ব্যায়াম কৰিবলৈ সময় নাই বুলি নাৰীয়ে সততে কৈ আহে। কিন্তু প্ৰতিগৰাকী নাৰীয়ে নিজৰ শৰীৰটোৰ ফিটনেছৰ কথা ভবা উচিত। তাৰ বাবে নাৰীয়ে নিজৰ বাবে কিছু সময় উলিয়াবই লাগিব।পুৱা শুই উঠিয়েই এগৰাকী নাৰীয়ে স্বামী, ল’ৰা-ছোৱালীৰ খোৱা-বোৱা তৈয়াৰৰ কামত লাগি যাব লাগে।
কাৰণ স্বামীক অফিচলৈ, ল’ৰা-ছোৱালীক খুৱাই-বোৱাই লগতে টিফিন দি স্কুললৈ পঠিয়াব লাগে। গতিকে একেবাৰে পুৱা নাৰীৰ বাবে ব্যায়াম কৰিবলৈ সময় নাথাকে। কিন্তু স্বামী অফিচলৈ, ল’ৰা-ছোৱালী স্কুললৈ ওলাই যোৱাৰ পাছত এগৰাকী নাৰীয়ে ২০ মিনিটৰ বাবে হ’লেও কেইটামান ব্যায়াম কৰি ল’ব পাৰে। যিসকল মহিলাৰ ল’ৰা-ছোৱালী ডাঙৰ হৈছে, দায়িত্ব কমিছে সেইসকল মহিলাই পুৱা শুই উঠি মুখ-হাত ধুই সোনকালেই ব্যায়াম কৰাৰ সুবিধা লব লাগে।
ঘৰুৱা কামত ব্যস্ত থাকিবলগীয়া মহিলাসকলে আবেলি বা সন্ধিয়া পৰতো ব্যায়াম কৰিবলৈ সময় নিৰ্ধাৰণ কৰি ল’ব লাগে।
ব্যায়াম কৰিবৰ বাবে মনৰ প্ৰস্তুতিৰ দৰকাৰ। মনতে ভাবি ললে ব্যায়াম কৰিবলৈ সময় উলিয়াই ল’ব পাৰিবই।
ব্যায়াম কৰাৰ সময়ত সুবিধাজনক পোছাক পিন্ধি ল’ব। নিজকে সম্পূৰ্ণ অকলশৰীয়া কৰি ল’ব যাতে ব্যায়ামত আত্মস্থ হ’ব পাৰে। লাগিলে দুটামান ব্যায়ামেই কৰক, কিন্তু মনৰ প্ৰশান্তিৰে কৰক। ব্যায়াম কৰাৰ সময়ত মনত লৰালৰিৰ ভাব নাৰাখিব।
আজিকালি বহু মহিলাৰ আঁঠু, কঁকাল, স্পণ্ডিলাইটিছৰ বিষত জৰ্জৰিত হৈ থকা দেখা যায়। ডাক্তৰে তেনে লোকক কিছু ব্যায়াম কৰিবলৈ দিয়ে। ব্যায়ামৰ দ্বাৰা এনে বিষ-কোপ ভাল হোৱা দেখা যায়। গতিকে শৰীৰৰ কোনো ঠাইৰ বিষ হ’লে চিকিৎসক বা ফিজিঅ’থেৰাপিষ্টে ব্যায়াম শিকাই দিলে যত্নসহকাৰে সেই ব্যায়াম কৰিব লাগে। সময় নাই বুলি কোনোমতেই অৱহেলা কৰিব নালাগে।
ব্যায়াম কৰাৰ সময়ত ম’বাইল ফোনৰ ছুইচ ইচ্ছা কৰিলে সেই কণ সময়ৰ বাবে অফ কৰি ৰাখিব পাৰে।
শৰীৰটো ঠিকে ৰাখিব লাগিব, ব্যায়ামে শৰীৰৰ ফিটনেছ ৰক্ষাত সহায় কৰে এই কথা ব্যায়াম কৰাৰ সময়ত মনত ৰাখিব। তেতিয়া ব্যায়াম কৰিবলৈ নিজৰ ভিতৰৰ পৰাই অনুপ্ৰেৰণা লাভ কৰি থাকিব।
আজিকালি ব্যায়াম শিকাৰ কোনো অসুবিধা নাই। ব্যায়ামৰ নানা কিতাপ পোৱা যায়। টিভিৰ যোগেও শিকিব পাৰি। আমাৰ ভাৰতীয় যোগ-ব্যায়াম সাধনাতে সকলো পোৱা যায়।
শৰীৰৰ কিছুমান বিশেষ ঠাইৰ মেদ কমাবলৈ হ’লে সেই ঠাইখিনিত কামত অহাকৈ বেলেগ বেলেগ ব্যায়াম কৰিব পাৰি। তেতিয়া যি ফল বিচাৰিছে সেইটো হৈ উঠা দেখা যায়। জিম বা তেনে কোনো শৰীৰৰ চৰ্চাকাৰীৰ ওচৰলৈ গৈ পৰামৰ্শ লৈ নিজেও আৰম্ভ কৰিব পাৰে।