Breaking

টৌভঙাৰ দুৰ্ঘটনাত মৃত্যু হোৱা সামৰিক বাহিনীত কৰ্মৰত ৰূপক হাজৰিকাক বিশ্বনাথৰ বালিচাঙৰ বাসগৃহত শেষ শ্ৰদ্ধাঞ্জলি বিভিন্নজনৰ

0 51

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ টৌভঙাৰ ১৫ নম্বৰ ৰাষ্ট্ৰীয় পথত বুধবাৰে পুৱা সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত তেজপুৰ দিশৰ পৰা আহি থকা এখন ডাম্পাৰ আৰু মটৰ চাইকেলৰ মাজত হোৱা সংঘৰ্ষত থিতাতে মৃত্যু হয় ৰূপক হাজৰিকা (২৫) নামৰ এজন মটৰ চাইকেল আৰোহীৰ।

এই দুৰ্ঘটনাত সামৰিক বাহিনীত কৰ্মৰত ৰূপকে ভ্ৰাতৃ নৃপেন হাজৰিকাৰ মটৰ চাইকেলখনেৰে লখৰা সেনা বাহিনীৰ কেন্টিনৰ পৰা প্ৰয়োজনীয় সামগ্ৰী লৈ বিশ্বনাথ চাৰিআলিৰ বালিচাঙৰ গৃহ অভিমুখে উভতি অহাৰ পথত মৃত্যু হয়।

দুৰ্ঘটনাৰ খবৰ পোৱাৰ মাত্রকে জামুগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ৰূপকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷

বৃহস্পতিবাৰে দিনৰ ৪ মান বজাত প্ৰয়াত সেনা জোৱান ৰূপক হাজৰিকাক বালিচাঙৰ নিজ বাসগৃহলৈ অনাৰ লগে লগে শোকাকুল পৰিবেশে বিৰাজ কৰে। বিভিন্ন জনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছতে শেষ কৃত সম্পন্ন কৰা হয়।

Leave A Reply

Your email address will not be published.