ক’লা জামুৰ উপকাৰীতাৰ বিষয়ে জানক…
জামুৰ আন আন কেইটিমান উপকাৰী প্ৰয়োগ হ’ল –
- সুলভ মূল্যৰ সুগন্ধি আতৰ বনোৱাত ব্যৱহৃত হয়৷
- জাম, জেলি, চৰবত আদি বনোৱা হয়৷
- জামু গুটিৰ পৰা ডায়েবেটিজ ৰোগীৰ বাবে উপযোগী হাৰ্বেল-টি বনোৱা হয়৷
- ফিলিপাইনচ দেশত আৰু আমাৰ দেশৰ গোৱাত ইয়াৰ পৰা মদ বনোৱা হয়৷
- টুথপেষ্ট বনোৱাত জামুৰ ব্যৱহাৰ কৰা হয়৷
- ইয়াৰ কাঠৰ পৰা ঘৰৰ ফাৰ্ণিচাৰ, ৰেলৱে শ্লিপাৰ, নৌকা, গীটাৰ জাতীয় বাদ্যযন্ত্ৰ নিৰ্মাণ কৰা হয়৷
- ইয়াৰ পাতৰ পৰা ওলোৱা তেলত এন্টিঅক্সিডেন্ট গুণ থকা হেতুকে ঔষধ নিৰ্মাণত ব্যৱহাৰ কৰা হয়৷ এনে তেলৰ বিষহাৰী, বীজাণুনাশক, কীটনাশক আৰু এন্টিফাংগেল গুণ দেখা যায় ৷
- জামুগছে পাৰিপাৰ্শ্বিকতা সুন্দৰ কৰে৷