Breaking

প্ৰসংগ কংগণা কাণ্ডঃ পূৰ্ণহতীয়া ‘চৰ’টোৱেই হওক শেষ সকীয়নি অহংকাৰী নেতাৰ…

0 23

সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষৰ অষ্টাদশ লোকসভাৰ নিৰ্বাচন সফলতাৰে অনুষ্ঠিত হৈ গ’ল। তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হ’ল। বিগত দুটা কাৰ্যকালত বিজেপিয়ে সংসদত একক সংখ্যাগৰিষ্ঠ দল হিচাপে পৰিগণিত হৈ চৰকাৰ গঠন কৰিছিল। এইবাৰ কিন্তু জনাদেশ বিজেপিৰ পক্ষত সম্পূৰ্ণ নাথাকিল। যদিও এইবাৰ বিজেপিয়ে ৪০০ আসন পাৰ কৰিম বুলি নিৰ্বাচনী সভাসমূহত কৈ ফুৰিছিল। ফলাফলৰ অন্তত তেওঁলোকে লাভ কৰিলে মাত্ৰ ২৪০খন আসন। সেয়ে এইবাৰ বিজেপিয়ে আন দলৰ সহায়ত অৰ্থাৎ টিডিপি আৰু জে ডি ইউক লগত  লৈহে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ল। ইয়াৰ মূল কাৰণ নিশ্চয় তেওঁলোকৰ আত্মভৰিতা, অহংকাৰ আৰু স্বেচ্ছাচাৰিতাই কাৰণ। তেওঁলোকৰ নিৰ্বাচনী সভাবোৰত একাংশ নেতাই দিয়া ভাষণবোৰত বিৰোধীক নস্যাৎ কৰি দিয়া যেনেই অনুভৱ হৈছিল। নিৰ্বাচনী ভাষণবোৰত একাংশ নেতাৰ যি তুচ্ছ-তাচ্ছিল্য, অহংকাৰী দেহভংগী আচৰণ, অসংযত ভাষণ এইবোৰে ৰাইজক বাৰুকৈয়ে আমুৱাইছে। সভাবোৰত একেখিনি মানুহ, একেখিনি ভাষণ। জনসাধাৰণে শালীনতা বিচাৰে আৰু সঁচা অৰ্থত ৰাইজৰ হকে কেৱল কামহে বিচাৰে।  অসমতে এইবাৰৰ নিৰ্বাচনত  ইয়াৰ প্ৰমাণ স্পষ্টভাৱে ৰাইজে দেখুৱাই দিছে। একাংশ নেতাৰ ক্ষমতাই মূৰত ধৰিলে তেওঁলোকে শিপাই পাহৰি যায়।  ধন আৰু ক্ষমতাৰ অহংকাৰত মত্ত হৈ যদি তেওঁ গঙাটোপ হৈ পৰে তেতিয়া তেওঁ কেনেকৈ ৰাইজৰ নেতা হ’ব পাৰে। কেনেকৈ প্ৰিয়ভাজন হ’ব সকলোৰে বাবে। অকল দলৰ শীৰ্ষ নেতাৰ তৈলমৰ্দন কৰি তোষামোদৰ ৰাজনীতি কৰিলেই  প্ৰকৃত ৰাজনীতিক অথবা নেতা হ’ব নোৱাৰি। তেওঁক সকলোৱে কেতিয়াওঁ গ্ৰহণো নকৰে। আৰু এই কাৰণটোৰ বাবে এইবাৰৰ লোকসভাৰ নিৰ্বাচনত বহুকেইগৰাকী অহংকাৰী নেতাৰ পতন ঘটিল। বহু ক্ষেত্ৰত দেখা যায় একাংশই কেৱল দলৰ শীৰ্ষ নেতাক তৈলমৰ্দন কৰি কৰিয়েই নেতা হ’ব বিচাৰে। তেওঁলোকে হয়তো নেতাৰ অৰ্থ বুজিবলৈ চেষ্টাই কৰা নাই অথবা বুজাই নাই।

