কেঁচা জলকীয়াৰ স্বাস্থ্যসন্মত গুণ সমূহৰ বিষয়ে জানক…
কেঁচা জলকীয়াই ছাল সুস্থ আৰু সুন্দৰ কৰি তোলাত অতি উপকাৰী ভূমিকা পালন কৰে। ইয়াত থকা ভিটামিন ‘চিয়ে মূলতঃ ছাল স্বাস্থ্যকৰ আৰু উজ্জ্বল কৰি ৰাখে। কেঁচা জলকীয়াই ব্যক্তিৰ হজম শক্তি বৃদ্ধি কৰে। ভিটামিন ‘চি’ৰ আধিক্যৰ বাবেই দৈনিক আহাৰৰ সৈতে কেঁচা জলকীয়া খালে আহাৰ সোনকালে হজম হয়।
শুনিবলৈ আচৰিত যদিও কেঁচা জলকীয়াই ওজন হ্রাস কৰাত সহায় কৰে। দেহৰ অতিৰিক্ত মেদ-চৰ্বি হ্ৰাস কৰি তোলাত কেঁচা জলকীয়া অনন্য। তদুপৰি ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে। বর্তমান অতি কমবয়সীয়া কিশোৰ-কিশোৰীৰ পৰা আদি কৰি প্ৰাপ্তবয়স্ক, বয়স্ক বয়সৰ প্ৰতি স্তৰৰ ব্যক্তি মধুমেহ ৰোগত আক্রান্ত হোৱা দেখা যায়। মধুমেহ ৰোগীয়ে প্রতিদিনেই নিজৰ খাদ্য তালিকাত কেঁচা ফলত শৰীৰৰ ‘ছুগাৰ লেভেল’ নিয়ন্ত্রিত হয়।
কেঁচা জলকীয়া এন্টি অক্সিজেনেৰে পূর্ণ। সেয়েহে ই প্রাকৃতিক সুৰক্ষাস্বৰূপে কাম কৰি শৰীৰক “ফ্রি ৰেডিকেল’ হোৱাৰ পৰা ৰক্ষা কৰে। তদুপৰি কেঁচা জলকীয়া প্ৰষ্টেটৰ সমস্যাও দূৰ কৰি ৰখাত সহায়কাৰী। কেঁচা জলকীয়াৰ পৰা এণ্ডৰফিন নামৰ উপাদান নিৰ্গত হয়। যি ব্যক্তিৰ মানসিক স্বাস্থ্য ভালে ৰখাত সহায় কৰে। আনহাতে কেঁচা জলকীয়াই বিভিন্ন বিষো উপশম কৰে। কেঁচা জলকীয়াৰ এণ্টিবেক্টেৰিয়েল উপাদানে ছালৰ বিভিন্ন ধৰণৰ সংক্রমণ ৰোধ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কেঁচা জলকীয়া ভিটামিন ‘কে’ ৰে পৰিপূৰ্ণ। ই এষ্টিঅ’পেৰ’ছিছৰ সম্ভাৱনা ৰোধ কৰাত সহায় কৰে।