Lawrance Bishnoi gang: ডাউডৰ পদাংক অনুসৰণ কৰি আগবাঢ়িছে লৰেন্স বিষ্ণৈ গেং

নতুন দিল্লী, ১৬ অক্টোবৰ: মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী তথা এনচিপি নেতা বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ পিছতেই চৰ্চালৈ আহিছে লৰেন্স বিষ্ণৈ গেং(Lawrance Bishnoi gang)ৰ নাম। ধৃত অভিযুক্তৰ জেৰাৰ পাছতেই মুম্বাই আৰক্ষী নিশ্চিত হৈছিল যে, যে হত্যাকাৰীয়ে লৰেন্স বিষ্ণৈ গেঙৰ পৰা হত্যাৰ চুপাৰী লৈছিল। হত্যাকাণ্ডৰ তদন্ত চলাই থকা ক্ৰাইম ব্ৰাঞ্চৰ দলে ঘটনাৰ এদিন পাছতে অৰ্থাৎ ১৩ অক্টোবৰৰ দিনা পুনেৰ পৰা প্ৰবীণ লনকৰক গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীয়ে জনোৱা মতে, প্ৰবীণৰ ভাতৃ শুভম লনকৰৰ গেংষ্টাৰ লৰেন্স বিষ্ণৈৰ সৈতে পূৰ্বৰে পৰা সম্পৰ্ক আছে।

আৰক্ষীৰ তদন্তত এই তথ্যও পোহৰলৈ আহিছে যে, বাবা ছিদ্দিকীৰ ওপৰত গুলীচালনা কৰা গুৰমাইল সিং, ধৰ্মৰাজ কাশ্যপ আৰু শিৱ কুমাৰৰো লৰেন্স বিষ্ণৈ গেঙৰ সৈতে সন্পৰ্ক আছে (Baba Siddiqui assassination)। ইফালে এই গেংটোৱে ছ’চিয়েল মিডিয়াত এটা পোষ্টৰ জৰিয়তে এই হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰিছে ।

ছচিয়েল মিডিয়াৰ পোষ্টৰ জৰিয়তে যুৱক-যুৱতীক আকৰ্ষিত কৰিছে বিষ্ণৈ গেংয়ে

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা এন আই এৰ তদন্তত এই কথা স্পষ্ট হৈ পৰিছে যে, ছ’চিয়েল মিডিয়া প’ষ্টৰ জৰিয়তে যুৱক যুৱতীসকলক বিষ্ণৈ গেং‌ঙে নিজৰ ফালে আকৰ্ষণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। কেৱল মাত্ৰ পঞ্জাৱতে সীমাবদ্ধ এই গেংটোৱে হাৰিয়ানা, দিল্লী আৰু ৰাজস্থানৰ অন্যান্য অপৰাধী চক্ৰৰ সৈতে সংযোজিত হৈ নিজৰ এটা বৃহৎ নেটৱৰ্ক গঢ়ি তুলিবলৈ সক্ষম হৈছে। এন আই এয়ে উল্লেখ কৰা অনুসৰি, গেংষ্টাৰ লৰেন্স বিষ্ণৈৰ সহযোগী গোল্ডি ব্ৰাৰৰ সহায়ত লৰেন্স বিষ্ণৈৰ গেংটোৱে নিজৰ পৰিধি সম্প্ৰসাৰণ কৰিছে।”

বিষ্ণৈ গেঙে একাংশ যুৱক-যুৱতীক গেঙত অন্তৰ্ভূক্ত কৰাৰ প্ৰক্ৰিয়াৰ বিষয়েও এন আই এৰ তদন্তত প্ৰকাশ পাইছে । গেংটোৱে যুৱক-যুৱতীসকলক কানাডা বা নিজৰ পছন্দৰ আন কোনো দেশলৈ যোৱাৰ প্ৰলোভন দেখুৱাই আকৃষ্ট কৰিবলৈ চেষ্টা কৰে । বৰ্তমান পঞ্জাৱ, উত্তৰ প্ৰদেশ, হাৰিয়ানা, মহাৰাষ্ট্ৰ, দিল্লী, ৰাজস্থান, ঝাৰখণ্ডকে ধৰি সমগ্ৰ উত্তৰ ভাৰতত লৰেন্স বিষ্ণোই গেঙে বিস্তাৰ লাভ কৰিছে।

এন আই এৰ মতে, “ছ’চিয়েল মিডিয়া আৰু আন বহু পদ্ধতিৰে যুৱক-যুৱতীসকলক গেঙত ভৰ্তি কৰোৱা হয়। বিষ্ণৈ আৰু গোল্ডি ব্ৰাৰৰ ফটো ফেচবুক, ইনষ্টাগ্ৰাম আৰু ইউটিউবৰ দৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত প্ৰকাশ কৰা হৈছে।”

সংস্থাটোৱে জনোৱা মতে, বিষ্ণৈক আদালতলৈ লৈ যোৱা আৰু ঘূৰাই অনাৰ ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে যাতে বৃহৎ সংখ্যক যুৱক-যুৱতীয়ে ইয়াক দেখি অনুপ্ৰাণিত হ’ব পাৰে।

এন আই এয়ে দাবী কৰিছে যে, ৬৫০ জনতকৈ অধিক শ্বুটাৰৰ সৈতে কাম কৰা লৰেন্স বিষ্ণৈ গেঙে ডাউদ ইব্ৰাহিমৰ পদাংক অনুসৰণ কৰি কুখ্যাত হ’বলৈ চেষ্টা কৰিছে । এন আই এয়ে ইতিমধ্যে লৰেন্স বিষ্ণৈ আৰু গোল্ডি ব্ৰাৰ(Goldy Brar)কে ধৰি ১৬টা গেংষ্টাৰৰ বিৰুদ্ধেও ইউএপিএৰ অধীনত অভিযোগনামা দাখিল কৰিছে । এন আই এৰ অভিযোগনামাত প্ৰকাশ পাইছে যে লৰেন্স বিষ্ণৈ আৰু তেওঁৰ ক্ৰিমিনেল ছিণ্ডিকেটে দ্ৰুতগতিত বিস্তাৰ লাভ কৰিছে ।

