সৰুৰে পৰা নাৰিকল ভাল বস্তু আৰু সুস্বাদু ফল হিচাবে সকলোৱে খাই আহিছোঁ । লাড়ু ,পিঠা ,, পায়স ,ক্ষীৰ, চুজি,বৰফি আদিত মিহলাই নানা প্ৰকাৰে খাই আহিছোঁ। ইফালে মাহ প্ৰসাদ বা পুজা পাতাল আদি শুভকৰ্মত নাৰিকল নহলেই নহয় । পিছে নাৰিকল যে কিমান উপকাৰী ফল আৰু ইয়াৰ পানী,গাখীৰ , তেল আদিৰ কিমান পুষ্টিকৰ তথা ঔষধী গুণ আছে জানিলে আচৰিত হ’ব । অৱশ্যে মাত্ৰাধিক সেৱন তথা ৰোগ ভেদে কিছু ক্ষতি গুণ আছে যদিও নিয়মিত ব্যৱহাৰত দেহৰ বাবে অত্যন্ত লাভকাৰী আৰু আমাৰ দেহৰ প্ৰয়োজনীয়খাদ্যপ্ৰান , স্নেহ পদাৰ্থ ,শৰ্কৰা , খনিজ ধাতৱ লবন ইত্যাদি সকলো প্ৰকাৰৰ পোষক গুণেৰে ভৰপুৰ ।
সেয়ে ইয়াক অমৃত ফল , শ্ৰীফল বা ফলৰ ৰজা বুলিও কয় । সাগৰৰ উপকুল এলেকা -কেৰেলা ,চেন্নাই,আন্দামান নিকোবৰ আৰু কম বেচি পৰিমানে পুৰ্বাঞ্চলত ইয়াৰ উৎপাদন আৰু ব্যৱহাৰ অধিক । প্ৰাচীন প্ৰবাদ মতে নাৰিকল গছ ঋষি বিশ্বামিত্ৰৰ সৃষ্ট আৰু ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আদি ত্ৰিদেৱৰ আশীৰ্ৱাদ মৰ্মে নাৰিকলৰ নিয়মিত ভক্ষনত মগজুৰ বিকাশ , নিৰোগী তথা ঋষিৰ সমান প্ৰতিভা সম্পন্ন হয় । সেয়ে হবলা এনে অঞ্চলৰ লোক সমুহ পুৰ্বৰে পৰা মেধা সম্পন্ন হৈ আহিছে ।
ব্যৱহাৰ:- নাৰিকলৰ পানী, সাহ , গাখীৰ,তেল আদি সেৱন আৰু বাহ্যিক প্ৰয়োগ
হিচাৱে ব্যৱহাৰ কৰা হয় ।
গুণাগুণ
১। নাৰিকল খালে স্মৃতি শক্তি বৃদ্ধি হয়, মগজুৰ নিউৰন কোষ সক্ৰিয় হয় , চিন্তা ও মেধা শক্তি বাঢ়ে ।স্বাস্থ্য অটুত ৰাখে , দেহ আতিল হয় ।( বাদাম, মিচিৰি আৰু নাৰিকল একেলগে খোৱাতো বেচি ফলপ্ৰদ )
২। হৃদ যন্ত্ৰ , ৰক্ত সঞ্চালন , মাংসপেশীৰ কোষীকা আদিৰ ক্ৰিয়া সবল হয় ।
৩। ৰক্তহীনতা বাবে উপকাৰী । দেহত ভিতামিন ,আইৰন,হিম’গ্লবিন,কেলচিয়াম আদি পোষক দ্ৰব্যৰ অভাৱ দুৰ কৰে ।
৪। ডাৱৰ পানী সেৱনে উচ্চ ৰক্তচ্চাপ নিয়ন্ত্ৰন কৰে । কিডনি ,পাথৰ, জন্ডিচ,প্ৰস্ৰাৱ বিকাৰ, গৰমত হবপৰা সকলো ৰোগ দুৰ কৰে পাচন ক্ৰিয়া আৰু হজমশক্তি বঢ়ায় । ।
৬। বহুমুত্ৰ ৰোগীৰ বাবে উপকাৰী । (চিকিৎসকক সুধি খাব ।
৭। হাড়ৰ গঠন , গাথিৰ বিষ মাংসপেশীৰ বিষ ,অৰ্থাৰাইটিচ আদিৰ বাবে নাৰিকল বা না: গাখীৰ নিয়মিত খোৱাতো উপকাৰী ।
৮। দেহৰ ক’লেষ্ট্ৰল নিয়ন্ত্ৰনত ৰাখে । দেহৰ অতিৰিক্ত ওজন কমায় । কম মাত্ৰাত নিয়মিত নাৰিকলৰ গাখীৰ বা ডাৱৰ পানী খাব ।
৯। মহিলাৰ গৰ্ভৱস্থাত নিয়মিত ২৫-৫০ গ্ৰামকৈ নাৰিকল আৰু এটাকৈ আমলখি বা ডালিম খোৱাতো সন্তান আৰু মাকৰ স্বাস্থৰ বাবে হিতকাৰক । প্ৰসৱ যন্ত্ৰণা লাঘব হয় ।
৯। ক্ৰিমী আৰু দেহৰ বেক্টেৰীয়া তথা বিজানু নাশক।
১০।ডেঙ্গ’ ৰোগীৰ বাবে ডাৱৰ পানী বা না;গাখীৰ উপকাৰী
১১। আমাশয় ,ডায়েৰীয়া বা অতিসাৰ ৰোগত ডাৱৰ পানী অতি হিতকাৰী ।
১২। ঘামচী ,খজুৱতী আদি হলে তিয়হৰ ৰস আৰু নাৰিকলৰ পানী ঘহিব ।
১৩। চুলিৰ বাবে নাৰিকল খোৱা আৰু মুৰত তেল ঘহাতো অতি উপকাৰী ।
চুলি সৰা ,ফটা , উফি , খজুৱতি বা অন্য যিকোনো সমস্যাত খাতি না:তেল নেমু ৰস মিহলাই নাইবা না: গাখীৰ ঘহিলে উপকাৰ পায় ।
১৩। চালৰ অন্নান্য সৰুসুৰা ৰোগত নেমু আৰু না:তেল ঘহিব পাৰে ।
১৪। দাড়ি খুৰাওতে নাৰিকল তেল সানি খুৰালে গাল বা মুখৰ চালৰ কাৰনে যথেস্থ ফলপ্ৰদ ।
১৫। মুৰ বা গাত নাৰিকল তেল নিয়মিত মালিচ কৰাতো চালৰ ৰোগ নাশক আৰু সৌন্দৰ্য বৰ্ধক ।
ইয়াৰোপৰি নাৰিকলে আমাৰ দেহৰ যথেষ্থ উপকাৰ সাধন কৰাৰ লগতে দেহ প্ৰতিৰক্ষণ ক্ষমতা (Immune system) বঢ়ায় ।
নাৰিকল নাখাব :
কাহ সৰ্দি ,জ্বৰ ,হাপানি, এলাৰ্জি অনুভৱ কৰিলে , নাইবা কোনো ৰোগত পাৰ্শক্ৰিয়া অনুভৱ কৰিলে নাৰিকল নাখাব
আনহাতে অতিমাত্ৰা নাৰিকল বা নাৰিকলৰ পানী কেতিয়াও নাখাব
লেখক: যতীন দাস