         কংগণা ৰাণাৱট। এগৰাকী বহুবিতৰ্কিত অভিনেত্ৰী। তেওঁ অভিনয় জগতত প্ৰৱেশ কৰা দুটা দশকেই হোৱা নাই। বৰ্তমান তেওঁ এগৰাকী সফল অভিনেত্ৰীয়েই নহয়, এগৰাকী সৰ্বাধিক উপাৰ্জনকাৰী অভিনেত্ৰী হিচাপেও পৰিচিত।আনহাতে, এইগৰাকী কংগণা ৰাণাৱট বিজেপি দলৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰো অন্ধ ভক্ত। ইয়াৰ সুবাদতে ২০২১ চনত কংগণা ৰাণাৱটলৈ আগবঢ়োৱা হৈছিল পদ্মশ্ৰী সন্মান। আনহাতে, যদিও তেওঁ খুব সোনকালেই চলচ্চিত্ৰ জগতৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী হিচাপে উত্থান ঘটিছে তথাপি এইগৰাকী অভিনেত্ৰীৰ চলচ্চিত্ৰ জগতখনৰ বহুতৰে সৈতে মনোমালিন্যও আছে। আনহাতে, মহাৰাষ্ট্ৰৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ বহু নেতাৰো অপ্ৰিয় এইগৰাকী অভিনেত্ৰী। ইয়াৰ কাৰণেই হয়তো তেওঁৰ আত্ম-অহংকাৰ। মুঠৰ ওপৰত তেওঁ এগৰাকী বিতৰ্কৰ আৱৰ্তত থকা ব্যক্তি। এবাৰ ঘৃণা আৰু হিংসা বিয়পোৱাৰ অভিযোগত এবছৰৰ বাবে তেওঁৰ টুইটাৰ একাউণ্ট বন্ধ কৰি দিবলগীয়াও হৈছিল। ধন আৰু ক্ষমতাৰ নিচাই যেতিয়া কাৰোবাৰ মূৰত ধৰে তেওঁ তেতিয়া ওভত গোৰে নাচিবলৈ আৰম্ভ কৰে। নিজৰ শিপা হেৰুৱাবলৈ ধৰে। আৰু কংগণাৰ ক্ষেত্ৰতো সেয়াই হ’ল। যেতিয়া বৃহৎ কৃষক আন্দোলন চলি আছিল সেই সময়ত কংগণা ৰাণাৱটে চৰকাৰক সমৰ্থন দিবলৈ গৈয়ে কৃষক আন্দোলনৰ বিৰুদ্ধে যি কথা কৈছিল বা যি ভূমিকা লৈছিল সেই কথাই কৃষকসকলক মৰ্মান্তিক আঘাত দিছিল। হয়তো ক্ষমতাৰ ৰাগিত তেওঁ পাহৰি গৈছিল কৃষকসকলৰ মনৰ কথা কি ? পিছে পৰৱৰ্তী সময়ত সেই কথা তেওঁ পাহৰিলেও  শুকাই নোযোৱা ঘাৰ দৰে লাগি থকা কুলবিন্দৰ কৌৰ নামৰ সেই সাহসী ছোৱালীজনীয়ে কিন্তু কেতিয়াও পাহৰা নাছিল কংগণাই কৃষকৰ প্ৰতি কৰা চৰম আঘাতৰ কথা। আৰু তেওঁ ইয়াৰ প্ৰতিশোধৰ জুইকুৰা বুকুত জ্বলাই ৰাখিছিল সময় আৰু সুযোগৰ অপেক্ষাত। এদিন আহিল এই সুযোগ। সেই সুযোগ তেওঁ হাতৰ পৰা সাৰি যাবলৈ নিদিলে। আৰু সেই সুযোগ ক্ষণিকতে লৈ পেলালে কুলবিন্দৰে। প্ৰথমবাৰৰ বাবে হিমাচল প্ৰদেশৰ মাণ্ডী লোকসভা সমষ্টিৰ পৰা সাংসদ নিৰ্বাচিত হোৱা কংগণা ৰাণাৱটক চণ্ডীগড় বিমান বন্দৰত সুবিধা পায় কুলবিন্দৰে শোধালে পূূৰ্ণহতীয়া চৰ। কোনোবাই বাধা দিয়াৰ আগতেই ঘটি গ’ল এই সমগ্ৰ ঘটনা। আৰু কৃষকক কৰা অপমানৰ প্ৰতিশোধ ল’লে কুলবিন্দৰ কৌৰ নামৰ সেই বিমান বন্দৰৰ সুৰক্ষা কৰ্মীগৰাকীয়ে। কৃষকৰ প্ৰতি কংগণা ৰাণাৱটে লোৱা বিৰোধী ভূমিকাৰ বাবেই যে কুলবিন্দৰে এই কাণ্ড সংঘটিত কৰিলে বিমান বন্দৰতে চিঞৰি চিঞৰি ক’লে।  যিটো ঘটনাই আজি সমগ্ৰ দেশ জোকাৰি গৈছে। দেশত নোহোৱা নোপজা ঘটনা এটি ঘটি গ’ল নিমিষতে। কোনেও হয়তো কল্পনাই কৰা নাছিল এনে ঘটনা সংঘটিত হ’ব বুলি। কিন্তু কোনেও নভবা কামকে কৰি পেলালে কুলবিন্দৰে।

