শিলিখা বনৌষধি ফলৰ ভিতৰত আতাইতকৈ বেছি গুণসম্পন্ন ফল|সেয়হে এই ফল অমৃতৰ সমান বুলি কয়| এই শিলিখাই সকলো ৰোগ হৰি নিয়ে কাৰনে ইয়াৰ নাম হৰিতকি নামে জনাজাত|
শিলিখাৰ_ব্যৱহাৰ
শিলিখা চোবাই খালে হজম শক্তি আৰু ভোক বৃদ্ধি হয় |
শিলিখা পিহি খালে শৌচ খোলোচা হয় |
শিলিখা ভাজি খালে বায়ু পিত্ত,কফ নাশ হয় |
শিলিখা নিমখৰ লগত খালে কফ নাশ কৰে |
শিলিখা চেনিৰ লগত খালে পিত্ত ৰোগ নাশ কৰে
বৰ্ষা কালত শিলিখা নিমখৰ সৈতে খাব লাগে |
শৰৎ কালত চেনিৰ লগত খাব লাগে |
হেমন্ত কালত আদাৰ সৈতে খাব লাগে|
শীত কালত পিপলি গুৰিৰ সৈতে খাব লাগে |
বসন্ত কালত মৌৰ সৈতে খাব লাগে|
গ্ৰীষ্মকালত গুৰৰ সৈতে খাব লাগে |
ইয়াৰ উপৰিও কাহ,কেচুমুৰিয়া, ক্ৰিমী,মাত ভঙা, গ্ৰহণী, চুলিৰ সমস্যা ,ৰক্তহীনতা ইত্যাদি ৰোগৰ পথ্য শিলিখা |