Breaking

সাধাৰণ ভক্তৰ দৰেই পুৰীৰ ৰথযাত্ৰাত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ…

0 15

প্ৰতিবছৰেই আহাৰ মাহত অনুষ্ঠিত হয় ওড়িশাৰ পুৰীৰ ৰথযাত্ৰা৷ ভগৱান শ্ৰীকৃষ্ণ, বলোৰাম আৰু সুভদ্ৰাৰ প্ৰতিমূৰ্তি তিনিখন বিশাল ৰথত বহুৱাই জগন্নাথ মন্দিৰৰ পৰা গুণ্ডিচা মন্দিৰলৈ নিয়া হয়৷ গুণ্ডিচা মন্দিৰক ভগৱান শ্ৰীকৃষ্ণৰ মাহীয়েকৰ ঘৰ বুলি বিশ্বাস কৰা হয়৷ গুণ্ডিচা মন্দিৰত বিশ্ৰাম লৈ ভাতৃ-ভগ্নী সহিতে শ্ৰীকৃষ্ণ পুনৰ উভতি আহে জগন্নাথ মন্দিৰলৈ৷ এইবছৰ অহা ৭ জুলাইৰ পৰা আৰম্ভ হ’ব জগন্নাথ ৰথযাত্ৰা৷এইবাৰ ভগৱান জগন্নাথৰ ৰথযাত্ৰাত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে । অহা ৭ জুলাইত ৰথযাত্ৰাত অংশগ্ৰহণ কৰিব তেওঁ। ভাৰতৰ ৰাষ্ট্ৰপতি হোৱাৰ পূৰ্বে তেওঁ বহুবাৰ শ্ৰীমন্দিৰ দৰ্শন কৰিছিল।

সাধাৰণ মানুহৰ দৰেই তেওঁ শ্ৰীমন্দিৰৰ দক্ষিণ দুৱাৰৰ ওচৰৰ; ৰাণী ঘৰ মঠত বাস কৰে। তেওঁ মন্দিৰৰ ভিতৰত ২ৰ পৰা ৩ ঘণ্টা সময় কটায়। ৰাষ্ট্ৰপতি শ্ৰীমন্দিৰলৈ আহিব বুলি খবৰ পোৱাৰ লগে লগে তেওঁৰ পৰম্পৰাগত পুৰোহিতে (কৌলিকা পাণ্ডা) পুৰণি দিনৰ কথা মনত পেলায় ।তথ্য অনুসৰি ৬ জুলাইৰ পৰা ৯ জুলাইলৈ ওড়িশা ভ্ৰমণলৈ আহিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ । ৮ তাৰিখে ৰাষ্ট্ৰপতিয়ে মহাপ্ৰভুৰ ৰথ টানিব বুলি তথ্য প্ৰকাশ পালেও এতিয়াও সময়সূচী নিৰ্ধাৰণ কৰা হোৱা নাই ৷ভুৱনেশ্বৰ আৰু পুৰীৰ বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা আছে ৰাষ্ট্ৰপতিয়ে। সূচী অনুসৰি অহা ৬ জুলাইত পণ্ডিত উত্তলমণি গোপবন্ধু দাসৰ ৯৬ সংখ্যক মৃত্যু বাৰ্ষিকী স্মৰণ কৰা হ’ব জয়দেৱ ভৱনত৷ ইয়াত উপস্থিত থাকিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ। পিচদিনা হলি ট্ৰিনিটিৰ বাৰ্ষিক গাড়ী মহোৎসৱৰ বাবে পুৰীত উপস্থিত থাকিব তেওঁ। ৰাষ্ট্ৰপতিগৰাকীয়ে পুৰীত নিশা থাকি ৮ জুলাইত সাগৰৰ পাৰত প্ৰাতঃভ্ৰমণ কৰাৰ কথা, তাৰ পিচত তেওঁ ভুৱনেশ্বৰলৈ উভতি যাব।

Leave A Reply