কৰিমগঞ্জত ভূমিস্খলনৰ ফলত ৬ গৰাকী ব্যক্তিৰ সলিল সমাধি

ৰাহুল পাল, কৰিমগঞ্জ

কৰিমগঞ্জৰ কালিগঞ্জত সংঘটিত হয় এক মৰ্মান্তিক ঘটনা। ভূমিস্খলনত মাটিৰ তলত সলিল সমাধি ঘটিল ৬ গৰাকী লোকৰ। একেটা পৰিয়ালৰ ৫ গৰাকী সদস্যৰ লগতে আন এটা পৰিৱালৰ এগৰাকী। ঘটনা কৰিমগঞ্জৰ কালিগঞ্জ থানা এলাকাৰ ৰহিমপুৰ গাঁওৰ। যোৱা কেইদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত মাটি খহি এই ঘটনা সংঘটিত হয়। মৃত লোকসকল ক্ৰমে আজিৰ উদ্দিন(৫৭), ৰাজিয়া বেগম(৪০) আফতাৰ হুছেইন(১০), আনুৱাৰ উদ্দিন(৭), তাহেৰা বেগম(৫) আৰু জয়নব বিবি(১৪)। মৃতকৰ মাজত তিনিগৰাকি শিশু সহ এগৰাকী মহিলাও আছে। ঘটনাৰ পাছত স্থানীয় ৰাইজে মাটি খুন্দি মৃতদেহ কেইটি উদ্ধাৰ কৰে এক্সিভেটৰৰ জৰিয়তে। ঘটনাৰ পিছত ঘটনাস্থলীত গৈ উপস্থিত হয় এছডিআৰএফ আৰু সদৰ থানাৰ আৰক্ষী। আৰক্ষীয়ে মৰণত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ অসামৰিক হাস্পিতাললৈ মৃতদেহ কেইটা প্ৰেৰণ কৰে। ইফালে মৃতলোক সকলক উদ্ধাৰ কৰিবলৈ যাওঁতে আহত হৈছে প্ৰায় দহ গৰাকী লোক। লগতে দুখন কৈ ঘৰ মাটিৰ তলত সোমাই যোৱাৰ ফলত দুটাকৈ গৃহপালিত জন্তুৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে।      ঘটোনাটো সংঘটিত হৈছে  পুৱতি নিশা আৰু এই ৬ গৰাকী সদস্য সকলো নিদ্ৰাৰত অৱস্থাত আছিল সেয়ে নিজকে ৰক্ষা কৰিব পৰা নোৱাৰিলে । ঘটনাকটোক লৈ সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ নামি আহিছে।

Related Articles