Breaking

আমাৰ প্রিয় ৰঙা চাহ বা লাল চাহৰ গুণাগুণ আৰু উপকাৰিতা সম্পৰ্কে অলপ জানি থওঁ আহক…

0 104

ৰঙা চাহত বিভিন্ন উপকাৰী এন্টিঅক্সিডেণ্ট পোৱা যায় যিয়ে আমাৰ শৰীৰক ফ্ৰি ৰেদিকেলৰ প্ৰতিকূল প্ৰভাৱৰ পৰা ৰক্ষা কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

ৰঙা চাহত থকা বিভিন্ন এন্টিঅক্সিডেণ্টৰ বাবে ইয়াক সেৱন কৰিলে আমি অধিক কৰ্মক্ষম হৈ পৰো, এলাহ ভাগৰ পলকতে নাইকিয়া হয়।

ৰঙা চাহত থকা এন্টিঅক্সিডেণ্টে হাৰ্টৰ বিভিন্ন ৰোগ প্ৰতিৰোধত সহায় কৰে বুলি জনা যায়। ইয়াৰ বাবে ৰঙা চাহত ডালচিনি, তুলসী আদি উপাদান যোগ কৰিলে গুণাগুণ আৰু বৃদ্ধি হয়।
নিয়মীয়াকৈ ৰঙা চাহ খাই থকা লোকৰ ডায়েবেটিচ ৰোগ হোৱাৰ সম্ভাৱনাও বহু কমি যায়। অৰ্থাৎ ই ডায়েবেটিচ ৰোগ প্ৰতিৰোধ কৰাতো সহায় কৰে।

নিয়মিত ভাৱে ৰঙা চাহ সেৱন কৰি থাকিলে ই বয়স বৃদ্ধিৰ সময়ত হাড়ৰ ঘনত্ব কমি যোৱা কাৰ্য্যত বাধা দিয়ে। যাৰ ফলত হাড় ঠুনুকা নহয় আৰু ই অষ্টিঅ’পৰচিচ ৰোগ প্ৰতিৰোধ কৰাতো সহায় কৰে। সেয়েহে এই চাহ মহিলা সকলৰ বাবে বিশেষভাৱে উপকাৰী।
ৰঙা চাহে আমাৰ পাচনতন্ত্ৰৰ কাৰ্য্যক্ষমতা বৃদ্ধি কৰে, অন্ত্ৰত হোৱা বিভিন্ন বীজাণুৰ সংক্ৰমণ ৰোধ কৰাত সহায় কৰে।
নিয়মীয়াকৈ সেৱন কৰা ৰঙা চাহে কলেষ্টৰল, ট্ৰাইগ্লিচাৰাইড আৰু মেদবহুলতা সমস্যাতো কিছু পৰিমাণে সুফল পোৱা যায়।
ৰঙা চাহত পোৱা পলিফেনল ( polyphenols) নামৰ এন্টিঅক্সিডেণ্টে মহিলাৰ ডিম্বাশয়ৰ কেঞ্চাৰ প্ৰতিৰোধ কৰাত সহায় কৰে বুলি জনা যায়। যিসকল মহিলাই নিয়মিত ভাৱে ৰঙা চাহ সেৱন কৰে তেওঁলোকৰ এনে ৰোগ হোৱাৰ সম্ভাৱনা কমি যায়।

ৰঙা চাহে হাপানী ৰোগ উপশম কৰাতো সহায় কৰে। দুই তিনিখিলা তুলসী পাত দি বনোৱা ৰঙা চাহকাপে হাপানী ৰোগীৰ বাবে ঔষধি হিচাবেও কাম কৰে।

কিন্তু দৈনিক পাঁচ কাপতকৈ বেছি ৰঙা চাহ সেৱন কৰিলে আমাৰ স্বাস্থ্যৰ কি কি অপকাৰ হ’ব পাৰে তলত উল্লেখ কৰা হৈছে:-
মাত্ৰাধিক পৰিমাণে ৰঙা চাহ সেৱন কৰিলে গেছ বা এচিডিটিৰ সমস্যা হব পাৰে নাইবা পেটৰ অসুখ হব পাৰে , ভোক কমি যাব পাৰে। সেয়েহে খালি পেটত বহু বাৰ ৰঙা চাহ নোখোৱাই ভাল। যিসকলৰ গেছৰ সমস্যা আছে তেওঁলোকেও ৰঙা চাহ কমকৈ খাব লাগে।
বেছিকৈ ৰঙা চাহ সেৱন কৰিলে নিদ্ৰাহীনতাত ভোগাৰ সম্ভাৱনা বৃদ্ধি পায়। কাৰণ ইয়াত থকা কেফেইনে টোপনিত ব্যাঘাত জন্মাব পাৰে। বয়সস্থ লোকসকল এইক্ষেত্ৰত সাৱধান হোৱা উচিত।
ৰঙা চাহ বেছিকৈ সেৱন কৰা কোনো কোনো লোকৰ ক্ষেত্ৰত মূৰৰ বিষ, অনিয়মিত হৃদস্পন্দন হ’ব পাৰে।

ডাঃ ৰেইনী দেৱী( আয়ুৰ্বেদিক চিকিৎসক)
BAMS ( GU)

Leave A Reply

Your email address will not be published.