সু-স্বাস্থ্যৰ বাবে খোৱা লোৱাৰ বিধান :
সু-স্বাস্থ্যই মানুহৰ পৰম ধন
স্বাস্থ্যহীনতাই কৰে কলুষিত মন
সু-স্বাস্থ্য সকলোৰে কাম্য। কিন্তু কামনা কৰিলে জানো সু-স্বাস্থ্য লাভ কৰিব পাৰিব। ইয়াৰ বাবে লাগিব পুষ্টিকৰ আহাৰ। কাৰণ আহাৰ হৈছে মানুহৰ সঞ্জীৱনী শক্তি।
কিন্তু এই আহাৰ খোৱাৰো আছে বহুতো নীতি-নিয়ম। বিশেসকৈ আহাৰৰ ৰন্ধন প্ৰকৰণ, আহাৰ খোৱা-লোৱাৰো আছে কেতবোৰ বিধান।
তাহানি কালৰ পৰাই আমাৰ খোৱা-লোৱাত বহুতো বিধি-বিধান প্ৰচলিত হৈ আহিছে। কেতিয়া কি খালে মানুহৰ স্বাস্থ্য সাধন হয় তাৰো বিধান আছে।
ডাকৰ বচনত পোৱা যায় এইদৰে-
চাউল দিবা যেতেক তেতেক
পানী দিবা তিনি তেতেক
যেবা দেখা নিসিজে চাউল
তেবে বুলিবা ডাকক বাউল।
ইয়ৰ উপৰি কোৱা হয় এইদৰে-
মাফুৰ মাছক কচি-কুটিয়া অৰ্থাৎ মাছক টুকুৰা টুকুৰ কৈ কটাতকৈ কচিবলৈ বিধান দিছে। এনেদৰে কাৱৈ মাছ পালেং শাকৰ লগত হিং দি ৰান্ধি খালে মানুহৰ দৃষ্টিশক্তি বৃদ্ধি হয়। ইয়াৰ উপৰি গীত-মাততো কোৱা হয়-
খাবলৈ ভাল টেঙা মাছৰ জোল
বেছিকৈ খালে পেটৰ কৰে গণ্ডগোল।
ইয়াৰ উপৰি অমাৱস্যা, পূৰ্ণিমা আৰু একাদশীত মাছ-মাংস খাব নাপায়। আকৌ ৰাতি টেঙা, তিতা, খাৰ খাব নালাগে।
কিহৰ লগত কি নোখোৱা বিধান:
*কণী আৰু পিয়াঁজ একেলগে খাব নালাগে।
*এৱা গাখীৰ খাই মাছৰ আঞ্জা খাব নালাগে।
*শুকান মাছ দৈৰে খাব নালাগে।
*ওল কচু মাটি দাইল আৰু গাখীৰ খাব নালাগে।
*কল, কচু খোৱা নিষেধ।
*থেকেৰা, তেতেলী টেঙা একেলগে খোৱা নিষেধ।
*জলফাই টেঙা, চুকা শাক কাৱৈ মাছ একেলগে খোৱা নিষেধ।
*মাছ, মাখন খাই এৱা গাখীৰ খাব নালাগে।
পোৰা মাছ পাতত দিয়া শনি, মঙলবাৰে খোৱা নিষেধ।
ৰাতি শাক খাব নালাগে।
ইয়াৰ উপৰি কোন কোন মাহত কি কি খাব:
ব’হাগ মাহত গৰু বিহুৰ দিনা নিমপাত, শোটোৰা তিতা, কেৰেলা খাব লাগে। তেতিয়া গোটেই বছৰটোলৈ পেলু নহয় আৰু চৰ্ম ৰোগ নহয় বুলি বিশ্বাস। দেহ-মন সুস্থ হৈ থাকে।
পঁইতা ভাত দৈৰ সৈতে খালে মানুহৰ দেহ-মন শীতল হৈ থাকে। সেই সময়ত অৰ্থাৎ সাত বিহুৰ ভিতৰত এশ এবিধ শাক খালে দেহ-মনৰ পুষ্টি সাধন হয়। বিভিন্ন ৰোগ নিৰাময় হয় বুলি কোৱা হয়।
জেঠ, আহাৰ, শাওন, ভাদত বাঁহ গাজ আৰু খাৰৰ আঞ্জা খোৱা ভাল। আহিন-কাতিত খৰালি খাব লাগে। কচু, কচুৰ ঠুৰি খোৱা ভাল। ইয়াত পৰ্যাপ্ত পৰিমাণৰ লৌহ পদাৰ্থ পোৱা যায়।
শাওন মাহত পঁইতা ভাল খাব লাগে। পঁইতা ভাত খৰিচা খালে দেহ শীতল হয়। বিশেষকৈ পঁইতা ভাতত ভিটামিন ‘বি’ আৰু মাইক্ৰ’ অৰ্গেজিম থাকে। ই পাকস্থলীৰ ঘা নিৰাময় কৰিব পাৰে।
পুহ-মাঘ মাহত কাঠ আলু, মাটি মাহ, তিল, বৰাচাউল খোৱা উচিত। ইয়াত খাদ্যপ্ৰাণ অধিক থাকে। স্বাস্থ্য সুৰক্ষাৰ মহৌসধ।
এনেদৰে সপ্তাহত এদিন তিতা আৰু এদিন খাৰ আঞ্জা খাব লাগে। শনিবাৰ আৰু মঙলবাৰে তিতা খাব নালাগে। সেয়েহে কোৱা হয়-
টেঙা তিতা খাৰ
ই ভোজনৰ সাৰ।
কিন্তু এইবোৰ খোৱাৰো বিধান আছে। তাক পালন কৰি স্বাস্থ্য সাধনা কৰাটি নিতান্তই প্ৰয়োজন। আহাৰ ৰন্ধা, খোৱা আৰু পৰিৱেশন কৰাৰ বহুতো বিধান পোৱা যায়। আহাৰ খাওঁতে সদায় প্ৰফুল্ল মনেৰে খাব লাগে। তেতিয়া আহাৰ সোনকালে হজম হয়। খোৱাৰ এঘন্টা পাছত পানী খোৱা উচিত। আহাৰ খাই পানী খালে বদহজম হয়। টেঙা খাই পানী খাব নালাগে। সেয়েহে কোৱা হয়-
টেঙা খায়ে পানী খায়
যমে মানুহৰ টনাটনি হয়।
ইয়াৰ উপৰি পৰম্পৰাগতভাৱে আমি খোৱা খাদ্যবোৰ নীতি-নিয়মৰ মাজেৰে খোৱা উচিত। তাহানি আমাৰ ককা-আইতাহঁতে এইবোৰ খাদ্য খাওঁতে নিয়ম-নীতি মাতি চলিছিল বাবে হয়তো বহুতো ৰোগৰ পৰা মুক্তি পাইছিল। সপ্তাহত টেঙা, তিতা, খাৰ খোৱা সম্পৰ্কে কোৱা হয় এইদৰে-
সাতে তিতা দাঁতত লোণ
কাণত কচু নাভিত তেল
তাৰ ঘৰত কিহৰ বেজৰ মেল।
ভৰি চেঙা তেল তেবেহে জানা সিদ্ধৰ মেল
আদাৰ শিলিখাই আমলখি মুখশুদ্ধি
তেবেহে হৈব দেহৰ বৃদ্ধি।
লেখক: ধনেশ্বৰ হুজুৰী