Breaking

আৰক্ষী অধীক্ষক সুপ্ৰিয়া দাসৰ উপস্থিতিত মুকালমুৱাত আইন সজাগতা সভা…

0 12

মুকালমুৱাস্থিত লোক নিৰ্মাণ বিভাগৰ পৰিদৰ্শন ভৱনত এখন আইন সজাগতা সভা অনুষ্ঠিত হয়। সজাগতা সভাখনত নলবাৰী জিলা আৰক্ষী অধীক্ষক সুপ্ৰিয়া দাসে উপস্থিত থাকি ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ অধিনিয়ম এই তিনিখন আইন সম্পৰ্কে অবগত কৰে। সজাগতা সভাখনত ওনলাইন মাধ্যমত দুষ্টলোকে সংঘটিত কৰা বিভিন্ন অপৰাধ সন্দৰ্ভত গুৰুত্ব দিয়া হ’ব বুলি কয় আৰক্ষী অধীক্ষ সুপ্ৰিয়া দাসে।

আজিৰ সজাগতা সভাখনত উপস্থিত থাকে মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নীলমনি নাথ সহ আৰক্ষী বিষয়া সকল, গাওঁৰক্ষী বাহিনীৰ চক্ৰ সংগঠক চৈয়দ নজৰুল ইছলাম, নলবাৰী জিলাৰ কেইবাজনো শীৰ্ষ আৰক্ষী বিষয়া, ভাংনামাৰী আৰু শিয়ালমাৰী আৰক্ষী থানাৰ বিষয়া সকলৰ লগতে মুকালমুৱা আৰক্ষী থানাৰ নাগৰিক সমিতিৰ বিষয়ৱবীয়া, সদস্য সকল, একাংশ গাঁও প্ৰধান।

Leave A Reply