Breaking

জৰাগুৰিত গোলাঘাটৰ নাৰকীয় ঘটনাৰ বলি হোৱা মৃতকৰ আত্মাৰ সদগতিৰ অৰ্থে বন্তি প্ৰজ্বলন

0 49

গোলাঘাটত নৃশংস হত্যাকাণ্ডৰ বলি হোৱা অংকিতা ঘোষৰ পৰিয়ালৰ তিনি মৃতকৰ সদগতি কামনাৰে বৃহস্পতিবাৰে সন্ধিয়া অসমীয়া যুৱ মঞ্চৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগ ব্ৰহ্মপুত্ৰ অঞ্চলৰ ৰাইজৰ সহযোগত জৰাগুৰি চাৰিআলিত বন্তি প্ৰজ্বলন কাৰ্যসূচী অনুষ্ঠিত হয়।

যোৱা সোমবাৰে গোলাঘাটত একেটা পৰিয়ালৰে তিনিজন ব্যক্তিৰ লগত সংঘটিত হ’ল ভয়াৱহ কাণ্ড,একেটা পৰিয়ালৰে পিতৃ – মাতৃ আৰু জীয়াৰীক দাৰে ঘপিয়াই হত্যা কৰিলে নাজিবুল ৰহমান নামৰ এটা নৰ পিশাচে।

পিতৃ সঞ্জীৱ ঘোষ, মাতৃ জুনু ঘোষ আৰু জীয়াৰী সংঘমিত্ৰাক হত্যা কৰি ন-মহীয়া সন্তানক লৈ যায় হত্যাকাৰী জোঁৱায়েক নাজিবুৰ ৰহমানে৷ উক্ত মৰ্মন্তিক ঘটনাৰ বাবে বৃহস্পতি বাৰে মৃতকৰ আত্মাই যাতে সদগতি লাভ কৰে সেই উদেশ্যৰৰে ব্ৰহ্মপুত্ৰ অঞ্চলৰ জৰাগুৰিত বন্তি প্ৰজ্বলন কাৰ্যসূচী অনুষ্ঠিত হয়।

অসমীয়া যুৱ মঞ্চৰ গোলাঘাট জিলা সমিতিৰ সভাপতি পৰেশ হাজৰিকাই আঁত ধৰা কাৰ্যসূচীত ৰাইজৰ উপস্থিতিত বন্তি, ধূপ জ্বলাই আত্মাৰ চিৰশান্তি কামনা কৰে।ইয়াৰ পিছতে সমবেত সকলোৱে মৃতকৰ আত্মাৰ সদগতিৰ অৰ্থে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে।

উক্ত অনুষ্ঠানত অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক সঞ্জীৱ হাজৰিকা,গোলাঘাট জিলা সমিতিৰ প্ৰচাৰ সম্পাদক সঞ্জয় চক্ৰৱৰ্তী, সংবাদ কৰ্মীৰ লগতে শতাধিক স্থানীয় ৰাইজ উপস্থিত থাকে।

উল্লেখ্য যে হত্যাকাৰী নাজিবুল ৰহমানক ফাঁচী দিয়াৰ দাবীত হাতে হাতে প্লে কাৰ্ড লৈ প্ৰাই শতাধিক স্থানীয় ৰাইজে স্বতস্ফুত ভাৱে অনুষ্ঠানত অংশগ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.