মহিলাসকলৰ এটি প্ৰধান সমস্যা বগাস্ৰাৱৰ সমধানৰ বিষয়ে জানক…

মহিলাসকলৰ এটি প্ৰধান সমস্যা বগাস্ৰাৱ :

গৰিষ্ঠ সংখ্যক মহিলাই ভুগি থকা এটি সমস্যা হৈছে বগাস্ৰাব। চিকিৎসা শাস্ত্ৰ মতে লিউক’ৰিয়া (leucorrhoea) আৰু প্ৰাচীন আয়ুৰ্বেদ শাস্ত্ৰ মতে ইয়াক শ্বেতপ্ৰদৰ বুলি কোৱা হয়। শ্বেত মানে বগা আৰু প্ৰদৰ মানে স্ৰাৱ। সেয়েহে সাধাৰণতে ইয়াক বগাস্ৰাৱ বুলিয়ে কোৱা হয়। আমাৰ সাধাৰণ থলুৱা ভাষাত ইয়াক ধাতুৰোগ বুলিও কোৱা হয়।

অৰ্থাৎ যোনীয়েদি নিৰ্গত হোৱা বগা বা ঈষত হালধীয়া স্ৰাৱক বগা স্ৰাৱ বোলা হয়। ইস্ত্ৰজেন হৰম’নৰ বাবে মহিলাৰ যোনীয়েদি যোনিৰস নিৰ্গত হয় যি শৰীৰৰ এক স্বাভাৱিক প্ৰক্ৰিয়া। মহিলাৰ যোনিৰ পৰা নিৰ্গত হোৱা এই স্ৰাবে যোনিদ্বাৰ আৰ্দ্ৰ আৰু পিচ্ছিল(lubricate) কৰি ৰাখে আৰু যোনিক ই বীজাণুৰ সংক্ৰমণৰ পৰা সুৰক্ষা প্ৰদান কৰে। কিশোৰী সকলৰ প্ৰথম ৰজোদৰ্শনৰ পূৰ্বে কিছুপৰিমানে এই স্ৰাব নিৰ্গত হয়।

ঠিক তেনেকৈ যুৱতীসকলৰো মাহেকীয়াৰ আগে পিছে কিছু পৰিমাণে বগা স্ৰাব হয়। বিশেষকৈ ডিম্বস্থলীৰ পৰা ডিম্বাণু পূৰঠ হৈ ওলোৱাৰ সময়ত যাক অভিউলেচন (ovulation) বুলি কোৱা হয় সেই সময়ত এই স্ৰাব কিছু পৰিমাণে বেছি হয়।

ইস্ত্ৰজেন হৰমনৰ বাবে গৰ্ভৱতী স্ত্ৰীৰো গৰ্ভাৱস্থাত বগা স্ৰাব হয়। মাকৰ এই হৰম’নৰ বাবে নবজাত কন্যা সন্তানৰ প্ৰথম কেইদিনমান বগাস্ৰাৱ হ’ব পাৰে। এইবোৰ হৈছে শৰীৰৰ স্বাভাৱিক প্ৰক্ৰিয়া। কিন্তু যেতিয়া-

  • যোনিদ্বাৰেদি ডাঠ,
  • বগা বা হালধীয়া,
  • আঠা আঠা,
  • দুৰ্গন্ধ যুক্ত স্ৰাৱ নিৰ্গত হয়,
  • যোনিদ্বাৰত খজুৱতি,
  • জ্বলন,
  • পেচাবৰ সমস্যা আদি হয় তেতিয়া ইয়াক বেমাৰ হিচাবে গণ্য কৰা হয়।

বগাস্ৰাৱ মুখ্যতঃ দুই প্ৰকাৰৰ হ’ব পাৰে যেনে ফিজিঅ’লজিকেল (physiological) লিউকৰিয়া যিটো ইস্ত্ৰজেন নামৰ হৰম’নৰ তাৰতম্যৰ বাবে হয়। আৰু আনবিধ বিভিন্ন প্ৰকাৰৰ বীজাণুৰ সংক্ৰমণৰ বাবে হব পাৰে।

  • যুৱতীসকলে মাহেকীয়াৰ সময়ত স্বাস্থ্যসন্মত নীতি নিয়ম পালন নকৰা,
  • অপৰিষ্কাৰ আৰু চিন্থেতিক অন্তৰ্বাস পৰিধান কৰা,
  • উপযুক্ত চেনিটাৰী পেদৰ ব্যৱহাৰ নকৰা, ইত্যাদি কাৰণত তেওঁলোকৰ বগাস্ৰাৱ হোৱা দেখা যায়।

