Breaking

Legendary Footballer Tashen Borah: আন্তঃৰাষ্ট্রীয় ফুটবলাৰ টচেন বড়াৰ দেহাৱসান

39

বিশিষ্ট ক্রীড়াবিদ টচেন বড়াৰ দেহাৱসান, আন্তঃৰাষ্ট্রীয় ফুটবলাৰ আছিল টচেন বড়া। টচেন বড়া অসমৰ ‘মাৰাডোনা’ বুলিও অভিহিত। টচেন বড়া জন্ম হৈছিল নাহৰকটীয়াৰ বৃহত্তৰ চাচনি অঞ্চলৰ বৰবাম গাঁৱত।(Legendary Footballer Tashen Borah Passes Away)

বিশিষ্ট ক্রীড়াবিদ টচেন বড়াৰ দেহাৱসান, আন্তঃৰাষ্ট্রীয় ফুটবলাৰ আছিল টচেন বড়া। টচেন বড়া অসমৰ ‘মাৰাডোনা’ বুলিও অভিহিত। টচেন বড়া জন্ম হৈছিল নাহৰকটীয়াৰ বৃহত্তৰ চাচনি অঞ্চলৰ বৰবাম গাঁৱত।(Legendary Footballer Tashen Borah Passes Away)প্ৰথমবাৰৰ বাবে ১৯৬৪ চনত, মাত্ৰ ১৪ বছৰ বয়সতে তেওঁ ডিব্ৰুগড় জিলা দলত খেলিছিল। জুনিয়ৰ আৰু ছিনিয়ৰ উভয় পৰ্যায়ত। সেইবাৰেই টচেন বড়া পোন প্ৰথমবাৰলৈ অসম দললৈ নিৰ্বাচিত হয়। তাৰ পিছতে শ্বিলঙত খেলিছিল ৰাষ্ট্ৰীয় স্কুল ক্ৰীড়া। তাৰ পিছতে তেওঁ ১৯৭২ চনত ভাৰতৰহৈ ৰেংগুনত প্ৰি অলিম্পিকৰ খেলত ভাগ লবলৈ গৈছিল। স্নাতকোত্তৰ ডিগ্ৰীধাৰী টচেন বড়াই নামৰূপস্থিত ভাৰতীয় সাৰ নিগমৰ উচ্চ বিষয়া হিচাপে অৱসৰ লোৱাৰ আগেয়ে ফুটবল প্ৰশিক্ষণৰ এন আই এছ ডিপ্লোমা লাভ কৰিছিল, প্ৰথম শ্ৰেণীৰ প্ৰথম হিচাপে ( অসমৰ প্ৰথম )। (Footballer Tashen Borah)

১৯৯৭ চনত তেওঁৰ প্ৰশিক্ষণতে পঞ্জাবৰ মহিলপুৰত হোৱা ৰাষ্ট্ৰীয় স্কুল ফুটবলত অসম চেম্পিয়ন হৈছিল। ১৯৬৪ চনত প্ৰথমবাৰৰবাবে অসমৰ হৈ খেলোতেই ( শ্বিলঙত, স্কুল দলত ) তেওঁ আছিল সহ অধিনায়ক। তাৰ পিচত ১৯৬৫, ৬৬ আৰু ১৯৬৭ চনত টচেনদাই অসমৰ স্কুল আৰু জুনিয়ৰ দলৰ অধিনায়ক আছিল । ১৯৬৭ চনত তেওঁৰ নেতৃত্বতে কানৈ কলেজ আন্তঃ কলেজত বিজয়ী হৈছিল। পিচলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰো অধিনায়ক হৈছিল । আন্তঃ জিলা ছিনিয়ৰ ফুটবলৰ বিজয়ী গুৱাহাটী দলৰো অধিনায়ক হৈছিল টচেন বড়া । সন্মানীয় সন্তোষ ট্ৰফীত অসমৰ অধিনায়ক আছিল ১৯৭০ আৰু ১৯৭২ চনত। সেই সময়ত কলিমুদ্দিন আহমেদ, অনিল ৰাই, ফজল হক, দুলেন চেতীয়া, নিৰ্মল নাহা, চন্দ্ৰমোহন গঞ্জু, কমলা নাথ, অৰুণ বৰঠাকুৰ, জয়ৰাম বাগলাৰী, হৰেণ সোণোৱাল, ভবেশ ৰায়,শান্তি কুমাৰ সিং আদিৰ দৰে খেলুৱৈ আছিল দলত।(Maradona of Assam)

ৰাজ্যৰ কিংবদন্তী ফুটবলাগৰাকী ডিব্ৰুগড়ৰ AMCHত চিকিত্সাধীন অৱস্থাত মৃত্যু হয়। তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে।(legendary footballer dibrugarh)

সামাজিক মাধ্যমযোগে মন্ত্ৰীগৰাকীয়ে শোক প্ৰকাশ কৰি লিখিছে, দুৰন্ত খেলেৰে অসমৰ ফুটবল ইতিহাসৰ এগৰাকী অন্যতম শ্ৰেষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হোৱা, ভাৰতীয় ফুটবল দলক প্ৰতিনিধিত্ব কৰা টছেন বৰাদেৱৰ বিয়োগৰ খবৰটো পাই মৰ্মাহত হৈছোঁ। দুভৰিৰ যাদুৰে অজস্ৰ ক্ৰীড়াপ্ৰেমীক মন্ত্ৰমুগ্ধ কৰা টছেন বৰাদেৱৰ বিয়োগ অসমৰ ক্ৰীড়া জগতৰ বাবে এক অপূৰণীয় ক্ষতি, অসম ফুটবলৰ এটা যুগৰ অৱসান। তেখেতৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিলোঁ আৰু শোকসন্তপ্ত পৰিয়ালৰ লগতে গুণমুগ্ধসকললৈ গভীৰ সমবেদনা জনালোঁ। ওঁম শান্তি!(sarbananda sonowal)

Comments are closed.