লিডু স্বৰ্ণ শাখা সাহিত্য সভাৰ সভাপতি ৰূপে পুনৰ ড° ৰঞ্জিত দত্ত মনোনীত। ডেৰশতাধিক শিশুৰ অংশগ্ৰহণেৰে কুঁহি অনুষ্ঠান সম্পন্ন।(Ledo News)দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আৰম্ভ হ’ল লিডু স্বৰ্ণ শাখা সাহিত্য সভাৰ দ্বি-ভাষিক অধিৱেশন।
২১ আৰু ২২ ডিচেম্বৰত লিডু মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা লিডু শাখা সাহিত্য সভাৰ অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি শিশুসকলৰ “কুঁহি” শীৰ্ষক অনুষ্ঠানেৰে কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। উক্ত অনুষ্ঠানত অঞ্চলটোৰ বহু সংখ্যক কণ কণ শিশু তথা কিশোৰ কিশোৰীয়ে নিজৰ স্ব-প্ৰতিভা প্ৰদৰ্শন কৰে। ইয়াৰ পিছতে আৱেলি লিডু মহাবিদ্যালয়তে লিডু স্বৰ্ণ শাখা সাহিত্য সভাৰ প্ৰতিনিধি সভাখনি অনুষ্ঠিত কৰা হয়।
উক্ত প্ৰতিনিধি সভাই ড০ ৰঞ্জিত কুমাৰ দত্তক সভাপতি আৰু ৰাণাজ্যোতি নেওগক উপঃসভাপতি, দিপক চেতীয়াক সাধাৰণ সম্পাদক, তপৰ্ন দেক সহকাৰী সম্পাদক আৰু লক্ষীনাথ হালোৱাক কোষাধ্যক্ষ হিচাপে নিৰ্বাচিত কৰি পৰৱৰ্তী কাৰ্যকালৰ বাবে লিডু স্বৰ্ণ শাখা সাহিত্য সভাৰ সমিতিখন গঠন কৰা হয়।
আনহাতে ২২ তাৰিখে পুৱা সাহিত্য সভাৰ পতাকা উত্তোলন, স্মৃতি তপন,মুকলি সভা লগতে সন্ধিয়া “শীতৰে সেমেকা ৰাতি” শীৰ্ষক এক কবিতা অনুষ্ঠানেৰে অধিৱেশনৰ কাৰ্যসূচী সামৰণী পৰিব বুলি উদ্যোক্তা সমিতিয়ে জানিবলৈ দিয়ে।