Breaking

বেঙেনাৰ কেইটামান স্বাস্থ্যবৰ্ধক গুণাগুণৰ বিষয়ে জানক…

0 101

সাধাৰণতে খোৱাৰ পাতত পাচলিজাতীয় খাদ্যসামগ্ৰীৰ ভিতৰত আলুৰ পাছতে বেঙেনাই স্থান পায়। বেঙেনা মূলৰুপত আমাৰ দেশ ভাৰতবৰ্ষত উৎপাদন কৰা হয় । সেয়ে ইয়াৰ মহত্ব তথা স্বাস্থ্য সম্বন্ধীয় গুণাগুণ আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ হৈ পৰে । পোষক পদাৰ্থৰ দৃষ্টিৰে বেঙেনাত কেলছিয়াম, ফছফৰাছ,লৌহ পদাৰ্থ,পটাছিয়াম তথা মেংগানিজ মধ্যম মাত্ৰাত পোৱা যায় । ইয়াৰ লগতে ভিটামিন এ আৰু ভিটামিন বি কমপ্লেক্স কিছু পৰিমাণে থাকে । দেখাত টান যেন লাগিলেও বেঙেনাত ৯২% পানী পোৱা যায় ।

বেঙেনাৰ স্বাস্থ্যবৰ্ধক গুণাগুণ –

  • ফাইবাৰ হ’ল এবিধ পোষক পদাৰ্থ, যি শৰীৰৰ পাচন প্ৰক্ৰিয়া সুগম কৰি তোলে । বেঙেনা খালে আপোনাৰ শৰীৰে ২ গ্ৰাম ফাইবাৰ লাভ কৰিব । সেয়ে নিয়মীয়া আহাৰত বেঙেনাক অন্তৰ্ভূক্ত কৰক ।
  • বেঙেনাই শৰীৰৰ ছালক হাইড্ৰেট কৰি ৰাখে আৰু ইয়াক ভিতৰৰ পৰা কোমলতা প্ৰদান কৰে। সেয়ে যিসকল ব্যক্তিৰ ছাল আৰু চুলি ৰুক্ষ আৰু শুকান হয়,তেওঁলোকে বেঙেনা খাবলৈ আৰম্ভ কৰি দিয়ক ।
  • বেঙেনাই শৰীৰৰ বৰ্ধিত চৰ্বি নাশ কৰে আৰু কেলৰি হ্ৰাস কৰে । বেঙেনাত ফাইবাৰ পোৱা যায়,যাক খালে পেট ভৰি যায় আৰু ভোক নালাগে । ইয়াৰ দ্বাৰা ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰতো সহায়ক হয় ।

  • বেঙেনাৰ গছত যথেষ্ট পৰিমাণৰ নিউট্ৰিচনচ পোৱা যায়, যি মগজুৰ শ্ৰীবৃদ্ধিৰ বাবে উপযোগী। ই মগজুৰ ফ্ৰি ৰেডিকেলচবিলাকৰ বৃদ্ধিত বাধা প্ৰদান কৰে আৰু মগজুৰ বিকাশ সাধন কৰে ।
  • হাই ফাইবাৰ আৰু কম কাৰ্বহাইড্ৰেট থকাৰ বাবে বেঙেনা মধুমেহ ৰোগীসকলৰ বাবে উপযোগী । ই আপোনাৰ চুগাৰ লেভেল কম কৰিব পাৰে ।
  • বেঙেনা হৃদৰোগ,যকৃতৰ ৰোগ আৰু কেঞ্চাৰ ৰোগৰ ক্ষেত্ৰতো চিকিৎসকৰ দ্বাৰা এক স্বাস্থ্যবৰ্ধক সুপথ্য হিচাপে প্ৰয়োগ কৰিবলৈ পৰামৰ্শ দিয়া হয় ।

বিশেষ দষ্ট্ৰব্যঃ- বেঙেনাৰ উপকাৰী দিশ আছে যদিও কিছুমান ক্ষেত্ৰত ইয়াক খোৱাৰ ফলত সৃষ্টি হোৱা ক্ষতিকাৰক প্ৰভাৱক সহজতে ওলাই কৰিব নোৱাৰি

Leave A Reply

Your email address will not be published.