দিনে প্ৰায় ৯ৰ পৰা ১০ ঘণ্টা বিচ্ছেদ আৰু বিভিন্ন ভুল বুজাবুজিৰ বাবে সম্পৰ্কত ঘূণে ধৰিবলৈ আৰম্ভ কৰে। আহক জানো কিয় স্বামীক লৈ পত্নীৰ সন্দেহৰ সৃষ্টি হয়।
১. যদি বিয়াৰ পিছত স্বামী–স্ত্ৰীৰ মাজত কথা–বতৰা হোৱা খুবেই প্ৰয়োজন। কোনো সমস্যা হ’লে নিজৰ মাজতে বিষয়টো সমাধান কৰা ভাল। ব্যস্ততাৰ কাৰণে পুৰুষসকলে যদি পত্নীৰ সৈতে কম কথা পাতে, তেন্তে সম্পৰ্ক নষ্ট হ’ব পাৰে।
২. বন্ধুত্ব এনে এক সম্পৰ্ক যিটো বিয়াৰ পিছতো স্থায়ী হৈ থাকে। সাধাৰণতে যেতিয়া এজন পুৰুষে এগৰাকী মহিলা বন্ধুৰ সৈতে কথা পাতে, প্ৰায়ে পত্নীয়ে হিংসা বোধ কৰিবলৈ আৰম্ভ কৰে। যাৰ বাবে দুয়োৰে মাজত দূৰত্ব বাঢ়ে। বৃদ্ধি পায় মতবিৰোধ। এইক্ষেত্ৰত স্বামীয়ে পত্নীক আস্বস্ত কৰাটো প্ৰয়োজন যে জীৱনত তেওঁৰ গুৰুত্ব যিকোনো বন্ধতকৈ বহু বেছি।
৩. প্ৰত্যেক পত্নীয়ে বিচাৰে তেওঁৰ স্বামীয়ে ঘৰলৈ আহিলে তেওঁৰ সৈতে কথা পাতক, তেওঁক সময় দিয়ক। কিন্তু বহু পুৰুষে ম’বাইলৰ প্ৰতি তেওঁলোকৰ মনোযোগ ত্যাগ কৰিব নোৱাৰে ঘৰলৈ ওভতাৰ পিছতো। পুৰুষে ম’বাইল চাই চাই বেছি হাঁহিলে পত্নীৰ সন্দেহ বহুগুণে বৃদ্ধি পায়। সেইবাবে ফোনতকৈ জীৱনসংগীৰ সৈতে অধিক সময় কটোৱাৰ চেষ্টা কৰক।
৪. বিয়াৰ পূৰ্বে বিভিন্ন সম্পৰ্ক থাকিব পাৰে, কিন্তু বিয়াৰ পিছত যেতিয়াও আপুনি পত্নীৰ সৈতে বহিব, ভুলতো কেতিয়াও আপোনাৰ প্ৰাক্তন প্ৰেমিকা সম্পৰ্কে কথা নাপাতিব, অন্যথা পত্নীয়ে অনুভৱ কৰিব যে আপুনি এতিয়াও প্ৰাক্তন প্ৰেমিকাক মিছ কৰে বা তেওঁক পাহৰিব পৰা নাই। এয়া নাৰীৰ মনত সন্দেহৰ সৃষ্টি কৰাৰ এক ডাঙৰ কাৰণ।