আলুত থকা উপাদানৰ বিষয়ে জানক…

আলুৰ উপকাৰিতা

  • উচ্চ ৰক্তচাপ বাবে: আলুত কলৰ তুলনাত বেছি পটেচিয়াম থাকে। পটেচিয়ামে তেজৰ নলী বহলাই ৰাখি ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে। পটেচিয়ামৰ উপৰি কোকএমাইন হ’ল এই ক্ষেত্ৰত উপযোগী।
  • হৃদৰোগৰ বাবে: ভিটামিন বি-৩, ভিটামিন চি, পটেচিয়াম আদিয়ে দেহক ষ্ট্ৰ’ক আৰু হৃদৰোগৰ পৰা সুৰক্ষা দিয়ে। ছাউথ কেলিফর্নিয়া ইউনিভাৰ্ছিটিৰ মতে আলুত থকা ফাইবাৰেও হৃদৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰে।

  • কলেষ্টেৰলৰ বাবে: আলুত থকা ফাইবাৰে কলেষ্টেৰল কমোৱাত সহায় কৰে।
  • কৰ্কট ৰোগ প্ৰতিৰোধক: ২০১৭ চনৰ Journel of Bioxhemistry ত প্রকাশিত তথ্য মতে আলুৰ এন্টিঅক্সিডেট আৰু এন্টিইনফ্লেমেটৰী গুণ থকা হেতুকে ক’লনৰ আৰু আন কেন্‌ছাৰত আক্ৰান্ত হোৱাৰ সম্ভাৱনা হ্রাস পায়।
  • মস্তিষ্কৰ বাবে: আলুত থকা আলফা লিপ’য়িক এচিড আৰু কো-এনজাইমে এলজাইমাৰ আৰু আন মানসিক ৰোগৰ সম্ভাৱনা কমায়। ভিটামিন চি ডিপ্রেশন কমোৱাত সহায়ক বুলি জনা যায়।
  • সুনিদ্ৰাৰ সহায়ক: পটচিয়ামৰ মাংসপেশী শিথিল কৰা গুণৰ বাবে সেয়া সম্ভৱপৰ।
  • হাড়ৰ সুৰক্ষাত: Maryland Medical University-ৰ মতে মেগনেছিয়াম আৰু পটেচিয়ামে হাড়ক সুৰক্ষা দিয়ে।
  • হালধীয়া আৰু বেঙুনীয়া আলুৱে অস্তিঅ’আৰ্থাইটিছ কম কৰে বুলি আৰ্থাইটিছ ফাউণ্ডেশ্যন জনাইছে।
  • পাক প্ৰণালীৰ উপকাৰিতা: আলুত থকা ফাইবাৰে খাদ্য সহজে হজম কৰায়। ডায়েৰিয়া ৰোধ কৰা। শৌচ খোলোচা কৰে।

  • ইমিউনিটি বৃদ্ধি: এণ্টিঅক্সিডেণ্ট আৰু ভিটামিনসমূহৰ বাবে সেয়া সম্ভৱপৰ।
  • কিড্‌নীৰ পাথৰৰ চিকিৎসা: মেগনেছিয়াম আৰু ফাইবাৰৰ এই ক্ষেত্ৰত ভূমিকা আছে। পাথৰ হোৱা ৰোগীয়ে আলুৰ সৈতে পানী বেছিকৈ খাব লাগে।
  • স্কাৰ্ভিৰোধক: ভিটামিন চিৰ বাবে সম্ভৱ।
  • ঋতুস্ৰাৱৰ সমস্যাত: আলুৱে চেৰটনিনৰ যোগেদি ক্ৰিয়া কৰি ৰজোনিবৃতি হোৱা মহিলাৰ মনৰ উদ্বিগ্নতা হ্রাস কৰে।
  • ছালৰ দাগ বাবে: ছালৰ ৰং উজ্জ্বল ৰাখে। চকুৰ ক’লা দাগ আলুৰ প্ৰয়োগে আঁতৰ কৰিব পাৰে। শালমইনা, ক’লা দাগ, চানবান আদিৰ বাবে আলু সিদ্ধ কৰি পিটিকি ল’ব। তাত কিছু দৈ আৰু নেমু ৰস মিহলাব। মিশ্ৰণৰ পেষ্ট আধা ঘণ্টা সময় ছালত লগাই ৰাখিব। প্রয়োজন অনুসৰি ২-৩ দিনৰ মূৰে মূৰে লগাব।
  • আঘাতত আলুৰ প্ৰলেপ ব্যৱহাৰ: আঘাত পাই নীলা পৰা শৰীৰৰ অংশত আলুৰ প্ৰলেপ দিলে উপশম ঘটে।
  • ঘৰুৱা চিকিৎসাত জুয়ে পোৰা ছালৰ অংশত কেঁচা আলু পিচি প্ৰলেপ দিলে উপশম হয়।
  • এলার্জি আৰু চৰ্মৰোগত আলুৰ ব্যৱহাৰ আৰামদায়ক আৰু উপযোগী।

  • এচিডিটি কমাবলৈ আলু পুৰি পিটিকা খালে অম্লপিত্তৰ উপশম ঘটে।
  • চুলিৰ বাবে: কেঁচা আলু বাকলিৰ সৈতে পিচি চেকনিত চেকি দৈৰ সৈতে মিহলাই চুলিত ৩-৪ দিনৰ ব্যৱধানত ঘহিব। আধা ঘণ্টাৰ পাছত ছেম্পুৰে মূৰ ধুব। চুলি সৰা আৰু অকালতে পকা কমিব। ভিটামিন চিৰ বাবে চুলি মজবুত হ’ব।
  • ক্ষীণ দেহৰ লোকে আলু খাই নিজৰ ওজন বৃদ্ধি কৰিব পাৰে। কিয়নো প্রতি ১০০ গ্রাম আলুত শক্তি থাকে ৭৭ কেলৰি।
  • খেলুৱৈৰ বাবে: আলুৱে ইলেক্ট্ৰলাইট সন্তুলিত ৰাখে। মাংসপেশীৰ সংকোচন হ’বলৈ নিদিয়ে। ততালিকে শক্তি যোগায়।

Related Articles