Breaking

কোমোৰাৰ উপকাৰিতাৰ বিষয়ে জানো আহক… 

0 40
  • ই মৃগীৰোগ, জণ্ডিচ, জ্বৰ, বৃক্কত হোৱা পাথৰ, মানসিক ৰোগ তথা মানসিক অস্থিৰতা নিয়ন্ত্ৰণত সহায় কৰে।
  • নিদ্ৰাহীনতা দূৰীকৰণত কোমোৰাই ভাল ফল দিয়ে।
  • পুৰুষৰ শুক্ৰাণুৰ সংখ্যাগত তথা গুণগত মান বৃদ্ধিত ই যথেষ্ট সহায়কাৰীৰ ভূমিকা পালন কৰিব পাৰে।

  • কেঁচুমূৰীয়া ৰোগ(পাইলছ)ৰ উপশম কোমোৰাই ভাল ফল দিয়ে।
  • পূৰঠ কোমোৰা পিহি পোৱা ৰসৰ লগত সমপৰিমাণৰ পানী মিলাই পুৱা খালী পেটত কিছুদিন খালে এচিডিটি, পেটৰ আলচাৰ আদি উপশম হয়। এনে ৰসে স্মৃতিশক্তি বৃদ্ধিতো সহায় কৰে।
  • কোমোৰাৰ মজ্জাভাগ জুয়ে পোৰা ঠাইত প্ৰলেপ দিলে পোৰণি হ্ৰাস পায়।

  • ই কোষ্ঠকাঠিন্য আৰু প্ৰস্ৰাৱৰ দোষ নিবাৰণত সহায় কৰে।
  • ই স্নায়ু কোষৰ দুৰ্বলতা হ্ৰাস কৰে।
  • ইয়াৰ গুটি পুষ্টিদায়ক আৰু শৰীৰৰ কলা বৰ্দ্ধনত সহায়ক।
  • পূৰঠ কোমোৰা চকলা-চকলকৈ কাটি চেনিৰ দ্ৰৱত দি কিছুদিনলৈ খালে ৰুগীয়া অথবা নিশকতীয়া লোকৰ ওজন বৃদ্ধি পায়।

লেখক: অৰ্পণ দত্ত

Leave A Reply

Your email address will not be published.