সুখ সম্পদৰ দেৱী মা লক্ষ্মী
সনাতন পৰম্পৰাত শাৰদীয় পূৰ্ণিমাৰ মহত্ব অতি বেছি। জ্যোতিষ শাস্ত্ৰ অনুসৰি শাৰদীয় পূৰ্ণিমাৰ দিনা চন্দ্ৰ ষোল্ল কলাৰে পৰিপূৰ্ণ হয় আৰু গোটেই ৰাতি চন্দ্ৰৰ কিৰণে পৃথিবীত অমৃত বৰষায় ।
সেইদিনা পৃথিবী আৰু চন্দ্ৰৰ মাজৰ ব্যৱধান সবাটোকৈ কম হয় । এই শাৰদীয় পূৰ্ণিমাৰ দিনাই মা লক্ষ্মীৰ জন্ম হৈছিল।
লক্ষ্মী তন্ত্ৰকে ধৰি কেইবাখনো তন্ত্ৰ শাস্ত্ৰত লক্ষ্মী দেৱীক মহালক্ষ্মী বুলি অভিহিত কৰিছে । দেৱী লক্ষ্মী আৰু মহালক্ষ্মী এই দুটা ৰূপত মা লক্ষ্মীক পূজা কৰা হয় । দেৱী লক্ষ্মীৰ প্ৰথম ৰূপ টো আদিলক্ষ্মীৰ, তেওঁক মূল লক্ষ্মী আৰু আদিশক্তি বুলিও কোৱা হয়। শ্ৰীমদ্ দেৱী ভাগৱত পুৰাণৰ মতে, মহালক্ষ্মীয়ে সৃষ্টিৰ আৰম্ভণিতে ত্ৰিদেৱক প্ৰকট কৰাইছিল আৰু তেওঁৰ পৰাই মহাকালী আৰু মা সৰস্বতীয়ে আকাৰ লৈছিল। তেওঁ নিজেই পৃথিৱীখন চলাবলৈ ভগৱান বিষ্ণুৰ সৈতে থকাটো স্বীকাৰ কৰিছিল।
মহালক্ষ্মী ভগৱান বিষ্ণুৰ পত্নী। কোনো কোনো শাস্ত্ৰৰ মতে দেৱী লক্ষ্মী স্বৰ্গৰ দেৱী আৰু মহালক্ষ্মী বৈকুণ্ঠৰ দেৱী। মহালক্ষ্মীক ছবিত সদায় ভগৱান বিষ্ণুৰ লগত বিশেষকৈ বিষ্ণু শুই থাকোতে ভৰিৰ ওচৰত দেখা যায়। পৌৰাণিক শাস্ত্ৰ মতে মহালক্ষ্মী ঋষি ভৃগুৰ কন্যা আনহাতে মা লক্ষ্মীৰ সাগৰ মন্থনত সময়ত শাৰদীয় পূৰ্ণিমাৰ দিনা আন ৰত্ন সমূহৰ লগত ওলাই আহিছিল। মহালক্ষ্মী আকৌ কেইবাটাও ৰূপত বিদ্যমান বুলি কোৱা হয়। সকলোৰে ভিতৰত উল্লেখযোগ্য হৈছে শ্ৰীদেৱী, ভূদেৱী আৰু নীলাদেৱী।
শ্ৰীদেৱী ঋগ্বেদৰ দেৱী । ঋগ্বেদত মা লক্ষ্মীক ‘শ্ৰী’ বুলি অভিহিত কৰিছে । ঋগ্বেদৰ পঞ্চম মণ্ডলত শ্ৰীসুক্ত আছে। মা মহালক্ষ্মীৰ সুদৃষ্টিৰ বাবে, ধন , ঐশ্বৰ্য্য আৰু যশৰ বাবে ঋগ্বেদৰ শ্ৰী সুক্ত অতি ফল দায়ক মন্ত্ৰ। এই মন্ত্ৰ শুক্ৰবাৰে গধূলী ৫ বজাৰ পৰা ১০ বজাৰ ভিতৰত ১০৮ বাৰ পাঠ কৰিব পাৰিলে ধনৰ অভাৱ দূৰ হয়। দেৱালীৰ ৰাতি এই মন্ত্ৰ পাঠ কৰিলে সুফল পাব পাৰি।