             এই ঘটনাক লৈ এতিয়া দুটা শিবিৰত বিভক্ত হৈ পৰিছে ভাৰতৰ জনসাধাৰণ। কুলবিন্দক বহুতেই সমৰ্থন আগবঢ়াইছে, কোনোবাই চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিও দিছে। কুলবিন্দৰৰ পিতৃ-মাতৃক সম্বৰ্ধনা জনাইছে, কুলবিন্দৰৰ সমৰ্থনত শোভাযাত্ৰা উলিয়াছে ৰাজপথত। কিন্তু এনেবোৰ ঘটনা আচলতে কিহৰ লক্ষণ। ইমানখিনি কোৱাৰ অৰ্থ এইটো নহয় যে আমি কুলবিন্দৰৰ পক্ষ লৈছো বা কুলবিন্দৰক সমৰ্থন জনাইছোঁ। আমি এনে ঘটনাৰ কেতিয়াওঁ সমৰ্থন নকৰো।  আইন আছে। আইনে কুলবিন্দৰৰ বিচাৰ কৰিব। কিন্তু সেয়াই শেষ জানো। আজি এই পৰ্যায়লৈ কুলবিন্দৰক কোনে আগবঢ়াই দিলে ? ইয়ো এতিয়া সৰ্বত্ৰ চৰ্চিত বিষয় হৈ পৰিছে। যি নেতাই ৰাইজৰ দুখ-বেদনা, খং-ক্ষোভ, অভাৱ-অভিযোগবোৰৰ উমান ল’ব নোৱাৰে, কেৱল নেতাগিৰিৰে সকলো কৰিব খোজে তেনে লোক নেতা হ’ব খুজিলেই কেতিয়াওঁ নেতা হ’ব নোৱাৰে। নেতা ৰাইজেহে বনায়, নিজে নিজে নেতা হ’ব নোৱাৰে। যিয়ে ৰাইজৰ খং-ক্ষোভৰ উমান ল’ব নোৱাৰে তেনেসকল কিহৰ নেতা ? কাৰ নেতা ? দল বা দলৰ মুৰব্বীক তোষামোদ কৰি অথবা অন্ধ আনুগত্য দেখুৱাই ক্ষমতাৰ ৰাজনীতিত সুবিধা কৰিব পাৰি কিন্তু নেতা হোৱাৰ যোগ্যতা অৰ্জন কৰিব নোৱাৰি। এনে ৰাজনীতিকৰ উত্থান যিমান সহজ পতনো হয় সিমান সহজতে। নেতাই সদায়ে সাধাৰণ জনতাৰ মৰ্মবেদনা উপলব্ধি কৰিব পাৰিব লাগিব। নহ’লে জনতাই নেতাৰ আসনৰ পৰাও নমাবলৈ অকণো কুণ্ঠাবোধ নকৰে। যিয়ে পীড়িত-দুৰ্দশাগ্ৰস্ত, সমস্যাজৰ্জৰ মানুহৰ মৰ্ম উপলব্ধি কৰিব নোৱাৰে তেওঁ কেতিয়াও নেতা হ’ব নোৱাৰে।  এই কথা আমাৰ অহংকাৰী নেতাসকলে মনত ৰখাটো ভাল।

ক্ষমতাৰ ৰাগিত নিৰাপদ দূৰত্বত থাকি নেতাই জনতাৰ মনত দুখ দিয়া কাম কৰিলে কিন্তু জনতাই সেই কথা কেতিয়াও নাপাহৰে। কুলবিন্দৰেই ইয়াৰ প্ৰমাণ। ক্ষোভৰ উদ্‌গিৰণ ঘটাই কুলবিন্দৰে যিটো চৰ কংগণা ৰাণাৱটৰ গালত শোধালে সেই চৰটো আচলতে অভিনেত্ৰীৰ গালত নে সাংসদৰ গালত নে ক্ষমতালোভী অহংকাৰী নেতাৰ গালত নে স্বৈৰতন্ত্ৰ-স্বৈৰতান্ত্ৰিক ব্যৱস্থাপনাৰ গালত শোধালে এয়াও জুকিয়াই চোৱাৰ সময় এয়া। ইয়াৰ পিছতো কওঁ– কংগণাক মৰা চৰটোৱে এশিকনি দিবনে অহংকাৰী নেতাক ? আশা কৰো এই পূৰ্ণহতীয়া চৰটোৱেই শেষ সকীয়নি হওক অহংকাৰী নেতাৰ বাবে। আমি পাহৰিলে নহ’ব যে গণতন্ত্ৰত ৰাইজেই ৰজা। ৰাইজে ৰজা পাতিবও জানে আৰু ভাঙিবও জানে।

লেখকঃ ভূপেন মহন্ত

Leave A Reply