মুম্বাই আৰক্ষীয়ে বিচাৰিও এই পৰ্যন্ত জিম্মাত ল’ব পৰা নাই লৰেন্স বিষ্ণৈক

ইফালে বাবা ছিদ্দিকিৰ হত্যাৰ ঘটনাত লৰেন্স বিষ্ণৈ গেংৰ সম্পৰ্ক ওলাই অহাৰ পাছত মুম্বাই আৰক্ষীয়ে(Mumbai Police) গুজৰাটৰ ছাবৰমতী জেলত কাৰবন্দী হৈ থকা গেংষ্টাৰ লৰেন্স বিষ্ণৈক জিম্মাত লৈ জেৰা চলাব বিচাৰিছে যদিও আৰক্ষীয়ে বৰ্তমানেও জিম্মাত লব পৰা নাই ।

সূত্ৰ অনুসৰি, এপ্ৰিল মাহত অভিনেতা ছলমান খানৰ ঘৰৰ বাহিৰত গুলীচালনাৰ ঘটনাৰ পাছত মুম্বাই আৰক্ষীয়ে সাবৰমতী কাৰাগাৰত কাৰাবন্দী হৈ থকা বিষ্ণৈক জিম্মাত লবৰ বাবে বাবে বহুকেইবাৰ আবেদন জনাইছিল যদিও গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশৰ বাবে এই আবেদনসমূহ প্ৰত্যাখ্যান কৰা হৈছে ।

ড্ৰাগছ সৰবৰাহৰৰ এটা গোচৰত ২০২৩ চনৰ আগষ্ট মাহত দিল্লীৰ তিহাৰ কাৰাগাৰৰ পৰা বিষ্ণোইক সাবৰমতী কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। ইয়াৰ পিছতে ২০২৩ চনৰ অক্টোবৰ মাহত গৃহ মন্ত্ৰালয়ে ফৌজদাৰী প্ৰক্ৰিয়া সংহিতাৰ (CrPC) ধাৰা ২৬৮ৰ অধীনত এক নিৰ্দেশ জাৰি কৰিছিল যে কোনো ৰাজ্য বা তদন্তকাৰী সংস্থাই এবছৰৰ বাবে লৰেন্স বিষ্ণৈক জিম্মাত বিচাৰিব নোৱাৰিব।

অৱশ্যে এই ধাৰাৰ অধীনত আইন-শৃংখলা বিঘ্নিত হোৱাৰ আশংকা থাকিলে কয়দীৰ চলাচল নিষিদ্ধ কৰাৰ ক্ষমতা চৰকাৰক দিয়া হৈছে। গৃহ মন্ত্ৰালয়ৰ এই নিৰ্দেশ চলিত বৰ্ষৰ আগষ্ট মাহ পৰ্যন্ত কাৰ্যকৰী আছিল যদিও সূত্ৰৰ পৰা জানিব পৰা মতে আৰু এবছৰলৈ নিৰ্দেশৰ ম্যাদ বৃদ্ধি কৰা হৈছে। ইয়াৰ বাবেই তদন্তকাৰী বিষয়াসকলে লৰেন্স বিষ্ণৈৰ জিম্মা লাভ কৰাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে।

উল্লেখ্য যে, ২০২২ চনত পাঞ্জাবী গায়ক সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ড(Sidhu Moosewala murder)ৰ দায়িত্ব লোৱাৰ পিছতে বিষ্ণৈ গেংৰ এই চক্ৰটোৱে লাইমলাইটলৈ আহিছিল ৷ তাৰোপৰি চলিত বৰ্ষৰ এপ্ৰিল মাহত বান্দ্ৰাৰ ছলমান খানৰ গেলাক্সি এপাৰ্টমেণ্টৰ বাহিৰত সংঘটিত গুলীচালনাৰ দায়িত্বও লৈছিল এই গেংটোৱে । লৰেন্স বিষ্ণৈৰ ভাতৃ আনমোল আৰু গেংষ্টাৰ গোল্ডি ব্ৰাৰ আৰু ৰোহিত গোডাৰাই এই অপৰাধী দলটোক চলাই আহিছে । এই গেংটোৱেই ক’লা হৰিণ চিকাৰৰ বিষয়টোৰ সন্দৰ্ভত ছলমান খান আৰু তেওঁৰ ঘনিষ্ঠসকলক বিভিন্ন সময়ত হত্যাৰ ভাবুকি দি আহিছে ।

সেয়েহে মুম্বাই আৰক্ষীয়েও ছলমান খানক ভাবুকি দিয়াৰ গোচৰটোক লৈ লৰেন্স বিষ্ণৈক জেৰা চলাবৰ বাবে জিম্মা বিচাৰি আহিছে । কিন্তু কেন্দ্ৰীয় চৰকাৰৰ অনুমতিৰ পিছতহে মুম্বাই আৰক্ষীয়ে লৰেন্স বিষ্ণৈক জিম্মাত ল’ব পাৰিব।

লগতে পঢ়ক: NCP Leader Baba Siddique Shot Dead: মুম্বাইত এন চি পিৰ নেতা বাবা ছিদ্দিকক গুলীয়াই হত্যা; ২ জনক গ্ৰেপ্তাৰ

Related Articles