স্বেতা ছেত্ৰী
অতি প্ৰাচীন কালৰে পৰা মানৱজাতিয়ে সময়ে সময়ে নানান দুৰ্যোগৰ সন্মুখীন হৈ আহিছে। সেইয়া মেলেৰিয়াই হওঁক, বসন্ত ৰোগেই হওঁক, প্লেগেই হওঁক বা বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা ক’ৰণা(কভিড-১৯)ই হওঁক। চীন দেশৰ য়ুনান প্ৰদেশৰ পৰা উৎপন্ন হোৱা এই ভাইৰাছ বিধে বিশ্বজুৰি তোলপাৰ লগাইছে। চীনৰ সৰু প্ৰদেশ এখনৰ পৰা আৰম্ভ হোৱা ক’ৰণাই(কভিড ১৯) এতিয়া বনজুইৰ দৰে বিয়পি মহামাৰীৰ ৰূপ ধাৰণ কৰিছে।এই মহামাৰীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰ, ফ্ৰান্সৰ দৰে প্ৰথম বিশ্বৰ দেশসমূহকো আৰ্থিকভাৱে জুৰুলা কৰি পেলাইছে। বিজ্ঞান প্ৰযুক্তি তথা চিকিৎসা বিজ্ঞানৰ উন্নয়নৰ পিছতো মানৱজাতিয়ে এই মহামাৰীক ৰোধিব পৰা নাই। প্ৰকৃতিৰ আগত মানৱজাতি যে কিমান নিৰুপায়, ক’ৰণাই যেন সেইয়াই প্ৰমাণ দিলে।
যদিও এই মহামাৰীয়ে হাজাৰ হাজাৰ লোকৰ জীৱন কাঢ়ি নিছে, মানুহৰ মাজত ভয় আৰু আশংকাৰ সৃষ্টি কৰিছে, মানুহৰ স্বাভাৱিক জীৱন যাপনত প্ৰভাৱ পেলাইছে, মানৱজাতিক সকলো ফালৰ পৰাই বিপদাপন্ন কৰি তুলিছে, যদিও এই বিভীষিকাই মানুহৰ মন মগজু নেকিবাচক চিন্তা আৰু আশংকাৰে জুৰুলা কৰি তুলিছে , কিন্তু এই মহামাৰীৰ কিছুমান ইতিবাচক দিশো নোহোৱা নহয়। এক কথাত, যান্ত্ৰিকতাৰ পয়োভৰত একো একোটা যন্ত্ৰলৈ পৰিৱৰ্তিত হোৱা মানৱজাতিক এই কভিড ১৯ মহামাৰীয়ে নীতি শিক্ষা প্ৰদান কৰিছে। উন্নয়নৰ নামত প্ৰকৃতিৰ ওপৰত কৰা অত্যাচাৰ সমূহ আজি মানৱজাতিয়ে মৰ্মে মৰ্মে উপলব্ধি কৰিছে।বৰ্তমান সমগ্ৰ বিশ্ব স্তব্ধ। সকলো মানুহ গৃহবন্দী হৈ নিজ নিজ বাসস্থানতে আবদ্ধ। স্তব্ধ আজি দিনে ৰাতিয়ে চলি থকা কল কাৰখানা, যান বাহন ইত্যাদি। ফলত প্ৰকৃতিয়ে প্ৰাণ পাই উঠিছে। প্ৰকৃতিয়ে যেন ন সাজত নিজকে সজাই তুলিছে। গছ বন, বন্যপ্ৰাণী সকলো সজীৱ হৈ পৰিছে। প্ৰকৃতিয়ে মুক্ত মনে নিজৰ সৌন্দৰ্য্যৰ সঁফুৰা চাৰিওদিশে ছটিয়াই দিছে। কল কাৰখানা তথা যান বাহনৰ স্তব্ধতাৰ ফলত বায়ুমণ্ডল পৰিষ্কাৰ হৈ পৰিছে। প্ৰদূষণে পঙ্গু কৰি পেলোৱা প্ৰকৃতি জগতখন পুনৰ জীপাল হৈ উঠিছে।বায়ু প্ৰদূষণ, শব্দ প্ৰদূষণ ক্ৰমান্বয়ে কমি আহিছে আৰু পৃথিৱীৰ আয়ুস যেন বাঢ়ি গৈছে। ঠায়ে ঠায়ে দেখিবলৈ পোৱা গৈছে পৰিভ্ৰমী চৰাই। আনকি বনৰীয়া জীৱ-জন্তুয়েও এতিয়া ৰাজপথলৈ ওলাই আহি মুক্ত মনে বিচৰণ কৰিছে। ধোৱা, প্ৰদূষিত বায়ু আদিৰ চামনি পৰি ক’লা হোৱা বায়ুমণ্ডল এতিয়া মুকলি হৈছে। ফলত পাঞ্জাবৰ জালন্ধৰ চহৰৰ পৰাই হিমাচল প্ৰদেশৰ হিমালয় পৰ্বতমালাৰ সৌন্দৰ্য্য মানুহে উপভোগ কৰিব পাৰিছে। তদুপৰি ২৯/০৪/২০২০ তাৰিখে বিশেষ লেনচৰ সহায়ত ডিগবৈ মহাবিদ্যালয়ৰ কেম্পাচৰ পৰাও প্ৰত্যক্ষ কৰা হয় হিমালয় পৰ্বতমালাৰ কিছু অংশ।