চৰাইদেউ সাপেখাতীত মহিলা ভাওনা উদযাপনৰ উপলক্ষে লাই খুঁটা স্থাপন

চৰাইদেউ জিলা অগ্ৰণী মহিলা মঞ্চৰ উদ্যোগত আৰু চৰাইদেউ চুকাফা নাট্য গোষ্টী আৰু স্থানীয় ৰাইজৰ সহযোগত অহা ২আৰু ৩ নৱেম্বৰত   দুদিনীয়া কৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ লোৱা চৰাইদেউ জিলাৰ প্রথম মহিলাৰ দ্বাৰা  মৎস্য অৱতাৰ চাৰি বেদ উদ্ধাৰ ভাওনা প্ৰদৰ্শনৰ  অনুষ্ঠানটি উদযাপন কৰাৰ উদ্দেশ্যে  আজি সাপেখাতী চাৰিআলি মজলীয়া বিদ্যালয়ৰ খেলপথাৰ প্ৰাংগণত  লাই খুঁটা স্থাপন কৰা হয় ।আয়তিৰ উৰুলিৰে ব্যাপক উৎসাহ উদ্বিপনাৰ মাজৰ  মহিলা ভাওনাপ্ৰদৰ্শন অনুষ্ঠানৰ লাই খুঁটা স্থাপন কৰে উদযাপন সমিতিৰ সভাপতি হৰেন গগৈয়ে ।অহা ২ আৰু ৩ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে হ’ব লগা এই  মহিলা ভাওনাক  লৈ ইতিমধ্যে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে।ভাওনা উদযাপন  সমিতিৰ অন্যতম সম্পাদক পূৰবী দুৱৰাই  আঁত ধৰা অনুষ্ঠানত কাৰ্যকৰী সভাপতি  বাসনা ফুকন ,  সাংস্কৃতিক সম্পাদক জয়ন্ত বৰুৱা , স্মৰণিকাৰ  সভাপতি অৰুণ গগৈ ,  সমাজ সেৱক  ফণীন্দ্ৰ শইকীয়া ,  জ্যোতিপ্ৰসাদ গগৈ , পবি গগৈ  , সুৰুজ বুঢ়াগোহাঁই , সমাজ সেৱক শিৱ গগৈ , থুলন গগৈ  ,ললিতা বড়া , হিৰণ্য গগৈ , বুলিনীছা বুঢ়াগোহাঁই , মেঘালী ৰাজকুমাৰী , গীতাঞ্জলি কোঁৱৰকে   ধৰি বহু কেইজন বিষয়ববীয়াৰ লগতে  ৰাইজ উপস্থিত থাকে

Related Articles