“সৌভাগ্য লক্ষ্মী উপনিষদ” নামেৰ উপনিষদ খন মা লক্ষ্মীৰ ওপৰতে ৰচিত। এই উপনিষদে লক্ষ্মী দেৱীৰ শক্তি, বৈশিষ্ট আৰু আন বহুতো দিশৰ বিষয়ে বৰ্ণনা কৰিছে । যদিও এই উপনিষদৰ প্ৰথম অংশত ভৌতিক কামৰ ওপৰত গুৰুত্ব দিয়া হৈছে, লাহে লাহে, ই এজন ব্যক্তিৰ আধ্যাত্মিক বিকাশ আৰু অতিক্ৰমৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
বৈদিক শাস্ত্ৰ অনুসৰি মানুহৰ সৌভাগ্য মা লক্ষ্মীৰ কৃপাৰ ওপৰতে নিৰ্ভৰ কৰে। লক্ষ্মী দেৱীয়েই হওক বা মহালক্ষ্মী দেৱী হওক দুয়োগৰাকী সম্পদ, শান্তি আৰু সমৃদ্ধিৰ দেৱী বুলি গণ্য কৰা হয়। ভগৱান বিষ্ণুৱে সময়ে সময়ে যিদৰে এই ধৰাত অৱতাৰ লৈ আহিছে তাৰ লগে লগে দেৱী মহালক্ষ্মীয়েও ভগৱান বিষ্ণুৰ সেই অৱতাৰ ৰূপক আগুৱাই নিবৰ বাবে এই ধৰাত জন্ম লৈ আহিছে ।
মহালক্ষ্মী হৈছে ঐশ্বৰিক শক্তি যি সপোনক বাস্তৱলৈ ৰূপান্তৰ কৰে। তেওঁ হৈছে প্ৰকৃতি, নিখুঁত সৃষ্টি: স্ব-নিৰ্ভৰশীল, স্বয়ং সম্পূৰ্ণ প্ৰকৃতি। তেৱেঁই হৈছে মায়া, আনন্দ দায়ক বিভ্ৰান্তি, দৈৱত্বৰ সপোন সদৃশ অভিব্যক্তি যি জীৱনক জীয়াই থকাৰ যোগ্য কৰি তোলে, সেয়েহে মহালক্ষ্মী শক্তি, সীমাহীন শক্তি আৰু সমৃদ্ধি।
লক্ষ্মী দেৱী দীপাৱলী উৎসৱৰ কেন্দ্ৰীয় দেৱী। এই উৎসৱ পোহৰৰ উৎসৱ, যি অশুভৰ ওপৰত ভালৰ জয়, অজ্ঞতাৰ ওপৰত জ্ঞান আৰু অন্ধকাৰৰ ওপৰত পোহৰৰ জয় সূচায়। শাস্ত্ৰৰ মতে দেৱতা সকলক শক্তি প্ৰদান কৰা দেৱী হৈছে লক্ষ্মী দেৱী । দেৱী লক্ষ্মীৰ চাৰিখন হাতে হিন্দু জীৱন ধাৰণৰ বাবে গুৰুত্বপূৰ্ণ চাৰিটা লক্ষ্য প্ৰতিনিধিত্ব কৰে – ধৰ্ম, কাম, অৰ্থ, আৰু মোক্ষ। দীপাৱলী উৎসৱত তেওঁক গণেশ দেৱতাৰ সৈতে উপাসনা কৰা হয়।