ইয়াৰ উপৰিও-

  • হৰমন বিসংগতি,
  • গৰ্ভনিৰোধক বৰি সেৱন,
  • বেক্টেৰিয়া,
  • ভেঁকুৰ,
  • প্র’ট’যৱা (যেনে ট্ৰাইক’মনাচ ভেজাইনেলিছ) আদিৰ সংক্ৰমণ,
  • অত্যাধিক জ্বলা মচলা,
  • চৰ্বি জাতীয় আহাৰ আৰু জাংক ফুডৰ সেৱন,
  • পৰিৱৰ্তিত জীৱনশৈলী,
  • ৰক্তহীনতা,
  • পুষ্টিহীনতা,
  • হাইপ’থাইৰ’ডিজম,
  • ডায়েবেটিচ,
  • গণৰিয়া,
  • চিফিলিছ আদি যৌন সংক্ৰমিত ৰোগ,
  • জৰায়ুৰ বিভিন্ন ৰোগ আদি অন্য বহুতো কাৰণত মহিলা সকলৰ বগাস্ৰাৱ ৰোগ হয়।
  • ৰোগীৰ যোনিদ্বাৰেদি ডাঠ বগা, হালধীয়া বা অন্য ৰঙৰ (কাৰণ বিশেষে ৰং বেলেগ বেলেগ হয়) স্ৰাৱ নিৰ্গত হয়,
  • কেতিয়াবা তল পেট, কৰঙন বা কঁকাল আদিত বিষ হব পাৰে,
  • যোনিদ্বাৰত খজুৱতি বা জ্বলন অনুভৱ হয়,
  • পেচাব সঘনাই হব পাৰে বা জ্বলা পোৰা কৰিব পাৰে,
  • কৌষ্ঠকাঠিন্য হব পাৰে,
  • চকুৰ গুৰি ক’লা পৰে,
  • শৰীৰ ক্ষীণ আৰু দুৰ্বল হ’ব পাৰে,
  • মূৰ ঘূৰাব পাৰে ইত্যাদি বহুতো লক্ষণ দেখা দিয়ে।

বগাস্ৰাৱত ভোগা মহিলা দুশ্চিন্তা আৰু মানসিক অশান্তিত ভোগে। ভয়, সংকোচ আদি কাৰণত তেওঁলোকে এই ৰোগ অৱহেলা কৰে যাৰ বাবে কেতিয়াবা সমস্যা জটিল হৈ পৰে। ৰোগৰ কাৰণ অনুসৰি ইয়াৰ চিকিৎসাও ভিন ভিন। এই সমস্যাত ভোগা সকলে সঠিক আহাৰ বিহাৰ, জীৱনশৈলী আৰু কিছুমান দিহা মানি চলিলে ৰোগ কিছু পৰিমাণে উপশম হয়। বগাস্ৰাৱ সমস্যাত ভোগা ৰোগীৰ বাবে কেইটামান দিহা হৈছে:-

  • প্ৰচুৰ পৰিমাণে পানী, ফলমূল, শাকপাচলি সেৱন কৰক।
  • পৰিষ্কাৰ আৰু কপাহী কাপোৰৰ পেন্টি পৰিধান কৰক। চেপা মৰা পেন্টি নিপিন্ধিব। দিনত দুটা মান পেন্টি সলাব । পেন্টি ধুই ভালকৈ ৰ’দত মেলক। ৰ’দে বহু বীজাণু ধ্বংস কৰাত সহায় কৰে।
  • যোনিদ্বাৰ ভালকৈ ধুই পৰিষ্কাৰ কাপোৰেৰে মচি শুকান কৰি ৰাখক। পাৰে যদি ভেষজ সামগ্ৰীৰে বনোৱা কোমল চাবোন ব্যৱহাৰ কৰক, যেনে নিম, চন্দন, হালধি আদি থকা।
  • মাহেকীয়াৰ সময়ত কটন বা কপাহী চেনিটাৰী পেদ ব্যৱহাৰ কৰক । আৰু ঘনাই পেদ সলাওক।
  • যৌন সংগমৰ পিছত পৰিষ্কাৰ পানীৰে যোনি প্ৰক্ষালন কৰক আৰু শুকান কাপোৰেৰে মোচক।
  • মানসিক দুশ্চিন্তা ত্যাগ কৰক। মানসিক দুশ্চিন্তা বা ষ্ট্ৰেছ বাঢ়িলে ই হৰমনৰ ওপৰত প্ৰভাৱ পেলায়।
  • ফাষ্ট ফুড, ময়দাৰ পৰা তৈয়াৰী খাদ্য, বেছিকৈ তেলত ভজা খাদ্য, চৰ্বিযুক্ত আৰু মচলাযুক্ত খাদ্য, সংশ্লেষিত খাদ্য (processed food), অত্যাধিক চাহ, কফি আদি ত্যাগ কৰক।

