…

0 24

ধুবুৰী চহৰৰ হৰিসভাৰ পুলিচ পয়েন্টৰ ওচৰত স্থাপন হ’ব ভাৰতৰ প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূৰ্ত্তি। এই সম্পৰ্কে সোমবাৰে ধুবুৰী পৌৰসভা কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সভাত ধুবুৰী পৌৰসভাৰ উদ্যোগত এক সম্বৰ্ধনা সভা অনুষ্ঠিত হয়।
সভাত উপস্থিত থাকে ,ধুবুৰী পৌৰসভাৰ পৌৰপতি ড: দেৱময় সান্যাল, ধুবুৰী জিলা বিজেপিৰ সভাপতি প্ৰসনজিৎ দত্ত,উপ পৌৰপতি আই ভি লতা ৰায়,জিলা বিজেপিৰ উপ সভাপতি গোপাল প্ৰসাদ আৰু ধুবুৰী পৌৰসভাৰ অন্তৰ্গত ৱাৰ্ড কমিশনাৰ সহ বহু গন্যমান্য ব্যক্তিবর্গ। সভাৰ আৰম্ভণিতে অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূৰ্ত্তি স্থাপনৰ বাবে ভূমি দান দিয়া প্ৰয়াত কেদাৰ প্ৰসাদ ৰাম জী আৰু ভাটি গোলা পৰিয়ালৰ সদস্য সদস্যাক ধুবুৰী পৌৰসভাৰ পৰা ফুলাম গামোচা, জাপি আৰু শৰাই প্ৰদান কৰি সম্বৰ্ধনা জ্ঞাপন কৰা হয়।


এই সম্পৰ্কে ভাষণ প্ৰসংগত পৌৰসভাৰ পৌৰপতি ড: দেৱময় সান্যালে কয়, বহু দিনৰ এটা স্বপ্ন আছিল ধুবুৰীবাসী ৰাইজৰ বাজপেয়ীৰ প্ৰতিমূৰ্ত্তি স্থাপন কৰা ধুবুৰী চহৰৰ বুকুত। যদিও ইমান দিনে ভূমি বিচাৰি পোৱা নাছিল। এই ক্ষেত্ৰত আগবাঢ়ি আহিল ধুবুৰীৰ অতি পুৰণি ব্যৱসায়ী প্রতিষ্ঠান ভাটি গোলা।ধুবুৰী চহৰৰ হৰিসভাৰ পুলিচ পয়েন্টৰ ওচৰত তেঁওলোকৰ এডোখৰ বহুত মূল্যৱান মাটি (দাগ নম্বৰ ১০৪ )। উক্ত মাটি ডোখৰ আনুষ্ঠানিক ভাৱে সোমবাৰে পৌৰসভাৰ হাতত হস্তান্তৰ কৰে।প্ৰয়াত কেদাৰ প্ৰসাদ ৰাম জী আৰু ভাটি গোলা পৰিয়ালৰ সদস্য সদস্যা সকলৰ এই মহানুভৱতাৰ ফলত ধুবুৰীৰ ৰাইজ উৎফুল্লিত হৈ পৰিছে।

Leave A Reply

Your email address will not be published.