এই মহামাৰীয়ে পৰিয়ালৰ মানুহৰ মাজত একতাৰ সৃষ্টি কৰাৰ লগতে জাতি-ধৰ্ম-বৰ্ণ-ভাষা তথা ভৌগোলিক পৰিসীমা নিৰ্বিশেষে একাত্ম হৈ থাকিবলৈ শিকালে। বৰ্তমান দেশসমূহ ভৌগোলিক ভাবে পৃথক যদিও মানৱীয় মূল্যবোধৰ ফালৰ পৰা সকলো একাকাৰ। এখন দেশে আন এখন দেশক বিনা দ্বিধাই সহায়ৰ হাত আগবঢ়াইছে। খাদ্য সামগ্ৰীৰ ক্ষেত্ৰতেই হওঁক বা চিকিৎসা জনিত সহায়েই হওঁক, এখন দেশে আন এখন দেশক সহায় কৰিবলৈ অকণো কুণ্ঠাবোধ কৰা নাই। আজি সমগ্ৰ বিশ্বৰে, সমগ্ৰ মানৱজাতিৰেই ধৰ্ম একেই “মানৱীয়তা”। আজি সকলোৰে জাতি একেই “মানৱীয়তা”। এই মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ সকলো আজি একগোট হৈছে।
মহামাৰী কভিড ১৯ ৰোগ সংকটৰ পৰা লাভ কৰা আন এক শিক্ষা হ’ল, এই মহামাৰীয়ে উন্নত তথা উন্নয়নৰ দিশে ধাৱমান দেশসমূহক শিক্ষা দিলে যে ধ্বংসকাৰী পাৰমাণৱিক বোমা, অস্ত্ৰ শস্ত্ৰ নিৰ্মাণ কৰি নিজকে শক্তিশালী কৰাতকৈ চিকিৎসা সেৱাৰ ক্ষেত্ৰত নিজকে অধিক শক্তিশালী কৰিব লাগে। অৰ্থাৎ মাৰাত্মক অস্ত্ৰ শস্ত্ৰ নিৰ্মাণ কৰি নিজকে পাৰমাণৱিক শক্তি সম্পন্ন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিয়াত মনোনিবেশ কৰাৰ সলনি বিশ্ব শান্তি বজাই ৰাখি প্ৰতিখন দেশে চিকিৎসা সেৱা তথা শিক্ষাৰ উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰিলেহে উন্নয়নৰ শিখৰ চুব পাৰিব।
এই মহামাৰীৰ পৰা হাত সাৰিবলৈ লোৱা অন্যতম সাৱধানতা হ’ল পৰিষ্কাৰ পৰিচ্ছন্নতা অৱলম্বন কৰা আৰু সামাজিক ব্যৱধান মানি চলা। গতিকে এই ভাইৰাছ বিধে পৰিষ্কাৰ পৰিচ্ছন্নতা অৱলম্বন কৰাটো যেন অভ্যাসত পৰিণত কৰিলে। তদুপৰি হুলস্থূলীয়া পৰিৱেশ তথা জনসমাগমৰ পৰা সামান্য ব্যৱধান বজাই ৰাখিলেই যে বহু ধৰণৰ ৰোগ সংক্ৰমণৰ পৰা ৰক্ষা পাব পাৰি সেই কথাও মানৱজাতিয়ে বুজি উঠিছে। এই মহামাৰীয়ে মানুহক সজাগ তথা সচেতন কৰি তুলিছে।
জীৱ জন্তু, চৰাই চিৰিকটি আদি সজাত বন্দী কৰি থৈ সিহঁতৰ স্বাধীনতা খৰ্ব কৰি নিজৰ মনোৰঞ্জনৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা জীৱ শ্ৰেষ্ঠ মানুহে আজি গৃহবন্দী হৈ প্ৰতিটো মূহুৰ্ততে অনুভৱ কৰিছে সেই নিষ্পাপ জীৱ জন্তুৰ বুকুৰ বেদনা।আজি জীৱ জন্তু মুক্ত আকাশৰ তলত আৰু মানৱজাতি চাৰিবেৰৰ মাজত আবদ্ধ। যদি আমি সূক্ষ্মভাৱে বিশ্লেষণ কৰি চাওঁ, তেন্তে দেখিম যে সকলো বস্তুৰে ধনাত্মক আৰু ঋণাত্মক দুয়োটা দিশ থকাৰ দৰে এই মহামাৰী ভাইৰাছেও প্ৰকৃতিৰ ওপৰত কিছুমান ধনাত্মক প্ৰভাৱ পেলাইছে। জগতৰ প্ৰতিটো বস্তুৱেই মানুহক কিবা নহয় কিবা শিক্ষা দিয়াৰ দৰে এই দুৰ্যোগেও মানুহৰ মনত মানৱীয় মূল্যবোধৰ বীজ ৰোপন কৰাৰ লগতে সকলোকে একতাৰ বান্ধোনেৰে বান্ধ খাই থাকিবলৈ শিকালে। সদৌ শেষত, ক’ৰণা নিপাত যাওঁক। মানুহৰ স্বাভাৱিক দিনবোৰ ঘূৰি আহক। মানৱজাতিৰ জয় হওঁক। মানুহে এই মহামাৰীক এক শিক্ষা হিচাপে লৈ এখন সুস্থ পৃথিৱী পুনৰ নিৰ্মাণ কৰক।
ফোন নং- ৮৪০৪০৩৩৩১৮