দেশৰ নদী পৰ্যটনৰ ক্ষেত্ৰত এক ন অধ্যায়ৰ সূচনা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰ্চুৱেলী বিশ্বৰ আটাইতকৈ দীঘল নদীভ্ৰমণ এম ভি গংগা বিলাসৰ শুভাৰম্ভ কৰে

দেশৰ নদী পৰ্যটনৰ ক্ষেত্ৰত এক ন অধ্যায়ৰ সূচনা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলী আজি বিশ্বৰ আটাইতকৈ দীঘল নদীভ্ৰমণ এম ভি গংগা বিলাসৰ শুভাৰম্ভ কৰে। উত্তৰ প্ৰদেশৰ বাৰাণসী আৰু অসমৰ ডিব্ৰুগড়ৰ মাজত ৩,২০০ কিল’মিটাৰ দূৰত্ব অতিক্ৰমৰ লক্ষ্যৰে বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰ্যালয়ৰ এই বৈপ্লৱিক পদক্ষেপে কেৱল অসমৰ পৰ্যটন সম্ভাৱনা বৃদ্ধি কৰাই নহয়, ৰাজ্যৰ ঐতিহ্যবহনকাৰী স্থান যেনে কাজিৰঙা, মা কামাখ্যা মন্দিৰক বিশ্ব পৰ্যটন স্থলী হিচাপে চিহ্নিত কৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।তদুপৰি প্ৰধানমন্ত্ৰী মোদীয়ে গুৱাহাটীত সামুদ্ৰিক দক্ষতা বিকাশ কেন্দ্ৰ উদ্বোধনৰ লগতে পাণ্ডুত এটি জাহাজ মেৰামতি কেন্দ্ৰ আৰু পাণ্ডু বন্দৰসমূহক ঘাইপথৰ সৈতে সংযোগ কৰা এলিভেটেড পথসমূহৰ শিলান্যাস কৰে।

এই পদক্ষেপসমূহে উত্তৰ-পূবক বিকাশ আৰু প্ৰগতিৰ ইঞ্জিনলৈ ৰূপান্তৰ কৰাৰ সম্ভাৱনীয়তাৰে প্ৰধানমন্ত্ৰীয়ে এক্ট ইষ্ট নীতিৰ এক নতুন অধ্যায়ৰ সূচনা কৰিছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱো ভাৰ্চুৱেলী এই শুভ কৰ্মভাগত উপস্থিত আছিল। পাণ্ডুত আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পদ নায়ক, সাংসদ কুইন ওজা উপস্থিত আছিল।

Related Articles