শাৰদীয় পূৰ্ণিমা ভাৰতবৰ্ষৰ কিছুমান ঠাইত লক্ষ্মী দেৱীৰ পূজা পতা হয় আৰু কিছুমান ৰাজ্যত এই পূৰ্ণিমাক কোজাগৰি লক্ষ্মী পূৰ্ণিমা বুলিও কয় । দীপাৱলীৰ তিথিত আৰু কোজাগৰি তিথিত মা লক্ষ্মীয়ে গোটেই ৰাতি ভক্তৰ আবেদন নিবেদন শুনে বুলি মান্যতা আছে । সেয়ে এই পূজাত গোটেই ৰাতি উঠি থকাৰ নিয়ম । এই তিথি দুটাত ব্ৰত কৰি মন্ত্ৰ জপ কৰিলে লক্ষ্মী দেৱীয়ে ভক্তক ঐশ্বয্য সম্পদ দিয়ে । আনহাতে এই পূৰ্ণিমাৰ গধুলি পায়স বনাই চন্দ্ৰৰ অমৃত বৰষা পোহৰ পৰাকৈ গোটেই ৰাতি থৈ ৰাতিপুৱা খালে অমৃত খোৱাৰ ফল লাভ হয় আৰু ৰোগৰ পৰা নিৰাময় পায় ।
মহালক্ষ্মীৰ আন এক ৰূপ সিদ্ধি লক্ষ্মী । সিদ্ধি লক্ষ্মী হৈছে মা যোগমায়াৰ সামগ্ৰিক আৰু সম্পূৰ্ণ প্ৰকাশ। তেওঁ হৈছে সমৃদ্ধি, সম্পদ, প্ৰাচুৰ্যৰ প্ৰতীক। তেওঁ সকলো ধৰণৰ লক্ষ্মীক সামৰি লৈছে কাৰণ ৰাজহুৱা ক্ষেত্ৰত জনাজাত লক্ষ্মী হৈছে মহালক্ষ্মী আৰু তেওঁৰ বিভিন্ন ৰূপ।
মহালক্ষ্মী ৰাজসিক প্ৰকৃতিৰ আনহাতে সিদ্ধি লক্ষ্মী ৰজ, তম,সত্ব এই তিনিওটা গুণৰ সমাহাৰ।
“সিদ্ধ ধৰ্ম” অনুসৰি, সিদ্ধি লক্ষ্মীৰ উপাসনা অপৰিসীম সম্পদ আৰু বিশ্বব্ৰহ্মাণ্ডৰ সকলো সম্পদ আহৰণৰ বাবে সম্পন্ন কৰা হয়। এই বিশ্বব্ৰহ্মাণ্ডত কোনো সম্পদ নাই যিটো এই দেৱীয়ে প্ৰদান কৰিব নোৱাৰে।
“কৌলা সিদ্ধা” অনুসৰি, তেওঁক আকাশ ভৈৰৱত চিত্ৰিত কৰা হৈছে। আকাশ ভৈৰৱই সিদ্ধি লক্ষ্মীক তেওঁৰ হাতৰ ওপৰত ৰাখিছে । সেয়ে দেৱীৰ ভৰিয়ে মাটি স্পৰ্শ নকৰে। আকাশ ভৈৰৱেও মাটি স্পৰ্শ নকৰে আৰু ভীমকায় ভৈৰৱ বা বজ্ৰ ভৈৰৱৰ ওপৰত বহি থাকে। দেৱীক পাঁচটা মূৰ আৰু দহখন হাতেৰে চিত্ৰিত কৰা হয়। এই দেৱীক মেৰুন ৰঙত চিত্ৰিত কৰা হৈছে।
মা লক্ষ্মীক অতি সহজেই প্ৰসন্ন কৰিব পৰা যায় । এই দিনত পুৱাতে ঘৰ চাফা কৰি নিমখ দিয়া পানীৰে ঘৰ মুছিব লাগে । বৃহস্পতিবাৰ বাদ দি বাকী কেইটা দিনত প্ৰতি দিনে নিমখ মিহলি পানীৰে ঘৰ মুছিলে লক্ষ্মী দেৱী কৃপা পোৱা যায় ।
শাৰদীয় পূৰ্ণিমাত অলপ মান ফিটকিৰি কিনি আনি ৰাখিলে দেৱীৰ সুদৃষ্টি পোৱা যায় ।
আৰ্যাৱৰ্তৰশাস্ত্ৰজ্ঞান
লেখক জুলা শৰ্মা
নতুন দিল্লী