Breaking

নাজিৰাৰ গেলেকী মোডী নগৰ চাহ বাগিচাত নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ…

0 25

নাজিৰাৰ গেলেকী মোডী নগৰ চাহ বাগিচাৰ ১৩ নম্বৰ লাইনত আজি পুৱা পিঞ্জৰাবদ্ধ হ’ল এটা নাহৰফুটুকী বাঘ।দীৰ্ঘদিন ধৰি বৃহত্তৰ অঞ্চলটোত বাঘে সন্ত্ৰাস চলাই আহিছিল।কিছুদিন পূৰ্বে চাহ বাগিচাখনত চাহপাত তুলি থকা অৱস্থাত দুগৰাকী মহিলা শ্ৰমিকক নাহৰফুটুকী বাঘে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰিছিল।তাৰোপৰি বাঘৰ আক্ৰমণত বহু পশুধন মৃত্যু মুখত পৰিছিল।

বাঘৰ আতংকত নিদ্ৰাহৰণ হৈ আহিছিল অঞ্চলটোৰ ৰাইজৰ। মহিলা শ্ৰমিক দুগৰাকীক বাঘে আক্ৰমণ কৰাৰ পিছত বন বিভাগে এটা পিঞ্জৰা সংস্থাপিত কৰে। অৱশেষত আজি পুৱাই এটা নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ হয়। লগে লগে ৰাইজৰ মাজত হুৱাদুৱাৰ সৃষ্টি হয়।নাহৰফুটুকী বাঘটো পিঞ্জৰাবদ্ধ হোৱাত ৰাইজে সন্তোষ প্ৰকাশ কৰিছে।

Leave A Reply

Your email address will not be published.