  • নহৰু, আদা, কল, কমলা, নেমু, আমলখি, শিলিখা, মেথি, ধনীয়া আদি উপকাৰী।
  • ছালকুঁৱৰীৰ ভিতৰৰ সাহ বা জেল কেইচামুছমান এগিলাচ পানীৰ লগত মিহলাই চৰবত হিচাবে খালি পেটত সেৱন কৰক কিছুদিন। ই শৰীৰৰ শোধন কৰে (detox)।
  • মাজে সময়ে নিম সিজোৱা পানীৰে যোনিদ্বাৰ ধুব পাৰে।
  • দুবৰি বন সৰু এমুঠি, তিয়াই ৰখা আৰৈ চাউল দুই চামুচ একেলগে খুন্দি চেকণিৰে চেকি এগিলাচ পানীৰ লগত মিহলাই অলপ তালমিচিৰি দিয়ক। এই মিশ্ৰণ তিনিভাগ কৰি দিনে এভাগকৈ তিনিবাৰ খাওক। ডায়েবেটিচ ৰোগীয়ে মিছিৰি নিদিয়াকৈ খাওক। পাৰে যদি এনেকৈ এমহমান খালে সুফল পোৱা যায়।
  • টোকমাহ (basil seeds) এচামুছ একাপ পানীত এৰাতি তিয়াই ৰাখি পিছদিনা খালি পেটত সেৱন কৰক কিছুদিন।
  • কলমৌ শাক, মাটিকাদুৰি, বনজালুক, মানিমুনি, পনৌনৱা, চেংমৰা, আদি শাক দৈনন্দিন খাদ্যতালিকাত অন্তৰ্ভুক্ত কৰক।
  • আমলখিৰ ৰস মৌজোল দি খালেও কিছু সুফল পোৱা যায়।
  • গাজি মগু বহু উপকাৰী। বিশেষকৈ ইয়াত ভিটামিন E আৰু আঁহ আছে । ভিটামিন E য়ে স্ত্ৰী হৰমন সমূহ নিয়ন্ত্ৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আঁহ বা ফাইবাৰে কৌষ্ঠকাঠিন্য সমস্যা নিৰ্মূল কৰে।
  • কলদিল, কাঁচকল, ডালিম, মধুৰী আদি সেৱন কৰিলে ৰক্তহীনতা কমে আৰু শৰীৰৰ পুষ্টি সাধন হয়।

আয়ুৰ্বেদ শাস্ত্ৰমতে অশোক, লৌধ্ৰ (Symplocos racemosa), শতাবৰী বা শতমুল (Asparagus racemosus), যষ্টিমধু (Glycyrrhiza glabra), অৰ্জুন, নাগকেশৰ (Mesua ferrea) আদি ঔষধি বগাস্ৰাৱ সমস্যাত উপকাৰী।

ইয়াৰ উপৰিও অশোকাৰিষ্ট, পত্ৰাঙ্গসৱ, লৌধ্ৰাসৱ আদি নানা প্ৰকাৰৰ শাস্ত্ৰীয় ঔষধ আৰু বহুতো পেটেণ্ট ঔষধ আছে। ঔষধি সমূহ চিকিৎসকৰ পৰামৰ্শ অনুসৰি সেৱন কৰা উচিত। ৰোগৰ কাৰণ অনুসৰি ইয়াৰ চিকিৎসাও ভিন ভিন । ঠিক তেনেকৈ প্ৰতিজন চিকিৎসকৰ চিকিৎসা পদ্ধতিও বেলেগ বেলেগ। ‘ self medication is always dangerous’।

আমি বহুতেই নিজেই নিজৰ চিকিৎসক হৈ শৰীৰৰ ওপৰত কিছুমান পৰীক্ষা ভিত্তিক অনেক ঔষধি প্ৰয়োগ কৰো। ই অতি মাৰাত্মক। নিজৰ শৰীৰটো গিনিপিগ কৰি নুতুলিব। যিকোনো ঔষধি বনাওঁতে নানা গৱেষণা, পৰীক্ষা নিৰীক্ষা কৰাৰ পিছতহে মানৱ শৰীৰত প্ৰয়োগ কৰা হয়। আয়ুৰ্বেদিক ঔষধিৰ পাৰ্শ্বক্ৰিয়া নাই বুলি বহুতেই যধে মধে ফাৰ্মাচীৰ পৰা ঔষধ কিনি খায়। কিন্তু ৰোগ চাইছে ঔষধি, অন্যথা হিতে বিপৰীত হোৱাৰ সম্ভাৱনাই বেছি। তদুপৰি চিকিৎসকসকলে বহু কষ্টেৰে চিকিৎসা শাস্ত্ৰ পঢ়ি, ব্যৱহাৰিক জ্ঞানেৰেহে একোজন অভিজ্ঞ চিকিৎসক হয়। ৰোগীয়ে নিজেই নিজৰ চিকিৎসক হলে ‘অল্প বিদ্যা ভয়ংকৰী ‘ এই কথাষাৰৰ ফল আখৰে আখৰে ভোগ কৰিব।

লেখিকা: ডাঃ ৰেইনী দেৱী

Related Articles