Breaking

জীৱনটো কিন্তু অভিনয় নহয়…

0 55

১৯৮৬ চনত কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰণালয়ে এক বিশেষ প্ৰকল্পৰ আধাৰত গতানুগতিক অভিযান্ত্ৰিক পাঠ্যক্ৰমৰ বিপৰীতে ছয় বছৰীয়া পাঠ্যক্ৰমৰে উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলৰ কাৰণে অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ সমীপৰ নিৰজুলিত এখন বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ শিক্ষা প্ৰতিষ্ঠান স্থাপিত কৰিছিল।আৰম্ভণিতে উত্তৰ পূৰ্ব পাৰ্বত্য বিশ্ববিদ্যালয়ৰ অধীনত থকা আৰু বৰ্তমান সময়ত বিবেচিত বিশ্ববিদ্যালয়ৰ মৰ্য্যদা প্ৰাপ্ত North Eastern Regional Institute of Science & Technology চমুকৈ NERIST এখন দেশৰ আগশাৰীৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠান । উল্লেখযোগ্য যে সাম্প্ৰতিক সময়ত সমগ্ৰ বিশ্বত খলকনিৰ সৃষ্টি কৰা চন্দ্ৰযান-৩ মিচনত এই নেৰিষ্টৰে পাঁচ জন উত্তৰ পূৰ্বাঞ্চলৰে প্ৰাক্তন ছাত্রই অংশগ্ৰহণ কৰি দেশৰ লগতে শিক্ষানুষ্ঠান খনলৈ সুনাম কঢ়িয়াই আনিছে ।

সাতভনীৰ সন্তানে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ শিক্ষা লাভ কৰিবলৈ অহা এই শিক্ষানুষ্ঠান খন কেৱল এখন অভিযান্ত্ৰিক প্ৰতিষ্ঠানেই নহয় । এইখন হৈছে এজন ছাত্ৰৰ বৌদ্ধিক, মানসিক আৰু সামাজিক দায়বদ্ধতাৰ বিকাশৰ অনুশীলনৰ থলী। তাৰ বাবেই আজি দেশ আৰু বিদেশৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানত আগশাৰীৰ পদৱীত অধিস্থিত হোৱাৰ সুযোগ পাবলৈ সমৰ্থ হৈছে। কোনো ৰাজনৈতিক দল প্ৰতিষ্ঠানে ঢুকি নোপোৱা নেৰিষ্টত শিক্ষা গ্ৰহণ কৰিবলৈ যোৱা নগা, মিজো, অৰুণাচলী, মণিপুৰী, খাছি, ত্ৰিপুৰী অসমীয়াৰ লগতে দেশৰ অন্য ঠাইৰ পৰা পঢ়িবলৈ অহা ছাত্ৰ-ছাত্ৰী সকলে আৰম্ভণিৰে পৰা বজাই ৰখা সমন্বয়ৰ কথা উল্লেখনীয়। তাৰ উদাহৰণ হৈছে নেৰিষ্টৰ কেম্পাছত ছাত্ৰ-ছাত্ৰী সকলে সমন্বয়ৰ বনোৱা শিৱ মন্দিৰ, নামঘৰ , গীৰ্জাঘৰৰ লগতে উদযাপন কৰা ৰঙালী বিহু , বৰদিন, বৈশাখী নিয়কুম, চাপচাৰ কুট,মপিন আৰু ড্ৰি আদি উৎসৱ । এই শিক্ষানুষ্ঠানৰ নেৰিষ্ট আৰু মিজোৰামৰ সততাৰ নিদৰ্শণ পৰম্পৰাগত বিক্রেতা বিহীন বজাৰ ‘ন্গাহ-ল’হ-ডৱৰ’ৰ পটভূমিতে লিখি উলিওৱা হৈছে মোৰ নৱতম উপন্যাস “বিক্রেতা বিহীন বজাৰ”।

২০২১ চনতে প্ৰকাশ পোৱা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষণাৰ বিষয়বস্তু হিচাপে বিবেচিত হোৱা মোৰ ” বিহংগম দৃষ্টিত মিজোৰাম” উপন্যাসখনৰ পৰিবৰ্ধিত সংস্কৰণ তথা নতুন ৰূপত প্ৰকাশ কৰিবলৈ ওলোৱা এই উপন্যাসখনে পাঠকৰ সমাদৰ লাভ কৰিব বুলি আশা কৰা হৈছে । উপন্যাসখনত অৰুণাচলৰ নিচি জনজাতিৰ কলা সংস্কৃতি আৰু কটকটীয়া সমাজ ব্যৱস্থাৰ লগতে লগতে মিজোৰামৰ মিজো সকলৰ শৃংখলাৱদ্ধ জীৱন শৈলী আৰু সততাৰ কথা প্ৰধান্য দিয়া হৈছে। মাক-দেউতাকৰ আশা আৰু ভৱিষ্যত জীৱনৰ সপোনলৈ পঢ়িবলৈ অহা ছাত্ৰ-ছাত্ৰী সকলে ঘৰ এৰি হোষ্টেললৈ অহাৰ পাছত নিজৰ জীৱনৰ ভৱিষ্যত নিজে সুৰক্ষিত কৰি ৰাখিব লাগিব। নিজৰ এটা ভুল সিদ্ধান্তই সকলো সৰ্বনাশ মাতি আনিব পাৰে । মানুহে নিজৰ জীৱনৰ পৰা পোৱা শিক্ষাই হৈছে সৰ্বোত্তম শিক্ষা । ভগৱান শ্ৰীকৃষ্ণই সকলো দৰ্শন উদ্ভাবন কৰিছিল নিজৰ জীৱনৰ বাস্তৱ ঘটনা -পৰিঘটনাৰ পৰা। জীৱনটো কিন্তু অভিনয় নহয় । কাৰণ অভিনয় নিজৰ নহয় আনৰ চৰিত্ৰৰ হে কৰা হয়। জীৱনত ভুল হৈ যোৱা অথৱা কৰাটো সাধাৰণ কথা । পাছে প্ৰায় সকলোবোৰ ভুলৰ কাৰণে সংশোধনৰ সুযোগ আহে। সেই সুযোগ ল’ব জনা জনেই সফলতাৰ মুখ দেখে। জীৱনত প্ৰতিষ্ঠা লাভ কৰিবলৈ সমক্ষ হয়।

অহা ২৬ ডিচেম্বৰ তাৰিখে অৰুণাচল প্ৰদেশৰ নেৰিষ্টত উন্মোচিত হ’ব লগীয়া মণিকূট প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা ‘বিক্রেতাবিহীন বজাৰ”ৰ নায়ক অনুৰাগ, নিচি যুৱতী মৃগনয়ণী আৰু মিজো গাভৰু জুৱালীৰ ত্রিকোণীয় প্ৰেমৰ কাহিনীৰাজিয়ে পাঠকৰ হৃদয়ত স্থান পাব বুলি আশা কৰিলোঁ।

লেখকঃ চুমিন্দ্ৰ চৌধুৰী

Leave A Reply

Your email address will not be published.