Breaking

লামডিং ৰেল ষ্টেচনত বৃহত পৰিমাণৰ ব্ৰাউন সুগাৰ উদ্ধাৰ

0 569

ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ পিছত ও একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে বৰ্তমান ও চলাই আ্ছে নিষিদ্ধ ঘোষিত ড্ৰাগছৰ ৰমৰমীয়া বেহা লামডিং ৰেলৱে জংচনত উদ্ধাৰ কৰা হয় বৃহৎ পৰিমাণৰ ড্ৰাগছ। গুৱাহাটী -লামডিং ৰেলৱে সুৰক্ষা বাহিনীৰ (আৰ পি এফ) ৰ তহলদাৰী দলে উদ্ধাৰ কৰে ব্ৰাউন চুগাৰখিনি । ১৫৬২৫ উজনীমুৱা দেওগড় আগৰতলা এস্কপ্ৰেছ ৰেলখনৰ AC ডবাৰ এটা পৰিত্যক্ত বেগৰ পৰা ৰেলৱে সুৰক্ষা বাহিনীৰ তহলদাৰী দলে জব্দ কৰে ব্ৰাউন চুগাৰখিনি৷

৫৭ টা চাবোনৰ বাকচত ৭৫৫ গ্ৰাম ব্ৰাউন চুগাৰ উদ্ধাৰ হয় ৷ উদ্ধাৰ কৰা ব্ৰাউন চুগাৰখিনিৰ বজাৰ মূল্য প্ৰায় ৭৫ লাখ টকাৰ অধিক হ’ব বুলি জানিব দিয়ে ৰেলৱে সুৰক্ষা বাহিনীয়ে ৷ আৰ পি এফৰ দলটিয়ে যদিওবা বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰখিনি জব্দ কৰিছে কিন্তু এই সংক্ৰান্তত এতিয়ালৈকে এজনকো আটক কৰিবলৈ সক্ষম হোৱা নাই৷

Leave A Reply

Your email address will not be published.