Breaking

সোণতলীৰ বৰলুইতৰ খহনীয়াৰ কালৰূপ : চৰকাৰ নিদ্ৰাত ।

0 678

দৈনন্দিন বাৰ্তা

দক্ষিণ কামৰূপ জিলাৰ বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত ছমৰীয়া ৰাজহ চক্ৰৰ অধিনস্থ সোণতলীত আজি কেবাবছৰ ধৰি ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই ভয়ানক দুৰ্যোগ কঢ়িয়াই আনিছে৷ আতংকৰ মাজত জীৱন-যাপন কৰিব লগা হৈছে সোণতলীৰ পানীখাইতী গৰৈমাৰী বিলৰজান গাঁৱৰ ৰাইজে৷ ইতিমধ্যে সোণতলীৰ লটুৰা দিয়া, ১ নং আৰু ২ নং জতিয়া দিয়া, বৰদিয়া নয়াপাৰা, লটুৰটাৰী আদি কৰি কুৰি খনৰো অধিক গাওঁ বৰলুইতৰ মাজত জাহ গৈছে৷ পানীখাইতী নৈ পৰীয়া চৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ এখন স্থাপন হৈছিল যদিও চিকিৎসকে ভৰি দিয়াৰ আগতেই বৰলুইতে গ্ৰাস কৰিলে স্বাস্থ্য কেন্দ্ৰখন৷ এটাৰ পিছত এটাকৈ অনুষ্ঠান-প্ৰতিষ্ঠান জাহ যাব ধৰিছে বৰলুইতৰ মাজত৷ জাহ গৈছে হাজাৰ হাজাৰ বিঘা কৃষি ভূমি, ঘৰ-দুৱাৰ ইত্যাদি৷ গৰাখহনীয়াত কৃষিভুমি জাহ যোৱাৰ পিছত খাদ্য সংকটত পৰি বহুতো পশুধনৰ মৃত্যু হোৱা বুলি অভিযোগ কৰিছে ভুক্তভোগী ৰাইজে৷ কেবাবছৰ আগতে  অসমৰ জল সম্পদ মন্ত্ৰী কেশৱ মহন্তই ২ নং পানীখাইতী প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গণত উপস্থিত হৈ গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ আশ্বাস দিছিল৷ তেওঁ কৈছিল যে আজিৰ পৰা দহ মিটাৰো নৈৰ পাৰৰ মাটি খহিব নিদিওঁ৷ কিন্তু মন্ত্ৰী মহোদয়ৰ কথা আজিওঁ ফেনৰ ফুটুকা হৈয়ে ৰ’ল৷ দহ মিটাৰৰ পৰিৱৰ্তে প্ৰায় ২ কিলোমিটাৰৰো অধিক ঠাই সম্পুৰ্ণ জাহ গৈছে লুইতৰ বুকুত৷  অঘৰী হিচাপে জীৱন-যাপন কৰিব লগা হৈছে গৰাখহনীয়াৰ ভুক্তভোগী সকলে৷  আনকি যিখন বিদ্যালয়ত মন্ত্ৰী মহোদয়ে গৰাখহনীয়া প্ৰতিৰোধৰ আশ্বাস দিছিল  সেইখন বিদ্যালয়ো জাহ গৈছে বৰলুইতৰ মাজত৷ উল্লেখ্য যে, পানীখাইতী পূৱ আৰু পশ্চিমফালে কিছু পৰিমাণে জিয় বেগৰ কাম কৰিছে যদিও মাজত দুই কিলোমিটাৰ ঠাই কোনো ধৰণৰ প্ৰতিৰোধৰ ব্যৱস্থা নকৰাত আতংকৰ সৃষ্টি হৈ গৈছে৷ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ লগে লগে বৰ্তমান খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে৷ যাৰ ফলত খহনীয়া প্ৰতিৰোধৰ বাবে পানীখাইতীৰ পূৱ আৰু পশ্চিমে চৰকাৰে কোটি কোটি টকা ব্যয় কৰা জিয় বেগৰ কোনো কামত নাহিব সেয়া নিশ্চিত বুলি ক’ব পৰা যায়৷ উল্লেখযোগ্য যে, পানীখাইতীৰ তীব্ৰ খহনীয়াৰ মাজতে বৃহস্পতিবাৰে জিলা পৰিষদৰ সদস্য স্বাহজাহান আলী, মাহতলী গাঁও পঞ্চায়তৰ সভাপতি তাইজুদ্দিন আহমেদ, আঞ্চলিক সদস্য আমিন মইনুল হকৰ লগতে চৰ-চাপৰি যুৱ ঐক্য মঞ্চৰ সভাপতি ইউনুছ আলী মোল্লাহৰ  অনুৰোধ মৰ্মে বৃহস্পতিবাৰে সহকাৰী কাৰ্যকৰী অভিযন্তা দিপাংকৰ ৰায় পানীখাইতীত উপস্থিত হয়৷ স্মৰ্তব্য যে, পানীখাইতী অঞ্চলত খহনীয়াৰ কবলত পৰা প্ৰায় দুই কিলোমিটাৰ ঠাই পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়৷ সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎ অভিযন্তা গৰাকীয়ে কয় যে, বৰ্তমান হাতত পুজি নথকাৰ বাবে হে বাকি থকা কামখিনি কৰিব পৰা নাই৷ চৰকাৰে অনুমতি দিলে হে খহনীয়া প্ৰতিৰোধৰ কাম কৰিব পাৰিব বুলি মত প্ৰকাশ কৰে৷ ইপিনে অতিশীঘ্ৰে গৰাখহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ নকৰিলে অসমৰ মানচিত্ৰৰ পৰা নাইকিয়া হ’ব বৃহত্তৰ সোণতলী লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান৷ জাহ যাব সোণতলী পৰিদৰ্শন বাংলা, সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, সোণতলী আৰক্ষী চকীৰ লগতে বিদ্যালয়-মহাবিদ্যালয়৷ সেয়ে অতি সোনকালে গৰাখহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে স্থানীয় ৰাইজে৷

Leave A Reply

Your email address will not be published.