Breaking

শীতত থৰ লগা অৱস্থাত শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক…

0 81

শীতত থৰ লগা সময়ত প্ৰথমে কঁপনি আৰু চটফটনিৰ অনুভূতি হয়; চলাচল বা হাত-ভৰি আদি লৰচৰ কৰিব নোৱাৰা হৈ আহে, টোপনি টোপনি ভাৱ হয় আৰু পাৰিপাৰ্শ্বিকতাৰ প্ৰতি উদাসীন হৈ পৰে। শৰীৰৰ উত্তাপ কেইবা ডিগ্ৰীও কমি গ’লে-দুৰ্দশাগ্ৰস্ত মূৰ্চা অথবা অচেতন হ’ব পাৰে। আৰু বেছি সময় ধৰি শীত লাগি থাকিলে শ্বাস-প্ৰশ্বাস ক্ৰিয়া আৰু তেজ চলাচল প্ৰক্ৰিয়া বন্ধ হৈ যাব।

Photo of happy couple on a snowy day

• দুৰ্দশাগ্ৰস্তক লগে লগে গৰম ঘৰৰ ভিতৰলৈ লৈ আনিব লাগে। পাছত লাহে লাহে গৰম কৰাৰ ব্যৱস্থা হাতত ল’ব লাগে।

• পাৰিলে দুৰ্দশাগ্ৰস্তক কুহুমীয়া গৰম পানীৰ পাত্ৰত শুৱাই লৈ লাহে লাহে গোটেই গাটো মালিচ কৰিব লাগে আৰু একে সময়তে পানীৰ উষ্ণতা অতি ধীৰে ধীৰে অকণ অকণকৈ বঢ়াই ৩৬ ডিগ্ৰী ছেন্টিগ্ৰেড পৰ্যন্ত বঢ়াব লাগে।

• যেতিয়া ছালত গোলপীয়া ৰং ধাৰণ কৰা দেখা যাব আৰু হাত ভৰি আদি অংগবোৰৰ পৰা অসাৰ ভাৱ আঁতৰি যাব তেতিয়া পুনৰ উজ্জীৱিত কৰাৰ ব্যৱস্থা কৰিব লাগে।

• প্ৰয়োজন অনুসাৰে শ্বাস-প্ৰশ্বাস পৰিচালনা কৰা হৃৎপিণ্ড মালিচ কৰা ইত্যাদি ব্যৱস্থা হাতত্ত ল’ব লাগে।

• দুৰ্দশাগ্ৰস্তই সংজ্ঞা পোৱাৰ পাছত বিছনাত শুৱাই গৰম কম্বলেৰে গা ঢাকি দিব লাগে।

• দুৰ্দশাগ্ৰস্তক তাৰ পাছত গৰম চাহ, কফি বা গাখীৰ খাব দিব লাগে।

শ্ৰীঅতুল বেজবৰুৱা

Leave A Reply

Your email address will not be published.