ঔষধ হিচাপে মৌৰসৰ ব্যৱহাৰ অতি প্ৰাচীন কালৰে চলি আহিছে৷ ভাৰতীয় আয়ুৰ্বেদতো মৌৰসৰ ঔষধি গুণ আৰু তত্ত্বৰ বিষয়ে শুনি আছিছো ৷ মৌৰসক ইংৰাজীত Honey বুলি কোৱা৷ মৌৰস মৌমাখিৰ পৰাগৰেণু আৰু মৌ মাখিয়ে ফুলৰ পৰা সংগ্ৰহ কৰা ৰসৰ এক দীৰ্ঘ প্ৰক্ৰিয়াৰ অন্তত প্ৰস্তুত হয় ৷
মৌৰসৰ নিয়মিত ব্যৱহাৰ আমাৰ মানৱ শৰীৰৰ বাবে অতি উপকাৰী কিন্তু মৌৰস খাদ্য হিচাপে ব্যৱহাৰ কৰাতকৈ ঔষধ হিচাপে ব্যৱহাৰ কৰাটো বেছি উত্তম বুলি কব পাৰি। ব্যৱহাৰ কৰাৰ আগতে নিশ্চিত কৰি ল’ব যে মৌৰসখিনি খোৱাৰ বাবে সম্পূর্ণ উপযোগী ৷
মৌৰসত পোৱা কিছুমান পুষ্টিকৰ উপাদানঃ
মৌৰসত আমাৰ দেহত প্ৰয়োজনীয় যথেষ্ট পুষ্টি তত্ত্ব, ভিটামিন পোৱা যায়। মৌৰসত প্ৰধানকৈ ফ্ৰক্টজ আৰু কাৰ্বহাইদ্ৰেড উপলব্ধ তাৰোপৰি মৌৰসত নায়চিন, ভিটামিন বি-6 , ভিটামিন C, এমিন এচিড আদি পোৱা যায়। ৫০ গ্ৰাম মৌৰসত প্ৰায় ১৩০ কেলৰি, ৪০ গ্ৰাম ফ্ৰক্টজ, গ্লুকজ, সুক্ৰজ, মাল্টজ আদি চুগাৰ পোৱা যায়। মৌৰসত ফেট, ফাইবাৰ আৰু প্ৰটিন নাথাকে।
মৌৰসৰ ঔষধি গুণঃ
মৌৰসৰ ঔষধি গুণৰ বিষয়ে ক’বলৈ গ’লে ই বহুতো বেমাৰৰ চিকিৎসাৰ ক্ষেত্ৰত এটা নির্দিষ্ট ভূমিকা পালন কৰে। আজি যুগত মৌৰসৰ ব্যৱহাৰ প্ৰধানকৈ মানুহৰ চালৰ সুন্দৰতা বৃদ্ধি, পাচন তথা হজম শক্তি সবল কৰিবলৈ, ওজন কমাবলৈ আদিৰ বাবে ব্যৱহাৰ কৰা হয়।