মণিপুৰত লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীঃ মেইটেই সাহায্য শিবিৰ পৰিদৰ্শন কৰি ৰাইজৰ সৈতে মত বিনিময় ৰাহুল গান্ধীৰ…

সোমবাৰে অসমত উপস্থিত হয় কংগ্ৰেছ নেতা ৰাহুল গান্ধী৷শিলচৰত উপস্থিত হোৱাৰ পাচতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ লগতে মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওক্ৰামইব’ বিসিং আৰু মণিপুৰৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি কেইশাম মেঘ চন্দ্ৰই আদৰণি জনায় ৰাহুল গান্ধীক৷চলিত বানত ৰাজ্যবাসীয়ে সন্মুখীন হোৱা দুৰ্যোগপূৰ্ণ অৱস্থাৰ লগতে ক্ষয়-ক্ষতি সম্বন্ধে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেনবৰা সমন্বিতে কেবাগৰাকীও নেতাই ৰাহুল গান্ধীক এক প্ৰতিবেদন দাখিল কৰে৷ পুৱা ৯.১৫ বজাত শিলচৰ কুম্ভীৰ গ্ৰাম বিমান বন্দৰৰ পৰা পোনেপোনে লক্ষীপুৰৰ ফুলেৰতল আশ্ৰয় শিবিৰপ ৰিদৰ্শন কৰিবলৈ যায় ৰাহুল গান্ধী৷ তাৰপৰা পুনৰ মণিপুৰ ৰজিৰিবাম জিলা অভিমুখে ৰাওনা হয় ৰাহুল।

জিৰিবামত গৈ যোৱা জুন মাহত হোৱা হিংসাত্মক ঘটনাৰ শেহতীয়া পৰিস্থিতিৰ বুজ লয় আৰু আশ্ৰয় শিবিৰ সমূহ পৰিদৰ্শন কৰি মত বিনিময় কৰে লোকসভাৰ বিৰোধী নেতাগৰাকীয়ে। ইয়াৰ পিচত কংগ্ৰেছ নেতাগৰাকী পুনৰ শিলচৰ বিমান বন্দৰলৈ উভতি অহাৰ কথা৷ শিলচৰৰ পৰা বিশেষ বিমান যোগে বিয়লি ৩.৩০ বজাত ইম্ফলত উপস্থিত হৈ চূড়াচান্দপুৰ আৰু টুইবং আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে।

Related Articles