আমি আটায়ে জানো যে, পেছাদাৰী ৰক্তদাতাৰ ৰক্তৰ পৰা HIV-কে ধৰি আন বহুতো ৰোগ বিয়পাৰ আশংকা অধিক| সেয়েহে ১৯৯৮ চনত উচ্চতম ন্যায়ালয়ে ভাৰতবৰ্ষত পেছাদাৰী ৰক্তদাতা বন্ধ কৰি দিছে| তদুপৰি আমাৰ ৰাজ্যখনত প্ৰায়ে বোমা বিস্ফোৰণ, গুলীয়াগুলি আৰু দুৰ্ঘটনা হৈ থাকে| যদিহে সুৰক্ষিত ৰক্তৰে আমাৰ ৰক্ত ভাণ্ডাৰবোৰ ভৰি নাথাকে, তেন্তে এই মানুহ বোৰৰ কি অৱস্থা হ’ব? ইয়াৰ বাবে নিশ্চয়কৈ সুৰক্ষিত ৰক্তদানৰ বিকল্প নাই| সুৰক্ষিত ৰক্তৰ যথোপযুক্ত যোগান মাত্ৰ নিয়মিত স্বেচ্ছা ৰক্তদানৰ দ্বাৰাহে সম্ভৱ| বিশ্ব-স্বাস্থ্য সংস্থাই ২০২০ চনৰ ভিতৰত বিশ্বৰ সকলো ৰাষ্ট্ৰকে এশ শতাংশ স্বেচ্ছা ৰক্তদান নিশ্চিত কৰিবলৈ অনুৰোধ কৰিছে | আজিৰ তাৰিখত বিশ্বৰ মাত্ৰ ৬২ খন দেশেহে এশ শতাংশ স্বেচ্ছা ৰক্তদানৰ ব্যৱস্থা কৰিব পাৰিছে |
ভাৰতৰ দৰে ৪০ খন দেশ আজিও পৰিয়াল ৰক্তদাতা অথবা পেছাদাৰী ৰক্তদাতাৰ ওপৰত নিৰ্ভৰশীল| ভাৰতবৰ্ষত স্বেচ্ছীয় ৰক্তদানৰ পৰিমাণ প্ৰায় ৭৫ শতাংশ| অসমত মাত্ৰ ৪০ শতাংশ| এশ শতাংশ স্বেচ্ছা ৰক্তদানৰ পৰা আজিও আমি বহু নিলগত| কিন্তু ই যাদু সংখ্যা নহয়| আমাৰ ৰাজ্যখনৰ ৰক্তদান কৰিব পৰা উপযুক্ত জন্সংখ্যাৰ এক শতাংশইয়ো যদি বছৰত এবাৰকৈ স্বেচ্ছাই ৰক্তদান কৰে, আমি আমাৰ প্ৰয়োজনীয় সুৰক্ষিত ৰক্ত পাব পাৰো|
আজিকালি এজন ৰক্তদাতাই দান কৰা এক ইউনিট ৰক্তৰ পৰা লোহিত ৰক্ত কণিকা, শ্বেত ৰক্ত কণিকা, প্লেটলেট, প্লাজমা, এফ এফ পি আদি ৰক্তৰ উপাদন সমুহ বিজ্ঞানসন্মত ভাৱে পৃথক কৰিব পাৰি আৰু প্ৰয়োজন অনুযায়ী বিভিন্ন ৰোগীক দিব পাৰি| এজন সুস্বাস্থ্যৰ ব্যক্তি যাৰ বয়স ১৬ ৰ পৰা ৬০ বছৰ, ওজন ৪৫ কি: গ্ৰামতকৈ অধিক, ৰক্তচাপ (ডায়’ষ্টলিক ৭০-১০০ মি: মি: পাৰাস্তম্ভ আৰু চিষ্টোলিক ১০০-১৬০ মি: মি: পাৰাস্তম্ভৰ ভিতৰত), উষ্ণতা ৩৭.৫ চেলচিয়াছতকৈ কম, তেজত হিমোগ্ল’বিনৰ পৰিমাণ প্ৰতি ডেচিলিটাৰ ১২ গ্ৰামতকৈ অধিক আৰু কোনো ধৰণৰ ৰক্তেৰে সোঁচৰা ৰোগ নাথাকে, তেনে এজনে বছৰত তিনিবাৰকৈ শৰীৰৰ কোনো ক্ষতি নোহোৱাকৈ ৰক্তদান কৰিব পাৰে|