Breaking

ৰাজপথত লেখাপানী আৰক্ষীৰ গুণ্ডাগিৰি

0 12

/C + V/O :– নিশা ৰাজপথত লেখাপানী আৰক্ষীৰ গুণ্ডাগিৰি। মদৰ ৰাগীত মাতাল হৈ বিনা কাৰণত প্ৰহাৰ কৰিলে এগৰাকী MBA ছাত্ৰ প্ৰদুম ছেত্ৰীক। যুৱক গৰাকীক প্ৰহাৰ কৰাৰ উপৰিও অশ্লীন গালি গালাজ আৰক্ষী বিষয়াৰ। আৰক্ষী বিষয়া গৰাকীৰ নাম প্ৰাঞ্জল ফুকন বুলি জানিব পৰা গৈছে।

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য মতে লেখাপানী আৰক্ষী থানাৰ SI দায়িত্বত থকা প্ৰাঞ্জল ফুকনে নিশা সুৰামত্ত অৱস্থাত আৰক্ষী পোচাক পৰিধান নকৰাকৈ নিজৰ লগতে আৰু তিনি গৰাকী আৰক্ষী যোৱানক লগত লৈ ৰাজপথৰ কাষত ৰৈ থকা এখন FOURTUNER বাহনৰ পৰা যুৱক গৰাকীক বাহিৰলৈ উলিয়াই অশ্লীল শব্দ প্ৰয়োগৰে গালি পাৰি প্ৰহাৰ কৰে যাৰ ফলত গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত হয় যুৱক গৰাকী।

ইতিমধ্যে যুৱক গৰাকীৰ পৰিয়ালৰ লোকে উচিত ন্যায় বিচাৰি আৰক্ষী বিষয়া গৰাকীৰ লগতে তেওঁৰ লগত যোৱা তিনি আৰক্ষী জোৱানৰ বিৰুদ্ধে লেখাপানী আৰক্ষী থানাত এজেহাৰ দাখিল কৰিছে।

Leave A Reply