Breaking

জাৰ্মানী হৈ অলিম্পিক অভিমুখে উৰা মাৰিল লাভলিনা-প্ৰণামিকা

0 22

পেৰিছ অলিম্পিকৰ লক্ষ্যৰে শুকুৰবাৰে জাৰ্মানী হৈ অলিম্পিক অভিমুখে উৰা মাৰিল লাভলিনা বৰগোহাঁই ।দেশবাসীৰ অলেখ শুভেচ্ছা আৰু আশীৰ্বাদলৈ ভাৰতীয় বক্সিং দলটো আজি দুপৰীয়া নতুন দিল্লীৰপৰা আজি পেৰিছৰ দিশে ৰাওনা হয় । উল্লেখ্য যে পেৰিছত অনুষ্ঠিত হবলগীয়া অলিম্পিক খেলত অংশগ্ৰহণ কৰা দলটোত আছে অসমৰ লাভলিনা বৰগোহাঁইও । ইফালে ইয়াৰ পূৰ্বে ব্ৰঞ্জৰ পদক লাভ কৰিছিল যদিও এইবাৰ লক্ষ্য সোণক পদ আঁজুৰি অনা । ইফালে পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰিবলৈ যোৱা দলটোৱে জাৰ্মানীৰ ছাৰব্ৰুকেন নগৰীত ২২ জুলাই পৰ্যন্ত প্ৰশিক্ষণ গ্ৰহণ কৰাৰ লগতে সেই সময়ত তাত কেম্পত কেইবাখনো দেশৰ খেলুৱৈৰ সৈতে তেওঁলোকে বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দিতাতো অংশগ্ৰহণ কৰিব ।

লাভলিনাৰ লগতে আন গৰাকী অসমীয়াকো আমি এইবাৰৰ অলিম্পিকত ৰাষ্ট্ৰীয় মহিলা দলৰ প্ৰশিক্ষক পেনেলৰ অন্যতম সদস্য প্ৰণামিকা বৰাক দেখিবলৈ পাব। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ৰাষ্ট্ৰীয় মহিলা দলৰ প্ৰশিক্ষক প্ৰণামিকা বৰাৰ ঘৰ তিতাবৰৰ ওচৰৰ টিপমীয়া বৰপাচি গাঁৱত । ভাৰতীয় দলৰহৈ কেইবাবাৰো খেলা প্ৰণামিকাই এছিয়ান পৰ্যায়ত পদকো অৰ্জন কৰিছে । সম্প্ৰতি হাৰিয়ানাৰ ৰোহটাকত থকা বক্সিঙৰ চেন্টাৰ অৱ এক্সেলেন্সত খেলুৱৈ গঢ়াত মহিলা প্ৰশিক্ষক হিচাপে প্ৰণামিকা ব্যস্ত ।

Leave A Reply